অমুকটো কিয় নিলিখিলে?
এতিয়া মই যিকেইটা কথা লিখিবলৈ লৈছোঁ, সেইকেইটা কথা অন্ততঃ এতিয়া লিখাৰ ইচ্ছা মুঠেও নাছিল৷ ইচ্ছা আৰু পৰিকল্পনা দুয়োটা আছিল যোৱা ৬ জেনুৱাৰিত প্রকাশিত লেখাটোতে লিখিবলৈ৷ কিন্তু ঠায়ে নুকুলালে৷ সাধাৰণতে মই কিবা এটা বিষয়ত কিবা লিখাৰ আগেয়ে সেই বিষয়ত অন্তর্ভুক্ত কৰিবলগীয়া গুৰুত্বপূর্ণ আলোচ্য, আৰু বিচার্য্য অংশসমূহৰ এখন খচৰা তালিকা প্রস্তুত কৰি লওঁ৷ লেখাটো আগ বঢ়াৰ লগে লগে, সময়, পৰিস্থিতি, বিষয়ৰ দৈর্ঘ্য, প্রকাশনৰ পাতত ঠাই আদি দিশলৈ লক্ষ্য ৰাখি কোনোটো কথা আগ আৰু কোনোটো কথা পিছ কৰি গৈ থাকোঁ৷ এই প্রক্রিয়াত কেতিয়াবা কেতিয়াবা, বিশেষতঃ ঠাইৰ অভাৱলৈ চাই, দুই–চাৰিটা নিতান্ত গুৰুত্বপূর্ণ কথাও বাদ দিবলগীয়া হয়৷ কেতিয়াবা তেনেকুৱা ইটো–সিটো বিষয় স্থানান্তৰত বা কালান্তৰত অন্তর্ভুক্ত বা উল্লেখ কৰা হয় কোনোটো থাকি যায়৷ কিমান লিখিম? এনেয়েও মোৰ লেখাবোৰ দীঘল৷ তাকে লৈ মোৰ নিজৰ লগতে অনেক যুদ্ধ হৈ থাকে৷
৬ জেনুৱাৰিত প্রকাশিত,– ‘কেৰেলাৰ কথা ঃ ওলোটা নুবুজিলেই হ’ল’– শীর্ষক লেখাটোত অন্তর্ভুক্তিৰ বাবে তালিকাত থকা কিন্তু শেষত বাদ পৰি ৰোৱা বিষয়সমূহৰ অন্যতম প্রধান বিষয় আছিল (মুখ্য মন্ত্রী) তৰুণ গগৈৰ দ্বাৰা ৰাকেশ পালক অসম লোক সেৱা আয়োগৰ অধ্যক্ষ ৰূপে নিযুক্তি৷ একাধিক বিষয় বাদ পৰি ৰোৱাৰ কাৰণসমূহ ইতিমধ্যে উল্লেখ কৰিছোঁৱেই৷ কিন্তু দৰাচলতে, প্রথমতে তালিকাভুক্ত আটাইখিনি কথা উল্লেখ কৰিব পৰাহেঁতেনো বা কৰাৰ পাছতো আৰু বহুতো কথা থাকি গ’লহেঁতেন আৰু সদায় থাকি যাব সমস্ত কথা উল্লেখ কৰা কেতিয়াও সম্ভৱ নহয়৷ উক্ত লেখাটো প্রকাশিত হোৱাৰ দুদিনমান পাছলৈকে ভালেকেইগৰাকী লোকে ফৌন কৰি মোক সুধিছিল ৰাকেশ পালৰ কথাটো কিয় নিলিখিলোঁ বুলি৷ সেইটোনো ‘নিলিখা’ কথানে? মোৰ ক’বলগীয়াখিনি আটাইকে ক’লোঁ৷ কিন্তু, আৰু, তাৰ উপৰি, ৰাকেশ পালৰ বেলিকা মাথোন, পালক অধ্যক্ষ ৰূপে দিয়া নিযুক্তিটোৱেয় একমাত্র কথা নহয়৷ দৰাচলতে, পালৰ দৰে এজন ব্যক্তি, লোক