নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যা শিশুৰ স্বাস্থ্য প্রাসংগিক কিছু চিন্তা

-ডাঃ ৰীণা দেৱী

কন্যা সন্তানটি দুটি পৰিয়ালৰ অর্থাৎ মাতৃগৃহ আৰু পতিগৃহৰ মধ্যমণি৷ এই কাৰণতে তাই নিজৰ স্বাস্থ্যৰ প্রতি ধ্যান দিয়াৰ লগতে জীৱনৰ বাটৰ সকলোধৰণৰ কথা জনাটো অতি প্রয়োজনীয় বিষয়৷ আহক জানি লওঁ, নিজৰ ছোৱালীজনীক কোনবোৰ কথা শিকোৱা অতি দৰকাৰ৷

ব্যক্তিগত স্বাস্থ্যঃ
সর্বপ্রথম কথা হৈছে স্বাস্থ্য৷ যিকোনো মহিলাৰ বাবে সুস্বাস্থ্য অটুট ৰখাটো মহত্ত্বপূর্ণ৷ সেয়ে নিজৰ ছোৱালীজনীক শৈশৱৰ পৰাই ব্যক্তিগত স্বাস্থ্য ৰক্ষা কৰিবলৈ শিকাওক৷
n প্রতিদিনে গা ধোৱাটো দৰকাৰী কথা৷ সদায় গা ধোৱাৰ লাভালাভৰ কথা বুজাওক৷ গা ধুলে ঘামৰ উপৰি লেতেৰা দুর্গন্ধ আদি আঁতৰ হয়, যাৰ ফলস্বৰূপে ৰোগৰ উৎপত্তি নহয়৷
n চাফ–চিকুণ বস্ত্র পৰিধান কৰাও আৱশ্যক৷ আৰম্ভণিৰে পৰাই তাইক শিকাওক যে পিন্ধা কাপোৰযোৰ সদায় পৰিষ্কাৰ হোৱা উচিত৷
n নখবোৰ বেছি দীঘলকৈ ৰাখিব নালাগে, যাতে তাত লেতেৰা জমা হ’ব নোৱাৰে৷
n সৰুৰে পৰাই চুলিকোছা পৰিষ্কাৰকৈ ৰাখিবলৈ তথা নিয়মিত মূৰ ধুবলৈ শিকাওক৷
n বাহিৰৰ পৰা অহাৰ পিছত হাত–মুখ ধোৱাৰ অভ্যাস কৰাওক৷
n মাহেকীয়া হোৱাৰ সময়ত প্রতি চাৰি ঘণ্টাৰ মূৰে মূৰে পেড বদলাবলৈ কওক৷
n ডি’ড্রেণ্টৰ ব্যৱহাৰ কৰক কিয়নো এই বয়সত ঘামে ভীষণ সমস্যাৰ সৃষ্টি কৰে৷
ব্যক্তিগত সুৰক্ষা
আজিকালি প্রায়ে মহিলাসকলৰ সৈতে সংঘটিত বিভিন্ন অপৰাধৰ কাহিনী শুনা যায়৷ যদি আমি এনে অপৰাধ হোৱাটো নিবিচাৰোঁ, তেতিয়াহ’লে নিজৰ ছোৱালীক সজাগ আৰু সবল কৰি তুলিব লাগিব৷ ইয়াৰ বাবে তাইক এই কথা অৱগত কৰাব লাগিব যে যিকোনো নির্যাতন সহি থকাতো এটা অপৰাধ৷ তাৰপিছত সেই দুর্ভাগ্যজনক স্থিতিসমূহৰ বিষয়ে জনাব লাগিব, যিবোৰ তাইৰ কাৰণে বিপজ্জনক হ’ব পাৰে৷
n ভুলতো কেতিয়াও অকলে নির্জন স্থানলৈ যাব নিদিব৷
