নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ বোকোচাত উঠি কংগ্রেছৰ মহাজোঁট

বিজেপিক ৰোধৰ লক্ষ্যৰে একেখন মঞ্চত ছয় দল

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ অৱশেষত সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই বদৰুদ্দিন আজমলৰ বোকোচাত উঠি মহাজোঁট গঠন কৰিলে কংগ্রেছে৷ ছোনিয়া গান্ধীৰ দূত হিচাপে গুৱাহাটীত উপস্থিত হোৱা জ্যেষ্ঠ কংগ্রেছ নেতা তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক চত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিক, সম্পাদক ছাকিল আহমেদ খান আৰু নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ উপস্থিতিত মঙলবাৰে সন্ধিয়া মহানগৰীৰ ছয়মাইলস্থিত হোটেল পেলেচিয়াত আনুষ্ঠানিকভাৱে এই মহাজোঁট গঠন হয়৷ আসন্ন বিধানসভা নির্বাচনত বিজেপিক ৰোধৰ লক্ষ্যৰেই কংগ্রেছৰ নেতৃত্বত ৬টা দল ঐক্যবদ্ধ হয়৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত অংশীদাৰ হোৱা দলকেইটা হৈছে– এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চা৷ মন কৰিবলগীয়া এয়ে যে এ আই ইউ ডি এফৰে মিত্রতাক কেন্দ্র কৰি কংগ্রেছ দলে মাহৰ পাছত মাহ ধৰি লুকা–ভাকু খেলি আহিছিল৷

ইয়াৰ বিপৰীতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে এইবাৰ কংগ্রেছৰে তেওঁলোকৰ মিত্রতা ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰি অহাৰ লগতে নতুন দিল্লীত এ আই চি চিৰ নেতৃত্বৰ সৈতে আনুষ্ঠানিকভাৱে মিত্রতা সম্পন্ন কৰিব বুলি সংবাদ মাধ্যমৰ আগত বহুবাৰ মন্তব্য কৰিছিল৷ আজি এ আই ইউ ডি এফৰে আনুষ্ঠানিক মিত্রতা হোৱাৰ লগতে ৬ দলৰ মাজত হোৱা মহাজোঁটে আজমলে পূর্বৰে পৰা কৰি অহা মন্তব্যৰ সত্যতা প্রতিপন্ন কৰে৷ আনকি এইবাৰ আজমল দিল্লীলৈ গৈ মিত্রতা কৰাৰ পৰিৱর্তে শীর্ষ কংগ্রেছ নেতৃত্ব গুৱাহাটীলৈ আহিহে সেই বহুচর্চিত মিত্রতাক সাকাৰ ৰূপ দিয়ে৷ আজি সন্ধিয়াৰ ভাগত মহাজোঁটৰ অংশীদাৰ হোৱা ৬ দলৰ নেতৃত্বই সংবাদ মাধ্যমৰ মুখামুখি হৈ হাতত হাত ধৰি আনুষ্ঠানিক মিত্রতাৰ কথা প্রকাশ কৰে৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কয় যে অসমৰ অস্তিত্ব, সংস্কৃতি ৰক্ষা কৰিবৰ বাবে ৬টা ৰাজনৈতিক দল নিঃচর্তভাৱে একত্রিত হৈছে৷ অসমৰ জনতাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোক আগবাঢ়ি অহাৰ বাবে সিঙে ধন্যবাদ জ্ঞাপন কৰে৷ কোন মুখ্যমন্ত্রী হ’ব, কোন মন্ত্রী হ’ব, কোন বিধায়ক হ’ব, তাৰ বাবে এই ৬টা ৰাজনৈতিক দল একত্রিত হোৱা নাই৷ আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক উৎখাত কৰিবৰ বাবেহে, অসমক বচোৱাৰ বাবেহে একত্রিত হৈছে৷ আজি অসমৰ জনসাধাৰণে কংগ্রেছ আৰু সমভাবাপন্ন দলসমূহ ঐক্যবদ্ধ হোৱাটো বিচাৰিছে৷ অসমৰ জনসাধাৰণৰ আহ্বানৰ প্রতি সঁহাৰি জনায়েই তেওঁলোকে নিঃচর্তভাৱে একত্রিত হৈছে৷ তেওঁ লগতে অন্যান্য আঞ্চলিক দলসমূহকো এই ৬টা দলৰ দৰে নিঃচর্তভাৱে মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷ চত্তিশগড়ৰ মুখ্যমন্ত্রী তথা প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ পর্যবেক্ষক ভূপেশ ৱাঘালে ৰাজ্যখনত কংগ্রেছৰ নেতৃত্বত ৬টাকৈ ৰাজনৈতিক দল একত্রিত হোৱাটো এটা ডাঙৰ খবৰ বুলি উল্লেখ কৰি এই একত্রিত শক্তিয়ে আসন্ন নির্বাচনত বিজেপিক প্রতিহত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে৷ সেইদৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্রকাশ কৰা অনুসৰি বহুলানি আলোচনাৰ অন্তত আসন্ন বিধানসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজাৰ বাবে কংগ্রেছ–এ আই ইউ ডি এফ–চি পি আই–চি পি আই (এম)–চি পি আই (এম এল)–আঞ্চলিক গণ মর্চা ঐক্যবদ্ধ হৈছে৷

