বিশেষ লেখা : ছাদুল্লাৰ দাবী পক্ষপাতদুষ্ট : মেধিৰ প্রত্যুত্তৰ

ধ্রুৱ মহন্ত

মৌলবী চৈয়দ মহম্মদ ছাদুল্লাৰ উৎকট মুছলিমপ্রীতি আৰু প্রার্থিত্ব প্রসংগত বিভিন্ন অবান্তৰ দাবীৰ বিপৰীতে তদানীন্তন মুখ্যমন্ত্রী বিষুৰাম মেধিয়ে বিতং তথ্যসহ ছাদুল্লাৰ চকুত আঙুলি থৈ দেখুৱাই দিছিল তেওঁ উত্থাপন কৰা দাবীসমূহৰ ভিত্তিহীনতা আৰু অপ্রাসংগিকতা৷ ১৯৫১ চনৰ ১০ অক্টোবৰত চৈয়দ ছাদুল্লালৈ লিখা এক ‘ব্যক্তিগত আৰু গোপনীয়’ পত্রত মুখ্যমন্ত্রী মেধিয়ে ছাদুল্লাৰ এনে দাবীক বিসংগতিপূর্ণ আৰু পক্ষপাতদুষ্ট বুলিও অভিহিত কৰিছিল৷

চৈয়দ ছাদুল্লাৰ দাবীৰ ভিত্তিহীনতাক উদঙাই দি বিভিন্ন সমষ্টিৰ জনগাঁথনিৰ বিতং তথ্যৰ উল্লেখ কৰি মুখ্যমন্ত্রী মেধিয়ে পত্রখনত লিখিছিল – ‘ইতিমধ্যে সংঘটিত হৈ যোৱা সাম্প্রদায়িক অশান্তিৰ পিছত গোৱালপাৰা জিলাত জনজাতি আৰু মুছলিমৰ পৰিৱর্তিত জনগাঁথনিৰ পটভূমি গোৱালপাৰা তথা উত্তৰ শালমাৰা সমষ্টিত মুছলিম প্রার্থী বিজয়ী হোৱাৰ ন্যূনতম সম্ভাৱনাও নাই৷ গোৱালপাৰা সমষ্টিত জনজাতি ভোটাৰৰ সংখ্যা সর্বাধিক ৩৭,৬১৬জন হোৱাৰ বিপৰীতে মুছলিম ভোটাৰৰ সংখ্যা ২৭,৯২৮জন৷ সমষ্টিটোত ১৯,৫৭১জন সাধাৰণ ভোটাৰৰ লগত জনজাতি ভোটাৰৰ সংখ্যা যোগ দিলে মুছলিম প্রার্থী পৰাজিত হোৱাটো তেনেই নিশ্চিত৷ তদুপৰি মুছলিম ভোটাৰসকলৰ বৃহৎসংখ্যক মহিলা ভোটাৰ এতিয়াও জিলাখনলৈ উভতি অহা নাই৷ এনেক্ষেত্রত মুছলিম প্রার্থী থিয় কৰালে সমষ্টিটোত ট্ৰাইবেল লীগৰ প্রার্থীৰ হাতত কংগ্রেছ প্রার্থী পৰাজিত হোৱাৰহে পূর্ণ সম্ভাৱনা আছে৷ একেদৰে উত্তৰ শালমাৰা সমষ্টিত ২১,৪৭৪জন সাধাৰণ ভোটাৰৰ বিপৰীতে মুছলিম ভোটাৰ ২০,৯২৮জন, অনুসূচিত জাতিৰ ভোটাৰ ২,৪৫২জন আৰু জনজাতি ভোটাৰ ১,৫৮১জন৷ এনেক্ষেত্রত সমষ্টিটোত কংগ্রেছে মুছলিম প্রার্থী থিয় কৰালে বিজয়ৰ কোনো সম্ভাৱনাই নাই৷ বৰং এনে পদক্ষেপে কংগ্রেছৰ জনপ্রিয়তা ব্যাপকভাৱে হ্রাস কৰাৰ লগতে আন দলৰ প্রার্থীৰ বিজয়ৰ সম্ভাৱনাহে উজ্জ্বল কৰি তুলিব৷ ফলত এই দুয়োটা সমষ্টিত ট্ৰাইবেল লীগ আৰু অন্যান্য কংগ্রেছবিৰোধী দলৰ প্রার্থীকহে বিজয়ৰ সুযোগ প্রদান কৰিব৷’ (উৎসঃ প্রধানমন্ত্রীৰ সংগ্রহালয়)