n বিবাহৰ পিছতো যাতে কোনো ধৰণৰ ঘৰুৱা হিংসাৰ চিকাৰ হ’বলগীয়া নহয়, তাৰ কাৰণে তাইক শাৰীৰিক–মানসিকভা এনেকৈ সবল কৰি তুলিব যাতে তাই নিজৰ সুৰক্ষাৰ চিন্তা কৰিবলৈ সক্ষম হয়৷
n তাইক জুডো, কাৰাটেৰ প্রশিক্ষণ দিয়াওক৷ এনে কৰিলে তাইৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব৷
n নিজক ৰক্ষা কৰিব পৰাটো অতি মহত্ত্বপূর্ণ৷ এনে শিক্ষা আপুনি তাইক শৈশৱৰ পৰাই দিব লাগিব, যাতে তাইক অত্যাচাৰ কৰাজনৰ ওপৰত হাত তুলিবলৈ ভয় নকৰে আৰু নিজৰ স্বাভিমান ৰক্ষা কৰিব পাৰে৷
n তাইক এই কথাও শিকোৱা উচিত যে যদি কাৰোবাৰ স্পর্শ বা কোনো কথা–বতৰা ভাল নালাগে অথবা কোনোৱে যদি তাইক শোষণ কৰি আছে, তেন্তে তাৰ বিৰোধ কৰক বা এই বিষয়ে শীঘ্রে কাৰবোক জনাওক৷
n ইয়াত লাজ কৰিবলগীয়া একো নাই৷ আজিকালি স্কুলসমূহতো এই বিষয়ত শিক্ষা দিয়ে৷ প্রতিজনী ছোৱালীয়ে এনে কথাবোৰ জনা উচিত৷
সম্বন্ধসমূহৰ প্রতিও ধ্যান দিয়া দৰকাৰ
নিজক ৰক্ষা কৰিব জনাটো যিমান মহত্ত্বপূর্ণ, সিমানেই প্রয়োজনীয় সম্বন্ধসমূহ ৰক্ষা কৰাটো৷ গতিকে সম্বন্ধসমূহৰ মাজত থাকি কিদৰে আমি সুখী হ’ব পাৰোঁ, সেই বিষয়েও বুজাওক৷
n যদি আপুনি সদায় নিজৰ আপোন কোনোজনক গালি–গালাজ কৰি থাকে, তেন্তে আপোনাৰ ছোৱালীয়ে ইয়াৰ আঁৰৰ কথা বুজিব নোৱাৰি কেৱল এইটোকে শিকিব যে সম্বন্ধ মানে এটা বন্ধনহে, ইয়াৰ মাজত থাকি কেতিয়াও সুখী হ’ব পৰা নাযায়৷
n যদি আপুনি ছোৱালীজনীৰ সন্মুখত সম্বন্ধসমূহক সমস্যা বা জঞ্জাল জ্ঞান কৰি কথা কয়, তেন্তে তাই ভৱিষ্যতে ইয়াকে শিকিব আৰু কোনো সম্বন্ধকে সহজভাৱে মানি ল’ব নোৱাৰিব৷
n ছোৱালীজনীৰ সন্মুখত নিজৰ আপোন সম্বন্ধক লৈ নঞর্থক তর্ক নকৰিব, কিয়নো তাই আপোনাক দেখিয়ে শিকি আছে৷
n তাইক সদায় মিলিজুলি থাকিবলৈ, ভগাই খাবলৈ শিকাওক৷ লগতে খেলা–ধূলা কৰাৰ বাবে উৎসাহ যোগাওক৷
n আজিকালি একক পৰিয়ালৰ হেতু আমাৰ ল’ৰা–ছোৱালীয়ে নিজৰ আত্মীয়–কুটুম্বসকল পৰা যথেষ্ট আঁতৰত থাকে আৰু কেতিয়াবা তেওঁলোকক পাহৰিয়ে যায়৷ এনেস্থলত আমাৰ দায়িত্ব হ’ব লাগে এনে যে সিহঁতক আপোনা সম্বন্ধসমূহৰ সুখানুভূতি তথা প্রয়োজনৰ বিষয়ে জনাব লাগে৷