সেৱা আয়োগৰ অধ্যক্ষ ৰূপে নিযুক্ত হোৱাৰ কথা দূৰতে থাওক, আয়োগৰ সদস্য হোৱাৰো জানো উপযুক্ত আছিল? সেই প্রথম নিযুক্তিৰ পদক্ষেপটোৱেয় জানো বিশেষ উদ্দেশ্য প্রণোদিত নাছিল? আৰু যদি এক বিশেষ বর্গৰপৰা নিযুক্তি দিবই লাগে, তেন্তে সেই বর্গতে জানো পালতকৈ অনেক গুণে উপযুক্ত আন অনেক লোক নাছিল? অধিক কি, মাথোন পালৰ বেলিকাতে নহয়, গগৈৰ আমোলত নিযুক্ত, আয়োগৰ অন্যান্য ভালেকেইগৰাকী সদস্যৰ বেলিকাও সেই প্রশ্ণবোধক চিহ্ণটো প্রযোজ্য৷ সেই কথা বিস্তৰ ৰূপত প্রমাণিত হৈ গৈছে৷ এই ক্ষেত্রত গগৈৰ ৰাজনৈতিক কপটালি প্রশ্ণাতীত৷
অসম লোক সেৱা আয়োগৰ সদস্য তথা অধ্যক্ষ নিযুক্তিত সিসৱৰ প্রশ্ণাতীত যোগ্যতাৰ দিশত প্রশ্ণৰ অৱকাশ তথা উত্থাপন কেৱল তৰুণ গগৈৰ আমোলৰ কথা নহয়৷ সেই আমোল আৰম্ভ হোৱাৰ বহু আগৰেপৰা, আয়োগত নিযুক্ত একাধিক সদস্য/অধ্যক্ষৰ প্রসংগত এই প্রশ্ণ উত্থাপিত হৈ গৈছে৷ সংবাদ মাধ্যমত আৰু ৰাইজৰ মাজত তেনে অনেক বিষয়ৰ ব্যাপক চর্চাও হৈ গৈছে৷ এইখিনিতে এটা অতি গুৰুত্বপূর্ণ প্রশ্ণ জড়িত হৈ আছে৷ কেন্দ্রীয় লোক সেৱা আয়োগ হওক কিম্বা কোনো ৰাজ্যৰে লোক সেৱা আয়োগ হওক, সিবিলাকে মাথোন সাধাৰণ প্রশাসনীয় সেৱা আৰু আৰক্ষী সেৱাত নিযুক্তিৰ বাবে উপযুক্ত প্রার্থীকে নির্বাচন আৰু অনুমোদন নকৰে গুৰুত্বপূর্ণ সকলো প্রকাৰৰ চৰকাৰী/ৰাজহুৱা/লোক সেৱাৰ বাবেই প্রার্থী নির্বাচন কৰি, নিযুক্তিৰ বাবে অনুমোদিত লোকৰ তালিকা সংশ্লিষ্ট চৰকাৰলৈ প্রেৰণ কৰে৷ এতেকে, যি কোনো লোক সেৱা আয়োগতে দুর্নীতিৰ বীজ সোমোৱা মানেই চৰকাৰী/ৰাজহুৱা প্রশাসন যন্ত্রটোৰ তথা সংশ্লিষ্ট লোক সমাজখনৰ ৰাজহাড়ডালত ঘুণে ধৰা আৰু সময়ত সেই ঘুণে ৰাজহাড়ডাল তথা কামিহাড়বোৰ মৰমৰকৈ ভাঙি পেলোৱা৷ সেয়ে, এখন লোক সেৱা আয়োগৰ অধ্যক্ষকে ধৰি সমূহ সদস্যৰ নিযুক্তিৰ ক্ষমতা যি কোনো পদবীধাৰী কেৱল এগৰাকী ব্যক্তিৰ হাতত ন্যস্ত থকাটো এটা মাৰাত্মক কথা৷ অসমত তাৰ প্রতিফলন মাথোন তৰুণ গগৈৰ দিনতে নহয়, হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত