ছামিৰ ভয়ত কম্পমান কেংগাৰু বাহিনী

বিশেষ বাৰ্তা, ১৯ নৱেম্বৰ : চলিত বিশ্বকাপত টীম ইণ্ডিয়াৰ বিজয় ৰথ আজিও অব্যাহত ৰখাৰ লক্ষ্যৰে নামিব ৰোহিত বাহিনী৷ ফাইনেলত ভাৰতৰ প্রতিপক্ষ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়া৷ অৱশ্যে ৰোহিত শর্মাৰ নেতৃত্বত এইবাৰ দুৰন্ত ছন্দত আছে ভাৰত৷ বিশেষকৈ মহম্মদ ছামিৰ প্রদর্শনে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ তেওঁৰ বিধ্বংসী বলিঙে কঁপাইছে অষ্ট্রেলিয়াৰ বেটাৰসকলক৷ সেই কথা মেগা ফাইনেলৰ পূর্বে স্বীকাৰ কৰিলে অধিনায়ক পেট কমিনছে৷ সংবাদ মেলত কামিনছে কয়– ভাৰতীয় ক্রিকেটাৰসকলে প্রতিটো বিভাগতে দুর্দান্ত প্রদর্শন দাঙি ধৰিছে৷ কিন্তু মহম্মদ ছামিৰ নাম বিশেষভাৱে ল’বই লাগিব৷ তেওঁ বিশ্বমানৰ বলাৰ৷ সেইবাবে ছামি অষ্ট্রেলিয়া দলৰ বাবে বৃহৎ প্রত্যাহ্বান হ’ব৷ ফর্মত থকা ছামিয়ে আমাক ভীতিগ্রস্ত কৰিছে৷ সেই কথা মানি ল’বই লাগিব৷ ছামিৰ উপৰি অন্য কোন ক্রিকেটাৰক লৈ চিন্তিত বুলি সোধা প্রশ্ণৰ উত্তৰত কামিনছে কয়– সমগ্র দলটোৱেই অসাধাৰণ৷ তেওঁলোকে পাঁচগৰাকী বলাৰকে প্রতিখন মেচত ১০ অ’ভাৰ বলিং কৰাইছে৷ দলৰ স্পিনাৰসকলেও মাজৰ অ’ভাৰসমূহত সুন্দৰ প্রদর্শন দাঙি ধৰিছে৷ কুলদীপ আৰু জাদেজাই অসাধাৰণ প্রদর্শনেৰে দলক গতি প্রদান কৰিছে৷ ভাৰতৰ প্রতিখন মেচতে বলাৰৰ আধিপত্য দেখা গৈছে৷ উল্লেখ্য যে ছয়খন মেচ খেলি তিনিখন মেচতে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰা ছামিয়ে ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৫৭ ৰানত ৭টা উইকেট দখল কৰিছে৷ ফলত তেওঁ এই পর্যন্ত মুঠ ২৩টা উইকেটেৰে শীর্ষস্থানত আছে৷

Featured