নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰচীয়া কুকুৰাৰ মাংস

বহু লোকে কুকুৰা ঘৰতে পোহে৷ সিহঁতক সম্পূর্ণভাৱে স্বাধীনতা দি বাৰী ঘৰে এৰি দিয়ে৷ য’তে যি পায় তাকে খায়৷ সন্মুখত দেখা পোৱা ডাঙৰ ডাঙৰ পোক–পৰুৱা, কেঁচু, শামুকৰ খোলা–ভাঙি বাহিৰ হোৱা বিজলীয়া পদার্থসমূহ ঘৰচীয়া কুকুৰাৰ পৰম খাদ্য৷ তদুপৰি গৃহস্থৰ ৰৈ যোৱা ভাত, দাইল আদি বস্তু খাই ডাঙৰ হয়৷ সময়ত প্রাপ্তবয়স্ক হোৱাত কণী পাৰে৷ সিহঁতক কোনো কৃত্রিম খাদ্যৰ যোগান ধৰা নহয়৷ প্রকৃততে ঘৰচীয়া কুকুৰাৰ লালন–পালনত কোনো খৰচ নহয়৷ এই ঘৰচীয়া কুকুৰাৰ মাংসৰ জোল, মাংস আদি খাবলৈ সোৱাদ আৰু মুখত দিলেই খাবলৈ জুতি লাগে৷ গোন্ধেই বেলেগ হয়, আনকি বহু দূৰলৈ এই গোন্ধ বিয়পি পৰে৷ গৱেষকৰ মতে, ঘৰচীয়া কুকুৰা মাংস কম চর্বিযুক্ত৷ সেয়ে শৰীৰৰ বাবে অত্যন্ত প্রয়োজনীয়৷ মানুহ কিছু পৰিমাণে দুর্বল হ’লে মাংসৰ চুপ বনাই খাব লাগে৷ দেহত বল বাঢ়ে আৰু ইমিউনিটী বৃদ্ধি হয়৷
ব্রইলাৰ কুকুৰাক বাহিৰে–ভিতৰে ঘূৰি ফুৰিবলৈ দিয়া নহয়৷ য’ত ৰখাৰ ব্যৱস্থা কৰা হয় তাতেই ৰাসায়নিক খাদ্যৰ যোগান ধৰা হয়৷ তদুপৰি একেবাৰে সৰু থাকোঁতেই হৰম’নৰ বেজী দেহত প্রয়োগ কৰে৷ ফলত খুব কম সময়ৰ ভিতৰতেই ডাঙৰ হয় আৰু প্রজনন ক্ষমতা লাভ কৰে৷ গৱেষকৰ মতে, ব্রইলাৰ কুকুৰাৰ মাংস অধিক পৰিমাণে চর্বিযুক্ত৷ নিতৌ ব্রইলাৰ কুকুৰাৰ মাংস কাখ্য তালিকাত থাকিলে দেহত চর্বিৰ পৰিমাণ বৃদ্ধি পায় আৰু সময়ত ওজন বৃদ্ধি হৈ অসুখ–বিসুখত ভোগাৰ সম্ভাৱনা অধিক৷ সেয়ে ব্রইলাৰ কুকুৰাৰ মাংস কম পৰিমাণে খাব লাগে৷ সদায় ভক্ষণ কৰা অনুচিত৷
ঘৰচীয়া কুকুৰাৰ মাংস লিনপ্র’টিনযুক্ত আৰু সেইবাবেই এমাইন’ এচিডৰ উপযুক্ত ভঁৰাল বুলি গৱেষকে কয়৷ তদুপৰি ট্রিপ্ঢ’ফেন এমাইন’ এচিড উপলব্ধ৷ এনেবিধ এমাইন’ এচিডৰ উপস্থিতিৰ বাবেই কম পৰিমাণৰ চেৰ’টিন থাকে
আৰু এই চেৰ’টিনে দেহত
বিক্রিয়া কৰে আৰু মগজুৰ
স্নায়ুকোষসমূহক যথেষ্ট সক্রিয় কৰি তোলে৷ ফলত স্নায়ুকোষৰ শক্তি বৃদ্ধি হয় আৰু দেহৰ দুর্বলতা কমে৷ সেয়ে ঘৰচীয়া কুকুৰাৰ মাংস আমাৰ দেহৰ শক্তি আহৰণৰ বাবে অত্যন্ত প্রয়োজনীয় খাদ্য৷
ঘৰচীয়া কুকুৰাৰ কণী ব্রইলাৰ কুকুৰাৰ কণীতকৈ কম চর্বিযুক্ত আৰু কেলৰি শক্তিও কম৷ কিন্তু অধিক পৰিমাণে ভিটামিন, যেনে ঃ অ’মেগা ৩ ফেটী এচিড, ভিটামিন–ই, ভিটামিন–ডি আৰু বিটাকেৰ’টি থাকে৷ সেয়ে ঘৰচীয়া কুকুৰাৰ কণী খাদ্যত থাকিব লাগে৷
ঘৰচীয়া কুকুৰাৰ মাংসত উচ্চ গুণসম্পন্ন চেলেনিয়াম উপলব্ধ আৰু সেইবাবেই আমাৰ দেহৰ মেটাবলিক প্রক্রিয়া সক্রিয় হৈ উঠে৷ যিসকল লোকে দেহৰ ওজন হ্রাস কৰিবলৈ বিচাৰে অথবা থাইৰয়ডৰ সমস্যাত ভুগি আছে তেওঁলোকে নিতৌ ঘৰীয়া কুকুৰাৰ মাংস ভক্ষণ কৰা বাঞ্ছনীয়৷ এনে মাংসই এই সমস্যাসমূহ দূৰীভূত কৰে আৰু দেহক সুৰক্ষা প্রদান কৰে৷ গৱেষকৰ মতে, ঘৰচীয়া কুকুৰাৰ মাংস খালে দেহৰ মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু হার্টৰ সমসাৰ পৰা আঁতৰি থাকে৷ সেয়ে আমাৰ খাদ্য তালিকাত ব্রইলাৰ কুকুৰাৰ মাংসৰ পৰিৱর্তে ঘৰচীয়া কুকুৰাৰ মাংসক স্থান দিয়াতো অতি প্রয়োজনীয়৷

You might also like