আদি একাধিক মুখ্য মন্ত্রীৰ দিনতে ঘটিছিল৷ মাথোন, তোষামোদপ্রিয় গগৈৰ বেলিকা, সেই প্রতিফলন অতি ব্যাপক আৰু স্পষ্ট ৰূপত ঘটিছিল, যিটোৱে অসমৰ জনজীৱনৰ বিভিন্ন ক্ষেত্রত ব্যাপক আৰু দীর্ঘস্থায়ী ক্ষতি সাধন কৰিলে৷ গতিকে, আয়োগৰ সদস্য/অধ্যক্ষ নিযুক্তিৰ সমগ্র প্রক্রিয়াটোৰ পুনৰীক্ষণ আৰু সংস্কাৰৰ উপৰি সমগ্র ব্যৱস্থাটোক এক স্বচ্ছতাৰ আশু প্রয়োজন৷ গগৈৰ আমোলত, আয়োগত নিযুক্তিৰ বাবে বিভিন্ন ব্যক্তিৰ দ্বাৰা আবেদন পত্র দাখিল তথা ভিন্ ভিন্ সূত্রৰ মাধ্যমত ব্যক্তিগত যোগাযোগ আদিৰ বিষয়ে সংবাদ মাধ্যমত হোৱা বিস্তৃত চর্চা অতি মনোকষ্টদায়ক আছিল৷ গগৈৰ ক্ষেত্রত উল্লেখ্য যে মাথোন লোক সেৱা আয়োগত নিযুক্তিৰ বেলিকাতে নহয়, অন্যান্য ভিন্ ভিন্ সমিতিৰ অধ্যক্ষ/অধ্যক্ষা আদিৰ নিযুক্তি তথা ইটো–সিটো বঁটাৰ বাবে প্রাপক নির্বাচনৰ বেলিকাও ব্যক্তিৰ প্রশ্ণাতীত যোগ্যতা আৰু প্রাসংগিকতাৰ ঠাইত সংকীর্ণ দলীয় ৰাজনৈতিক স্বার্থইহে অগ্রাধিকাৰ লাভ কৰিছিল৷ জাতিৰ সর্বতোপ্রকাৰৰ কল্যাণ আৰু উত্তৰোত্তৰ উন্নতিৰ বাবে অপৰিহার্য্য কিছুমান গুৰুত্বপূর্ণ দিশৰ প্রতি ইচ্ছাপূর্বকভাবে চকু মুদি থাকি ‘জাতীয়তাবাদ’ কৰা নাযায়৷ গগৈৰ মৃত্যু হোৱা ২৩ নৱেম্বৰ তাৰিখ আৰু তেখেতৰ শৱদেহৰ সৎকাৰৰ তাৰিখ ২৬ নৱেম্বৰৰ ভিতৰত আমাৰ অনেক ৰাজনৈতিক, ৰাজহুৱা, সামাজিক আদি ক্ষেত্রৰ ব্যক্তিৰ দৰেই, সংবাদ জগতৰো অনেকজন লেখত ল’বলগীয়া ব্যক্তিৰ উক্তিয়ে তেখেতসকলৰ কথাত সামঞ্জস্যহীনতা, অসন্তুলিত চিন্তা আৰু লুটি–বাগৰ মৰা স্বভাৱ স্পষ্টকৈ প্রতিফলিত হৈছিল৷
গগৈৰ ১৫ বছৰীয়া (অপ–)শাসন কালত গগৈয়ে লাচিত দিৱস, চ্যুকাফা দিৱস, চিলাৰায় দিৱস, সতী সাধনী দিৱস, জয়মতী দিৱস আদি বিভিন্ন বিশেষ দিৱসত অসমীয়া জাতিৰ তথা বিশেষ বিশেষ জনগোষ্ঠীৰ শৌর্য্য–বীর্য্য, ঐক্য, ত্যাগ, মহানতা আদিৰ বিষয়ে অনেক ফুলজাৰি মৰা কথা কোৱাৰ উপৰি ৰাজ্যৰ ঐতিহ্যপূর্ণ, গুৰুত্বপূর্ণ ঐতিহাসিক কীর্তিচিহ্ণসমূহ সুন্দৰকৈ সংৰক্ষিত কৰাৰ ফিতাহি