চি পি এমৰ দেৱেন ভট্টাচার্যই অসমৰ স্বার্থত, জনগণৰ স্বার্থত তেওঁলোক ঐক্যবদ্ধ হোৱা বুলি উল্লেখ কৰি কয় যে আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাটোৱেই তেওঁলোকৰ মৌলিক কাম৷ আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক সাংসদ অজিত কুমাৰ ভূঞাই আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে এই মহাজোঁট গঠন অসমৰ ৰাইজৰ দাবী, সময়ৰ দাবী৷ ৰাইজৰ দাবী আৰু সময়ৰ দাবীৰ প্রতি সঁহাৰি জনাই মহাজোঁট গঠনৰ বাবে কংগ্রেছে লোৱা উদ্যোগক আদৰণি জনাই তেওঁ কয় যে এতিয়া কমন মিনিমাম প্র’গ্রেমৰ অধীনত সকলোৱে একেলগে কাম কৰি আসন্ন বিধানসভা নির্বাচনত এই দলকেইটাই বিজেপিক প্রত্যাহ্বান জনাব পাৰিব৷ চি পি আইৰ মুনীন মহন্তয়ো আজিৰ দিনটো ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে কোন বিধায়ক হ’ব, সেয়া ডাঙৰ কথা নহয়৷ আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক অসমৰ পৰা উৎখাত কৰাটোহে মূল কথা৷ এ আই ইউ ডি এফৰ আমিনুল ইছলামে কয় যে বহু প্রতীক্ষাৰ পাছত আজি ৬টা ৰাজনৈতিক দল একমতত উপনীত হ’ব পাৰিছে৷ এই ৬ দলৰ যুটীয়া প্রচেষ্টাৰে বিজেপিক উৎখাত কৰি অসম আৰু অসমীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব৷ চি পি আই (এম এল)ৰ ৰাজ্যিক কমিটীৰ সম্পাদক ৰুবুল শর্মাই অনাগত দিনত এই ৬টা দলে একগোট হৈ বিজেপিক উৎখাত কৰিব বুলি মন্তব্য কৰে৷

ইফালে মহাজোঁট গঠনৰ পাছতেই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলকো মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷ ইপিনে আজি দিনৰ ভাগত দলৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত এখন কর্মীসভা অনুষ্ঠিত হয়৷ উক্ত কর্মীসভাত হাইলাকান্দি জিলা কংগ্রেছৰ সভাপতি জয়নাল উদ্দিন লস্কৰ, ধুবুৰী জিলা কংগ্রেছৰ সভাপতি উত্তম সৰকাৰে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাক লৈ চলি থকা চর্চা সম্পর্কত দলৰ কেন্দ্রীয় নেতৃত্বক অচিৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়৷ মূলতঃ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বিভিন্ন সমষ্টিলৈ গৈ কংগ্রেছৰে তেওঁলোকৰ মিত্রতা হৈছে আৰু নির্দিষ্ট কেতবোৰ সমষ্টি তেওঁলোকক এৰি দিয়া বুলি চলোৱা প্রচাৰত দলীয় কর্মীসকল হতাশ হৈছে বুলি ব্যক্ত কৰে৷ সেইদৰে শিৱসাগৰ জিলা কংগ্রেছৰ সভাপতি সুশান্ত বৰগোহাঁই, নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱে আসন্ন নির্বাচনত যোগ্যজনকহে দলীয় প্রার্থিত্ব দিয়াৰ প্রসংগ উত্থাপন কৰি তেতিয়াহে ৰাজ্যত কংগ্রেছৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে৷ ইয়াৰ বাবে তেওঁলোকে এ আই চি চিক ছার্ভে চলোৱাৰো আহ্বান জনায়৷