ৰাজ্যৰ অন্যান্য জিলাৰ বিভিন্ন সমষ্টিতো চৈয়দ ছাদুল্লাই মুছলিম প্রার্থী থিয় কৰোৱাৰ বাবে জনোৱা দাবীক নস্যাৎ কৰি মুখ্যমন্ত্রী বিষুৰাম মেধিয়ে পত্রখনত লিখিছিল– ‘উত্তৰ লখিমপুৰ দুজনীয়া সমষ্টিত মুঠ ভোটাৰ ৮৬,৮৬৭জন হোৱাৰ বিপৰীতে মুছলিম ভোটাৰ মাত্র ৩,৫৩৭জন, অনুসূচিত জাতিৰ ভোটাৰ ৩,৮৫০জন আৰু অনুসূচিত জনজাতি ভোটাৰ ২১,৭৯৩জন (যি সংখ্যা মুছলিম ভোটাৰৰ প্রায় ছগুণ)৷ এনেক্ষেত্রত এই সমষ্টিত মুছলিম প্রার্থী থিয় কৰোৱাৰ দাবীটোৱেই অবান্তৰ৷ বিহপুৰীয়া সমষ্টিত মুছলিম ভোটাৰৰ সংখ্যা মুঠ ভোটাৰৰ মাত্র ১৬ শতাংশ৷ তেনেক্ষেত্রত কংগ্রেছৰ টিকটত মুছলিম প্রার্থী থিয় কৰাই জয়ী কৰাই অনাৰ ন্যূনতম সম্ভাৱনাও নাই৷ তদুপৰি সমষ্টিটোত দুজন বিশিষ্ট জ্যেষ্ঠ কংগ্রেছী নেতা প্রার্থিত্বপ্রত্যাশী৷ সেয়ে তেওঁলোকক উপেক্ষা কৰি এজন কনিষ্ঠ মুছলিম প্রার্থী থিয় কৰোৱাৰ প্রশ্নই উত্থাপিত নহয়৷’

‘মুছলিম লীগ’ এৰি কংগ্রেছলৈ অহাৰ পিছতো ছাদুল্লাই পোষণ কৰা উগ্র সাম্প্রদায়িক মনোভাবক প্রত্যাহ্বান জনাই মুখ্যমন্ত্রী মেধিয়ে পত্রখনত আৰু লিখিছিল– ‘বৰপেটা জিলা কংগ্রেছে তাৰাবাৰী আৰু পশ্চিম বৰপেটা সমষ্টিৰ বাবে মুছলিম প্রার্থী প্রক্ষেপ কৰাৰ পিছতো সৰভোগ সমষ্টিতো মুছলিম প্রার্থী থিয় কৰোৱাৰ দাবী উত্থাপন কৰা হৈছে৷ কিন্তু সৰভোগ সমষ্টিৰ মুঠ ভোটাৰ ৪৯,২৪৭জন হোৱাৰ বিপৰীতে ইয়াৰ সাধাৰণ ভোটাৰ ১৯,৩৯০জন, মুছলিম ভোটাৰ ২১,৪২৫জন, অনুসূচিত জাতিৰ ভোটাৰ ৬৮০জন আৰু অনুসূচিত জনজাতি ভোটাৰ ৭,৭৫২জন৷ সাম্প্রদায়িক উত্তেজনাৰ সময়ছোৱাত এই সমষ্টিটোৰ বহু মুছলিম লোক অন্য ঠাইলৈ আঁতৰি গৈছিল আৰু ইয়াৰে বৃহৎসংখ্যক মহিলা ভোটাৰ এতিয়াও উভতি অহা নাই৷ সমষ্টিটোত হিন্দু, জনজাতি আৰু অনুসূচিত জাতিৰ মুঠ ভোটাৰৰ সংখ্যা ২৭,৭২৫জন৷ তেনেক্ষেত্রত সমষ্টিটোত কংগ্রেছে এজন মুছলিম প্রার্থী থিয় কৰালে এয়া হিতে বিপৰীতহে হ’ব৷ কংগ্রেছবিৰোধী দলসমূহে নিশ্চিতভাৱে এই পৰিস্থিতিৰ সুযোগ ল’ব আৰু এই সমষ্টিটোৰ লগতে বৰপেটা উত্তৰ–পূব দুয়োটা সমষ্টিতে কংগ্রেছ প্রার্থীৰ বিজয়ৰ সম্ভাৱনা বাৰুকৈয়ে বিঘ্নিত কৰিব৷ বৰপেটা মহকুমাৰ মুঠ ভোটাৰৰ সংখ্যা ২,২৮,০৫৯জন হোৱাৰ বিপৰীতে মুছলিম ভোটাৰৰ সংখ্যা ১,০৬,১৪৪জন৷ মহকুমাটোত পাঁচটা বিধানসভা সমষ্টিৰ এটা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে বাকী চাৰিটা সমষ্টিৰ ভিতৰত দুটাতকৈ অধিক সমষ্টিত মুছলিম প্রার্থী থিয় কৰোৱাটো কোনোপধ্যেই সম্ভৱ নহয়৷’ (উৎসঃ প্রধানমন্ত্রীৰ সংগ্রহালয়)