মৰা কথাৰ বন্যা বোৱাইছিল৷ কিন্তু অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা অসংখ্য দৌল, পুখুৰী, শিলৰ সাঁকো, গড়, কাৰেং, খাৰঘৰ আদিৰ উপযুক্ত সংৰক্ষণৰ অর্থে গগৈ চৰকাৰে কার্য্যতঃ একো নকৰিলে৷ অনেক পুখুৰী পুতি লোকজনে বাৰী মাটি আৰু ধানৰ পথাৰ কৰিলে৷ অনা–সমীয়া বণিয়াই অলেখ গড় খান্দি, ভাঙি তাত ব্যৱসায়িক প্রতিষ্ঠান পাতিলে৷ মুলুকক স্বাধীন কৰি সার্বভৌম ৰাষ্ট্র কৰিবলৈ গৈ হাবিত কাহি ওলাই নহা অনেক ৰুদ্র বিপ্লৱীয়ে পাছত নেগুৰ পেলাই বশ্যতা স্বীকাৰ কৰি ৰাইজৰ ভাগ্যবিধাতা হৈ অনেকগৰাকী স্বর্গদেউ, অনেক আইকুঁৱৰী, ডা–ডাঙৰীয়া, বৰুৱা, বৰবৰুৱা, ফুকন, বৰফুকনৰ মৈদাম খান্দি ভাঙি হয় চাহ বাগিচা পাতিলে, নতুবা মৈদামৰ মাটিৰে নিজ নিজ ব্যৱসায় প্রতিষ্ঠা কৰিলে৷ বিখ্যাত বিখ্যাত পুখুৰীবোৰৰ চৌদিশে থকা বিজ্ঞানসন্মত যমুনাবোৰত কোনোবাই মীন পাম খুলিলে, কোনোবাই সেইবোৰ পুতি তাত চাহ–ভাতৰ দোকান, চাইকেল (বাইছিক্ল) মেৰামতিৰ কাৰখানা, গাহৰি মঙহ, কুকুৰাৰ মঙহ আৰু চালানী মাছৰ দোকান খুলিলে৷ দেৰগাঁও–ৰ নেঘেৰিটিং পাহাৰৰ ওপৰৰ শিৱদৌলৰ সন্মুখৰ পুখুৰীটোৰ পাৰত জেই ছী বী লগাই মাটি খঁকুৱা, মাছ খঁকুৱা শনাহীয়ে পৱিত্র পুখুৰীটোৰ এটা চুক খহাই পেলালে৷ সোণোৱাল চৰকাৰৰ আমোলতো সৌ সিদিনা কোনোবা পাপিষ্ঠ কুলাংগাৰে বুৰঞ্জীপ্রসিদ্ধ বগীদ’ল পুখুৰীৰ পাৰ জেই ছী বীৰে খহাই খাস্তাং কৰিলে৷
আন ঠাইৰ কথা বাদ, গগৈৰ গৃহ চহৰ, গৌৰীনাথ সিংহ স্বর্গদেউৰ দিনৰে পৰা আহোমৰ শেষ ৰাজধানী, এসময়ৰ মনোৰম যোৰহাট নগৰখনত থকা অলেখ ৰজাদিনীয়া পুখুৰী, মানুহে খন্দা ঐতিহাসিক ভোগদৈ নদী, সৰু–ডাঙৰ অনেক গড় আদিৰ দুৰৱস্থা দেখিলে বুকু ফাটি যায়৷ কোনো এটা বিশেষ দিনত এটা বিশেষ দিৱস উদ্যাপনৰ উদ্দেশ্যে কোনোবা এটা পুখুৰী পৰিষ্কাৰ কৰাই, তাৰ চৌপাশে পকী বেৰ দিয়াই শামিয়ানাৰ তলত সভা পাতি বত্তৃণতা আৰু প্রতিশ্রুতিৰ বন্যা বোৱাই চাহ–জলপান খোৱা প্লাস্তিকৰ পিয়লা আৰু থাল–বাটিৰে চৌদিশ জাতিষ্কাৰ কৰিবলৈ স্বাধীনতা দি