নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগ বিহুৰ পূর্বে ৰাজ্যত বিধানসভা নির্বাচনৰ পোষকতা

ৰাজনৈতিক দলৰে নির্বাচন আয়োগৰ বৈঠক

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচন ব’হাগ বিহুৰ পূর্বে অনুষ্ঠিত কৰাৰ পোষকতা কৰিলে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে৷ মঙলবাৰে হোটেল ৰেডিছন ব্লুত ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে অনুষ্ঠিত হোৱা এক গুৰুত্বপূর্ণ বৈঠকত বিহুৰ পূর্বেই নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তাৱ দিয়ে বিজেপি, কংগ্রেছ, অগপ, এ আই ইউ ডি এফ, বাঁওদলকে ধৰি প্রধান ৰাজনৈতিক দলসমূহে৷ উল্লেখ্য যে তিনিদিনীয়া কার্যসূচীৰে অসমলৈ অহা দেশৰ মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু আয়ুক্তদ্বয় ক্রমে সুশীল চন্দ্রা আৰু ৰাজীৱ কুমাৰে আজি ৰাজ্যৰ ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে আগন্তুক নির্বাচন সম্পর্কত বিভিন্ন দিশ আলোচনা কৰে৷ এই আলোচনাকালতেই বিজেপিয়ে ৰাজ্যত তিনিটা পর্যায়ত ব’হাগ বিহুৰ পূর্বেই নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে৷ শাসকীয় দলটোৰ হৈ উপস্থিত থকা দলৰ উপ–সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু স্বপ্ণনীল বৰুৱাই তিনিটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ দাবীৰ লগতে নতুনকৈ সংযোজিত হোৱা ৫ লাখ ভোটাৰক ভোটাৰ কার্ড দিয়াৰ দাবী উত্থাপন কৰে৷ তদুপৰি নির্বাচনত ক’ভিড প্রট’কল কেনেধৰণৰ হ’ব সেয়া আগতীয়াকৈ জনোৱাৰ বাবেও আয়োগৰ ওচৰত দাবী তোলে৷

ইফালে, অগপৰ হৈ বৈঠকত উপস্থিত থকা দলৰ সাধাৰণ সম্পাদকদ্বয় ক্রমে কমলা কলিতা আৰু ৰমেন্দ্র নাৰায়ণ কলিতাই দুটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ অগপই এইবাৰ ভোটগ্রহণ কেন্দ্র বৃদ্ধিৰ বাবেও দাবী তোলে৷ প্রদেশ কংগ্রেছৰ প্রতিনিধিয়েও আজি বৈঠকত উপস্থিত থাকি ব’হাগ বিহুৰ পূর্বে তিনিটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ ইফালে, এ আই ইউ ডি এফেও দুটা পর্যায়ত ব’হাগ বিহুৰ পূর্বেও নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তাৱ দিয়ে নির্বাচন আয়োগক৷ দলটোৱে আজি ‘ডি’ ভোটাৰৰ সমস্যা সমাধানৰ বাবে আয়োগৰ ওচৰত দাবী তোলাৰ লগতে প্রতিটো ভোটগ্রহণ কেন্দ্রত ভিডিঅ’ কেমেৰা সংযোগ কৰাৰ বাবেও প্রস্তাৱ আগবঢ়ায়৷ তদুপৰি ভোটদানৰ সময় বৃদ্ধিৰ কথা উল্লেখ কৰে এ আই ইউ ডি এফে৷ উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্তই কাইলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব, গৃহ সচিব, আৰক্ষী সঞ্চালকপ্রধানৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আন এক আলোচনাত মিলিত হ’ব৷

You might also like