গুৱাহাটীতো মুছলিম প্রার্থী থিয় কৰোৱাৰ বাবে ছাদুল্লাই তোলা দাবীক অবাঞ্ছিত আখ্যা দি পত্রখনত বিষুৰাম মেধিয়ে লিখিছিল – ‘গুৱাহাটী মহকুমাত মুছলিম প্রার্থী থিয় কৰোৱাৰ দাবীক কোনো পৰিস্থিতিতে মান্যতা দিব নোৱাৰি৷ কমলপুৰ সমষ্টিত দুজন মুছলিম প্রার্থীয়ে প্রার্থিত্ব বিচাৰি আবেদন জনাইছে যদিও সমষ্টিটোৰ ৩৫,৮৪৭জন ভোটাৰৰ মাত্র ৭,০২৬জনহে মুছলিম ভোটাৰ৷ এনে পৰিস্থিতিত কংগ্রেছে সমষ্টিটোত মুছলিম প্রার্থী থিয় কৰালে আন দলবোৰে সুযোগ লোৱাটো তেনেই নিশ্চিত আৰু ফলত সমষ্টিটোত কংগ্রেছৰ পৰাজয় অৱধাৰিত হৈ পৰিব৷ নগাঁৱৰ মুঠ জনসংখ্যাৰ প্রায় ৫০ শতাংশ মুছলিম বুলি দাবী কৰি জিলাখনৰ সাতটা সমষ্টিৰ কমেও তিনিখন আসনত মুছলিম প্রার্থী থিয় কৰোৱাৰ বাবে তোলা দাবী মুঠেও তথ্যভিত্তিক নহয়৷ প্রকৃততে ১৯৪১ চনৰ লোকপিয়ল মতে, নগাঁৱৰ মুছলিম জনসংখ্যা ৩১.১৮ শতাংশহে৷ জিলাখনৰ মুঠ জনসংখ্যা ৭,১০,৮০০জন হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা ২,৫০,১১৩জন৷ তদুপৰি শেহতীয়াকৈ জিলাখনলৈ বহুসংখ্যক হিন্দু শৰণার্থীৰ প্রব্রজন ঘটাৰ পিছত নিশ্চিতভাৱে মুছলিম জনসংখ্যাৰ হাৰ যথেষ্ট হ্রাসহে পাইছে৷ ভোটদাতাৰ তথ্যৰ আধাৰতো এই প্রার্থিত্বৰ দাবী বাস্তৱসন্মত নহয়৷ জিলাখনৰ মুঠ ভোটাৰ ৩,৬১,৩০০জন হোৱাৰ বিপৰীতে মুছলিম ভোটাৰ ১,২৬,৭৪৮জন, যি মুঠ ভোটদাতাৰ প্রায় ৩৫ শতাংশহে৷ এনেক্ষেত্রত নগাঁৱত কোনো পৰিস্থিতিতে দুখনতকৈ অধিক আসনত মুছলিম প্রার্থী থিয় কৰাব নোৱাৰি৷’

ছাদুল্লাক তথ্য আৰু যুক্তিৰ আধাৰত প্রার্থিত্বৰ দাবী উত্থাপনৰ পৰামর্শ দি পত্রখনত মুখ্যমন্ত্রী মেধিয়ে আৰু লিখিছিল – ‘এই কথা মনত ৰখা ভাল যে ৰাজ্যৰ ৯খন বিধানসভা আসনতহে মুছলিম ভোটাৰৰ একক সংখ্যাগৰিষ্ঠতা আছে৷ এটা সমষ্টিত অৱশ্যে মুছলিম ভোটাৰৰ সংখ্যা একক সংখ্যাগৰিষ্ঠতাতকৈ ৯৫টাহে কম৷ এই ১০টা সমষ্টিত কংগ্রেছে মুছলিম প্রার্থী থিয় কৰোৱাৰ উপৰি আন চাৰিটা সমষ্টিত মুছলিম প্রার্থী বাছনি কৰা হৈছে, য’ত মুছলিম ভোটাৰৰ সংখ্যা সংখ্যাগৰিষ্ঠ নহ’লেও ৩৪ শতাংশৰ পৰা ৪৪ শতাংশ৷ মই ভাবোঁ এই ১৪টা সমষ্টিৰ কমেও তিনিটা সমষ্টিত আমাৰ পৰাজয়ৰ আশংকা আছে৷ এনেক্ষেত্রত আৰু অধিক সমষ্টিত মুছলিম প্রার্থী থিয় কৰাই আমি নির্বাচনত পৰাজয়ক আমন্ত্রণ জনাই অনাটো উচিত হ’বনে? মই ভাবোঁ– এনে পদক্ষেপেৰে অধিকসংখ্যক মুছলিম প্রার্থী থিয় কৰাবলৈ গৈ আমি এনেবোৰ সমষ্টি কার্যতঃ বিৰোধী দলক উপহাৰ দিয়াৰ দৰেহে হ’ব৷’ (উৎসঃ প্রধানমন্ত্রীৰ সংগ্রহালয়)

Featured