স্থান ত্যাগ কৰাটোৱেয় ‘জাতীয়তাবাদ’ নহয়৷ গগৈৰ আমোলতে, যোৰহাটৰ ৰাজমাও পুখুৰী (বিষ্ণু সাগৰ/বৰপুখুৰী)ৰ পাৰত কুখ্যাত বণিয়া ধেলিয়াই মহাবীৰ লাচিত বৰফুকনৰ নামত এটা ঘোঁৰাৰ ওপৰত ১৮ ইঞ্চিমান ‘ওখ’, কার্তিকৰ এটা মূর্তি ‘প্রতিষ্ঠা’ কৰিবলৈ দুঃসাহস কৰিলে৷ মুখ্য মন্ত্রিত্ব শেষ হোৱাৰ পাছত, গগৈয়ে অখিল গগৈৰ মুক্তিৰ বাবে ‘জাতীয়তাবাদী’ ভূমিকা পালন কৰিছিল৷ কিন্তু তেখেতৰ আমোলতে, অখিল গগৈ আৰু অন্যান্যৰ তীব্র প্রতিবাদ সত্ত্বেও, গগৈৰ পৃষ্ঠপোষকতাতে বিখ্যাত ঐতিহাসিক মালৌ পথাৰত অনা–সমীয়া বণিয়া লোহিয়া, ভুৰাকিয়া আদিয়ে হাজাৰ হাজাৰ কোটি টকীয়া দে’ল্হী পাব্লিক্ (প্রাইৱেইট্) সূকল প্রতিষ্ঠা কৰি শিক্ষাৰ বাণিজ্যায়নৰ বিজয় ধ্বজা উৰুৱালে৷ স্বর্গদেউ পুৰন্দৰ সিংহ আৰু তস্য পুত্র যুৱৰাজ কামেশ্বৰ সিংহৰ যুৰীয়া মৈদাম থকা, যোৰহাটৰ বিখ্যাত ৰজামৈদাম অঞ্চলতে, বাংলাদেশী (অন্ততঃ পূর্ব বংগীয় মূলৰ) বুলি সততে অভিযুক্ত ‘লতিফ চাহেব’–এ এখন ‘লতিফ কল’নী’ পাতিলে গগৈৰ আমোলতে৷ এইগৰাকী লতিফকে এবাৰ যোৰহাটত গণৰাজ্য দিৱসৰ, নে, স্বাধীনতা দিৱসৰ চৰকাৰী কার্য্যসূচীত পৰম সাদৰে (‘সাদৰেৰে’ নহয়) আগ শাৰীত বহুওৱা (‘বহোৱা’ নহয়) হৈছিলগৈ৷ পিচে, লগে লগে, বাকচৰ বাতৰিত হায়ৌ–বিয়ৌ লগাতহে অন্য ব্যৱস্থা কৰা হ’ল৷ যোৰহাটৰ অস্থায়ী ৰাজহাউলিৰ প্রৱেশ দ্বাৰত কমলেশ্বৰ সিংহ স্বর্গদেৱে নির্মাণ কৰা ৰাজতোৰণখন, দুগদুগী নে থুৰীয়া, তাৰ একো ভু–ভটং নাপাই, তাক হাতুৰীৰে টঙনিয়াই টঙনিয়াই মাটিত মিলোৱা হ’ল, গগৈদেউ গৃহ মন্ত্রী তথা গড়কাপ্ঢানি মন্ত্রী হৈ থকা কালতে৷ এতিয়া সেই স্থানত থকা, শিলগুটি, ছীমে’ণ্ট–বালিৰে তৈয়াৰী ‘ৰাজতোৰণ’খন এক উপহাস৷ অ’ত ত’ত থকা বেছিভাগ দৌল–দেৱালয়, গৰখীয়া দৌল, থান আদিতে শেলুৱৈ আৰু আঁহত গছৰ ৰাজত্ব৷ যোৰহাটৰ টোকোলাই নদী এতিয়া বেছিভাগ ঠাইতে এটা নর্দমাৰ নামান্তৰ৷ অৱশ্যে যোৰহাট লোক সভা সমষ্টি তথা যোৰহাট বিধান সভা সমষ্টিৰ অন্তর্গত বিভিন্ন ঐতিহাসিক সম্পদৰ বর্তমান হূদয়বিদাৰক দুৰৱস্থাৰ বাবে মাথোন তৰুণ গগৈয়েয় দায়ী নহয় কম–বেছি পৰিমাণে, বিজয় কৃষ্ণ সন্দিকৈ, ৰাণা গোস্বামী, হিতেন্দ্র নাথ গোস্বামী আদিও দায়ী৷