উক্ত কর্মী সমাৰোহখনত ভাষণ দি চত্তিশগড়ৰ মুখ্যমন্ত্রী তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক ভূপেশ ৱাঘালে কয় যে নির্বাচন চমু চাপি আহিছে৷ সেয়ে দলৰ প্রতিগৰাকী নেতা–কর্মীকে এই সময়ছোৱাত পোলিং বুথলৈ যোৱাৰ আহ্বান জনায়৷ বর্তমানৰ বিজেপি চৰকাৰখনে ইংৰাজৰ নিয়ম–নীতি মতেই শাসনভাৰ চলাই আহিছে বুলিও তেওঁ ক্ষুৰধাৰ সমালোচনা কৰি প্রতিগৰাকী নেতা–কর্মীকে যুঁজা আৰু জয়ী হোৱাৰ সংকল্পৰে কর্মক্ষেত্রত নামি পৰিবলৈ পৰামর্শ দিয়ে৷ সেইদৰে আন এগৰাকী পর্যবেক্ষক মুকুল ৱাছনিকে প্রধানমন্ত্রী নৰেন্দ্র মোদীক তীব্র কটাক্ষ কৰি কয় যে ২০১৪ চনৰ পৰা দেশবাসীয়ে নেতা নাপালে, অভিনেতাহে পালে৷ নায়ক নাপালে, খলনায়কহে পালে৷ অসমত আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক উৎখাত কৰি কংগ্রেছৰ চৰকাৰ কৰিবলৈ হ’লে নির্বাচন পর্যন্ত প্রতিদিনে কংগ্রেছ কর্মীসকলে জনসম্পর্ক বৃদ্ধি কৰিব লাগিব৷ ইয়াৰ বাবে সকলোৱে অধিক পৰিশ্রম কৰিব লাগিব৷ দলক সময় দিব নোৱাৰা নেতাসকলক তেওঁ দায়িত্বভাৰ এৰাৰো পৰামর্শ আগবঢ়ায়৷ প্রদেশ কংগ্রেছৰ আন এগৰাকী পর্যবেক্ষক ছাকিল আহমেদ খানে ভাষণত কয় যে অসমত কংগ্রেছৰ চৰকাৰ কৰিব লাগিলে প্রত্যেকেই দলীয় অনুশাসন কঠোৰভাৱে মানিব লাগিব৷

সেইদৰে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে ভাষণত প্রতিগৰাকী কংগ্রেছ কর্মী আজিৰে পৰা ঘৰে ঘৰে গৈ কংগ্রেছৰ ১৫ বছৰীয়া শাসনকালত কৰা কাম–কাজ প্রচাৰ কৰাৰ আহ্বান জনায়৷ বর্তমানৰ বিজেপি চৰকাৰখনে বিভিন্ন আঁচনিৰ জৰিয়তে ভোট ক্রয়ৰ যি চেষ্টা কৰিছে, সেয়া কংগ্রেছ কর্মীসকলে ৰাইজৰ ঘৰে ঘৰে গৈ বুজাব লাগিব৷ অসমত এইবাৰ কংগ্রেছৰ চৰকাৰ এহাজাৰ শতাংশ নিশ্চিত বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ জনসাধাৰণ এতিয়া নির্বাচনৰ অপেক্ষাত আছে৷ আসন্ন নির্বাচনৰ জৰিয়তে জনসাধাৰণে বর্তমানৰ চৰকাৰখনক ওফৰোৱাৰ বাবে সাজু হৈ আছে৷ কংগ্রেছে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগিব৷ আজিৰ এই অনুষ্ঠানতেই প্রাক্তন বিজেপি নেত্রী মীৰা বৰঠাকুৰ, অগপৰ মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা ভাৰতী শইকীয়াই আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে৷

You might also like