n ইয়াৰ বাবে আপুনি কিছুমান ডুখৰীয়া স্মৃতি মনত পেলাই দিব পাৰে৷ যেনে– ছোৱালীজনীক কওক যে কেনেদৰে তাইৰ বেমাৰ হওঁতে খুৰীয়েক বা আইতাকে কোৱা–চিতা কৰিছিল৷
n মাজে–সময়ে নিজৰ অতি আত্মীয়সকলক ঘৰলৈ মাতি পার্টীৰ আয়োজন কৰক৷
n আটাইখিনি আত্মীয়ৰ জন্মদিন আৰু অন্য মহত্ত্বপূর্ণ দিনবোৰৰ বিষয়ে জনাই থওক৷
n পৰিয়ালত আয়োজন কৰা যিকোনো উৎসৱ, বিয়াবাৰু আদিত উপস্থিত থাকিবলৈ কওক৷
n ছোৱালীজনীৰ মনত আপোন ব্যক্তিসকলৰ প্রতি বিশ্বাস জন্মাওক আৰু সম্বন্ধসমূহ অটুট ৰাখিবলৈ সকীয়াই দিয়ক৷
সু–স্বাস্থ্য
সু–স্বাস্থ্য অটুট ৰাখিবলৈ ল’ৰা–ছোৱালীক শৈশৱৰ পৰাই শিকাব লাগে৷ আমি সকলোৱে জানো যে ছোৱালী এজনীয়ে সু–স্বাস্থ্য অটুট ৰখাটো কিমান দৰকাৰী কথা৷ এগৰাকী স্ত্রীয়ে নিজৰ জীৱনত শাৰীৰিক অৱস্থাৰ বিভিন্ন পর্যায় পাৰ হৈ আহিব লাগে৷ মাহেকীয়াৰ সময়ত তেজৰ অভাৱ, হৰম’নৰ পৰিৱর্তন, গর্ভাৱস্থা, প্রসৱ ইত্যাদি পৰিস্থিতিয়ে স্ত্রীৰ স্বাস্থ্যক প্রভাৱিত কৰে৷ এনেস্থলত পুষ্টিদায়ক খাদ্য তথা খোৱা–বোৱাৰ সু–ভ্যাস আৰু ব্যায়াম– এনেবোৰ কথাই আপোনাৰ ছোৱালীক উপকৃত কৰিব৷
খোৱা–বোৱা
n ছোৱালীজনীক শৈশৱৰ পৰাই সকলো ধৰণৰ ফল, শাক–পাচলি খাবলৈ শিকাওক৷
n ফাষ্ট ফুড খুওৱাৰ অভ্যাস নকৰাই ভাল৷
n তাইক বুজাওক যে খাদ্যৰ সোৱাদতকৈ পুষ্টিকাৰকতা অধিক মহত্ত্বপূর্ণ৷
n ইয়াৰ উপৰি তাইৰ খাদ্যত প্র’টিন, কার্বহাইড্রেট জাতীয় খাদ্য অন্তর্ভুক্ত কৰক৷ হাড়ৰ সুস্থতাৰ বাবে গাখীৰ, দৈ, ঘিউ আদিও নিয়মিত খাওক৷
n কেলছিয়াম, প্র’টিন আৰু ভিটামিন আদি আপোনাৰ ছোৱালীৰ সু–স্বাস্থ্য তথা শাৰীৰিক বিকাশৰ বাবে অতি আৱশ্যক৷
n যদি তাই শাৰীৰিকভাৱে স্বাস্থ্যৱতী হয়, তেতিয়াহ’লে শক্তিৰে ভৰপূৰ হ’ব৷
ব্যায়াম
n এষাৰ কথা মনত ৰখা উচিত যে মহিলাসকলৰ বেছিভাগ বেমাৰ মেদবহুলতাৰ হেতু হয়৷ এই মেদ জৰায়ু, লিভাৰ আদিত জমা হ’ব ধৰে, যিয়ে বিভিন্ন ৰোগৰ সৃষ্টি কৰে৷