চ্যুকাফা দিৱস, লাচিত দিৱস, জয়মতী দিৱস, চিলাৰায় দিৱস, সতী সাধনী দিৱস আদি অনুষ্ঠিত কৰা হয়, ভালৰে কথা৷ কিন্তু হিড়িম্বা দিৱস, ঘটোৎকচ দিৱস, বডোফা দিৱস, তুলাৰাম সেনাপতি দিৱস আদি অনুষ্ঠিত কৰা নহয় কিয়? কাৰণ, কাছাৰ অর্থাৎ উত্তৰ কাছাৰ (ডিমা হাছাও) সমন্বিতে বৰাক এতিয়া আৰু কছাৰী ৰাজ্য নহয়৷ তাত কছাৰী আৰু কছাৰী ভাষাৰ আজি একো মূল্য নাই৷ এতিয়া তাত পাতিব লাগিব ‘উদ্বাস্তু দিৱস’, ‘দেৱ দিৱস’, ‘ৰয় দিৱস’৷
গগৈৰ আমোলত হস্তিনাপুৰৰ ‘হাই কামাণ্ড’–ৰ অলিখিত, গোপন নির্দেশ অনুযায়ী, ব্রহ্মপুত্র উপত্যকাৰ কংগ্রে’ছীসকলৰ অনুশাসনৰ বাবে আছিল এটা নীতি আৰু ‘উদ্বাস্তু উপত্যকাৰ’ৰ কংগ্রে’ছীসকলৰ অনুশাসনৰ বাবে আছিল আন এটা নীতি (যি কয়, কৈ থাকক যি কৰে, কৰি থাকক ওভতগোৰে নাচে যদি, নাচি থাকিবলৈ দিয়ক, একো নকৰিব)৷ তাৰ ফলাফল হ’ল,– দলৰ আভ্যন্তৰীণ অনুশাসন আৰু প্রশাসন প্রায় শূন্য মাত্রালৈ অৱনমিত৷
গগৈৰ আমোলতে সংঘটিত হৈছিল গুৱাহাটীৰ সোণাপুৰৰ কুখ্যাত ‘যোগদল হত্যা কাণ্ড’, যি কাণ্ডত গগৈৰ নয়নৰ মণি স্বৰূপ এগৰাকী মন্ত্রী গভীৰভাবে জড়িত থকাৰ কথা লৈ সমগ্র ৰাজ্য বহু দিন উত্তপ্ত হৈ আছিল৷ গৃহ মন্ত্রী স্বৰূপে, বিষয়টোত গগৈৰ (গতানুগতিক) প্রতিক্রিয়া আছিল এক কাণ তাল মৰা নিস্তব্ধতা, নির্বিকাৰ আচৰণ (যেন ‘দোষী থাকিলে, পাৰাঁ যদি ধৰি আনি দিয়াঁ, আমি শাস্তি দিম নহয়’ যেনেকৈ– ‘ক’ত বাংলাদেশী আছে, দেখুৱাই দিয়াঁ’)৷ গগৈৰ আমোলত (অন্ততঃ মোৰ–) চকু কপালত তোলা অন্যতম প্রধান ঘটনা আছিল তেখেতে জনমাধ্যমত মুকলিকৈ দিয়া এটা স্বীকাৰোক্তি৷ উক্তিটোত গগৈয়ে তেখেতৰ মন্ত্রীসভাৰ এগৰাকী সদস্যৰ প্রসংগত কৈছিল যে সেইগৰাকী মন্ত্রীয়ে তেখেতৰ অনুমোদনৰ বাবে কিবা প্রস্তাৱ বা আঁচনি সম্বলিত কিবা নথি–পত্র নিলে তেখেতে প্রায়ে ভালকৈ নোচোৱাকৈয়ে তাত