এক্সৰ পৰা উপাৰ্জনৰ পথ মুকলি ইলন মাক্সৰ

বিশেষ বাৰ্তা, ১ অক্টোবৰ : ইলন মাস্কে জুলাই মাহত বিজ্ঞাপনৰ ৰাজহ সৃষ্টিকৰ্তা (Creator)ৰ সৈতে ভাগ-বতৰা কৰাৰ কথা কৈছিল। অৰ্থাৎ টুইটাৰত ভাল ফ’ল’ৱাৰ থকা লোকসকলে টেক্সট পোষ্টৰ জৰিয়তে উপাৰ্জন কৰিব পাৰে। বিজ্ঞাপনৰ পৰা পোৱা ৰাজহৰ কিছু অংশ কোম্পানীটোৱে সৃষ্টিকৰ্তাসকলক দিয়ে। ইফালে কোম্পানীটোৰ চিইঅ’ লিণ্ডা ইয়াকাৰিন’ই এক্স-প’ষ্টত কয় যে এডছ ৰেভিনিউ প্ৰগ্ৰেম আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে কোম্পানীটোৱে সৃষ্টিকৰ্তাসকলক ১৬৬ কোটি টকাতকৈ অধিক (প্ৰায় ২ কোটি ডলাৰ) প্ৰদান কৰিছে। Xৰ বিজ্ঞাপন ৰাজহ কাৰ্যসূচীয়ে যোগ্য সৃষ্টিকৰ্তাসকলক তেওঁলোকৰ বিষয়বস্তুৰ দ্বাৰা সৃষ্টি হোৱা ৰাজহৰ অংশ প্ৰদান কৰে। যেতিয়াই কোনো ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ পোষ্ট বা প্ৰফাইলত কোনো বিজ্ঞাপন দেখে, তেতিয়াই প্লেটফৰ্মে সেই ছাপৰ পৰা ৰাজহ আহৰণ কৰে আৰু এই ৰাজহৰ শতাংশ সৃষ্টিকৰ্তাসকলৰ সৈতে ভাগ কৰা হয়। কিন্তু এই ৰাজহ আদায়ৰ বাবে কেইটামান চৰ্ত আৰোপ কৰা হৈছে। সেই অনুসৰি আপোনাৰ একাউণ্টত ৫০০ সক্ৰিয় অনুসৰণকাৰী থাকিব লাগে। আপোনাৰ একাউণ্টত যোৱা ৩ মাহত ৫০ লাখতকৈ অধিক পোষ্ট ইম্প্ৰেছন থাকিব লাগিব (কেৱল পৰীক্ষিত একাউণ্টৰ পৰা পোৱা ইম্প্ৰেছনহে গণনা কৰা হ’ব) আপুনি এক্স প্ৰিমিয়াম বা টুইটাৰ ব্লুৰ ছাবস্ক্ৰাইব কৰিব লাগিব। যদি আপুনি এই সকলোবোৰ চৰ্ত পূৰণ কৰে তেন্তে আপুনিও টুইটাৰৰ পৰা উপাৰ্জন কৰিব পাৰিব। মন কৰিব, এডছ ৰাজহ কাৰ্যসূচী কেৱল ব্যক্তিগত একাউণ্টৰ বাবেহে। অতি সোনকালে টুইটাৰ ব্যৱহাৰকাৰীসকলে এই প্লেটফৰ্মত ভিডিঅ’ আৰু ভইচ কলৰ বিকল্প লাভ কৰিব। ইয়াৰ পিছত মাস্কে মানুহক পেমেণ্ট সম্পৰ্কীয় সেৱাৰ সুবিধাও দিব।

Featured