নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী আৰু বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত আয়োজিত ‘‘ব্যক্তি গঠন আৰু ৰাষ্ট্ৰ গঠন’’ শীৰ্ষক বক্তৃতামালাৰ আজিৰ পঞ্চমটো বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী আৰু বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু বিবেকানন্দ অধ্যয়ন কেন্দ্ৰৰ যৌথ উদ্যোগত “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা” বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা সেই বিশেষ বক্তৃতা অনুষ্ঠানটোৰ আৰম্ভণিতে স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিল্পী লোকনাথ গোস্বামী ৰচিত মহাবিদ্যালয় সংগীত পৰিবেশনৰ পিছত আৰম্ভ হয় মূল অনুষ্ঠান।

মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আজিৰ সেই বক্তৃতা অনুষ্ঠানটো নিজৰ ভাষণেৰে শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে। নিজৰ চমু ভাষণত সাহিত্য সভাৰ উপ–সভাপতিগৰাকীয়ে ভাৰতীয় সংস্কৃতিৰ যি প্ৰাচীন বাৰ্তা, সেই বাৰ্তাসমূহ হৃদয়ংগম কৰি বৰ্তমানৰ অসমীয়া নৱ প্ৰজন্মই সেই উপলব্ধিৰে নিজৰ দেশ, নিজৰ জাতি, নিজৰ মহাবিদ্যালয়ৰ তথা ভৱিষ্যৎ নাগৰিকসকলৰ উন্নতিৰ অৰ্থে দেশৰ হৈ কাম কৰি যাব পাৰিব বুলি উল্লেখ কৰে।

ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বক্ততা অনুষ্ঠানটোত সমল ব্যক্তি ৰূপে ভাষণ প্ৰদান কৰে দিগন্ত বিশ্ব শৰ্মাই। সাহিত্য একাডেমি বঁটা প্ৰাপক সাহিত্যিকগৰাকীয়ে বিভিন্ন উদাহৰণ আৰু বিশ্লেষণেৰে প্ৰায় এঘন্টাৰ অধিক সময় জুৰি দিয়া তেখেতৰ বক্তৃতাৰ সময়ছোৱাত উপস্থিত থকা সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। ‘কঠোনিপষদ’ৰ ১০ বছৰীয়া এক শিশু চৰিত্ৰ ‘নচিকতা’ৰ কাহিনীৰে মূল বক্তৱ্যত প্ৰৱেশ কৰা বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই সৰু সৰু মনোগ্ৰাহী উপমাৰে মানৱ হৃহয়ত সুপ্ত হৈ থকা প্ৰজ্ঞা -সাধনাক জাগ্ৰত কৰাৰ ধাৰণাক সাৱলীল ভাবে বিশ্লেষণ কৰে। অন্ততঃ অসম সংগীতেৰে আজিৰ এই মনোগ্ৰাহী বক্তৃতানুষ্ঠানটোৰ অন্ত পৰে।

You might also like