চহী কৰি দিছিল৷ সেইটো আছিল এটা মাৰাত্মক কথা, এটা ভয়ংকৰ ৰাজনৈতিক–প্রশাসনী অনীতি৷ দুগৰাকী ব্যক্তিৰ মাজৰ কিবা ব্যক্তিগত বিষয় বা লেন–দেনৰ কথা সুকীয়া৷ কিন্তু য’ত এগৰাকী মুখ্য মন্ত্রীৰ অনুমোদনসূচক বা নাকছকৰণসূচক এটা চহীৰ ওপৰত ৰাজ্যখনৰ সমগ্র জনসাধাৰণৰ জীৱনৰ বহু কথা নির্ভৰশীল, তেনেক্ষেত্রত এনে আচৰণ নিতান্ত দায়িত্বজ্ঞানহীন৷ এই কথাটোৰ বহল ব্যাখ্যাৰ প্রয়োজন নিশ্চয় নাই৷ কিন্তু মই অধিক হতভম্ব হৈছিলোঁ আন এটা কথাতহে৷ সাধাৰণতে ৰাজনীতিত চৰকাৰৰ যি কোনো সামান্য ত্রুটি এটা দেখিলেই বিৰোধী দলবোৰ জাঙুৰ খাই উঠে চৰকাৰক ব্যতিব্যস্ত কৰিব পৰাৰ একো সুৰুঙা এৰি নিদিয়ে৷ মোৰ দৃষ্টিত, চৰকাৰী কার্য্য পৰিচালনাৰ নীতিগত দিশত, গগৈৰ উল্লিখিত স্বীকাৰোক্তিটো, তেতিয়াৰ বিৰোধী দলসমূহে গগৈৰ পদত্যাগ দাবী কৰিব পৰাকৈ ঠাইতে আহি হাতত পৰা এটা সোণালী সুযোগ আছিল৷ কিন্তু সেইখিনি সময়ত তথা তাৰ পৰৱর্তী কালতো, বিৰোধী দলসমূহে সেই উক্তিটোক লৈ ‘ৰাজপথ উত্তাল কৰা’, ‘সদনত তোলপাৰ লগোৱা’, ‘ৰাজ্যৰ আকাশ–বতাহ কঁপাই তোলা’ একো এটা নকৰিলে ২০০৪ চনৰ স্বাধীনতা দিৱসৰ কার্য্যসূচীত ধেমাজিত ঘটা বোমা বিস্ফোৰণত জড়িত বুলি অভিযুক্ত তথা জল সম্পদ বিভাগৰ মথাউৰি নির্মাণ কেলেংকাৰীত জড়িত বুলিও অভিযুক্ত মন্ত্রীবিশেষৰ বেলিকাও গগৈ নির্বিকাৰ হৈয়ে থাকিল৷ এনেবোৰ আচৰণ জাতি, মাটি আৰু ভেটিৰ বাবে কল্যাণদায়ক বুলি অন্ততঃ মঞি মূঢ়মতিৰ মনে নধৰে৷
২০১৬ চনৰ বিধান সভা নির্বাচনৰ আগে আগে, জন মানসত, নির্বাচনত কংগ্রে’ছৰ পৰাজয় প্রায় নিশ্চিত হৈছিল৷ সেই কথাৰ সম্ভেদ গগৈয়েও নিশ্চয় পাইছিল৷ কিন্তু সম্ভাৱনা জয়ৰে থাকক বা পৰাজয়ৰে থাকক, নির্বাচনৰ মাথোন অলপ দিনৰ আগেয়ে বুজন পৰিমাণৰ ৰাজহুৱা ধনৰ শৰাধ কৰি গুৱাহাটীত, সম্পূর্ণ অনিশ্চিত মে’ট্র’ ৰেইলৱেইৰ আধাৰশিলা স্থাপনৰ কার্য্যসূচী অনুষ্ঠিত কৰাটো গগৈৰ কপট নির্বাচনবাজি নাছিলনে? তেতিয়াৰপৰা পাঁচ বছৰ হ’বৰ হ’ল৷ গুৱাহাটীৰ মে’ট্র’ ৰেইল গাড়ীৰ বর্তমান অৱস্থা কেনে?