n এনে সময়ত ছোৱালীজনীক ব্যায়াম, প্রাণায়ামৰ অভ্যাস কৰিবলৈ কওক৷
n ইয়াৰ বাবে তাইক পুৱা খোজ কাঢ়িবলৈ লগত লৈ যাওক বা তাইৰ সৈতে সাধাৰণ ব্যায়াম কিছুমান কৰক৷
দৈনিক কার্য প্রণালী
n পুৱা সোনকালে উঠা আৰু নিশা সোনকালে শোৱা এই দুই অভ্যাস যদি আপোনাৰ ছোৱালীয়ে কৰে, তেন্তে ইয়াৰ মাজৰ সময়খিনিত সমস্ত কাম নিয়াৰিকৈ কৰিব পাৰিব৷
n অর্থাৎ পৰিকল্পিত ৰুটিন এখনৰ অভ্যাসে আধা বেমাৰ দূৰ কৰে৷
n সময়মতে আহাৰ খোৱা, সময়ত গা–ধোৱা, পর্যাপ্ত টোপনি, খেলা–ধূলা বা ব্যায়াম কৰা– এই ধৰণে সকলো কৰিলে স্বাস্থ্য অটুট থাকিব আৰু বহু ৰোগ নাশ হ’ব৷
উদ্বিগ্ণতামুক্ত হ’বলৈ শিকাওক
n যিমানেই সময় আগবাঢ়ি আছে, সিমানেই ব্যক্তিৰ চিন্তা, উদ্বিগ্ণতা বাঢ়ি আহিছে বিশেষকৈ নাৰীৰ জীৱনলৈ অহা পৰিৱর্তনৰ বাবে ছোৱালীজনীয়ে প্রয়োজনতকৈ বেছি উদ্বিগ্ণতাৰ চিকাৰ হ’ব ধৰিছে আৰু ইয়েই এটা সময়ত মানসিক ৰোগৰো কাৰণ হৈ পৰিছে৷ এই কাৰণতে তাইক পৰাজয় স্বীকাৰ কৰিবলৈ শিকাওক৷ এইটো নহয় যে জীৱনৰ প্রতিটো ক্ষণতে আপুনিয়ে বিজয়ী হ’ব৷
n পৰাজিত হ’লে কেনেকৈ সংযম বজাই ৰাখিব– এই কথাও তাইক বুজাওক৷
n তাইৰ যি বিষয়ত ৰাপ আছে, সেই বিষয়ত ধ্যান দিবলৈ কওক৷
n আপুনিও যিকোনো কথাক লৈ অতিমাত্রা চিন্তিত নহ’ব– পঢ়া–শুনা, ৰন্ধা–বঢ়া বা সাজ–সজ্জা পৰিধান কৰাক লৈ যদি আপুনি চিন্তা কৰে, তেতিয়া তাইক সদায় মানসিক অন্তর্দ্বন্দ্বত ভোগা দেখা যাব৷
n তাইৰ মনত কোনো ধৰণৰ ভয়–ভাব আহিবলৈ নিদিব৷
n তাইক মুক্ত মনেৰে জীৱন জীয়াবলৈ দিয়ক৷
আপুনি যদি নিজৰ ছোৱালীজনীক এই সকলোবোৰ কথা শিকায়, তেতিয়া অৱশ্যেই আপুনি তাইক সবাতোকৈ আকর্ষণীয় উপহাৰ দিয়া হ’ব৷ কিন্তু এইখিনি শিকোৱাৰ অর্থ এইটো নহয় যে আপুনি বিশেষভাৱে তাইক সময় দিব লাগিব৷ বৰঞ্চ আপোনাক দেখিয়ে তাই সকলো শিকিব৷ এই কাৰণতে প্রয়োজনত আপুনি নিজৰ জীৱনশৈলীলৈ পৰিৱর্তন আনিব লাগিব, যাতে ভৱিষ্যতৰ এগৰাকী সুদৃঢ় স্ত্রী গঢ় দিয়াৰ বাবে ই সহায়ক হয়৷

You might also like