দুধনৈৰ ৰাজপথত বাইক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত ৰাজ্যজোৰা বাইক ৰেলী। পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ অভিনৱ প্ৰয়াসেৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি নিশা হেলমেট পৰিধান কৰি চলালে বাইক। ৰাজ্যৰ ভিতৰতে পথ দুৰ্ঘটনা সংঘটিত হোৱা জিলাসমূহৰ ভিতৰত গোৱালপাৰা জিলাও অন্যতম। সেয়ে পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাঁৱৰ পৰা আৰম্ভ ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলী আজি নিশা দুধনৈত উপস্থিত হয়। পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পথ সুৰক্ষাৰ বাবে ৰাজ্যজোৰা এই বাইক ৰেলী। বিশ্ব স্মৃতি দিৱস উপলক্ষে এই বাইক ৰেলী আজি দুধনৈৰ ফফলত উপস্থিত হয়। সন্ধিয়াৰ ভাগত মন্ত্ৰীগৰাকীয়ে নিজেই বাইক চলোৱা দেখিবলৈ পোৱা গ’ল৷ দুধনৈৰ ফফলত অনুষ্ঠিত হয় এখন সজাগতামূলক সভা৷ এই সভাত উপস্থিত থাকে পৰিবহণ মন্ত্ৰীগৰাকী৷ পথ দুৰ্ঘটনাত নিহত ব্যক্তিক শ্ৰদ্ধা নিবেদি সকলোকে পথ সুৰক্ষাৰ নীতিসমূহ মানি চলিবলৈ আৰু গতিবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰি নিজৰ লগতে আনৰো জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। এই বাইক ৰেলীয়ে ৰাজ্যখনত প্ৰায় ৩০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ মাজত পথ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰিব। এই সমগ্ৰ পথ যাত্ৰাত পৰিবহণ তথা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজে মটৰচাইকেল চলাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব। আজি নিশাটো গোৱালপাৰাত জিৰণি লৈ কাইলৈ পুনৰ মটৰচাইকেলেৰে যাত্ৰা আৰম্ভ কৰিব।

প্ৰেৰক বেনজিন বড়ো

Featured