নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাত ইঞ্জিনীয়াৰৰ ১৯১ পদ; আবেদনৰ অন্তিম দিন ২০ ফেব্রুৱাৰী

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় সেনা বাহিনীত খালী হৈছে ইঞ্জিনীয়াৰৰ ১৯১টা পদ৷ শ্বহীদ পৰিয়ালৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ মুঠ খালী পদৰ ভিতৰত ১৭৫টা পুৰুষ আৰু ১৪টা পদ মহিলা প্রার্থীৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে শ্বহীদৰ পত্নীৰ বাবে ২টা পদ সংৰক্ষিত৷ আবেদনকাৰী ইঞ্জিনীয়াৰিঙৰ ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ২০–২৭ বছৰৰ ভিতৰত হ’ব লাগিব৷ পুৰুষ প্রার্থীৰ খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিভিল (৪২), মেকানিকেল (১৪), ইলেক্ট্রিকেল/ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিক্স (১৭), কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং/কম্পিউটাৰ টেকন’লজী/ইনফর্মেচন টেকন’লজী (৫৮), ইলেক্ট্রনিক্স এণ্ড টেলিকম/টেলিকমিউনিকেচন/ইলেক্ট্রনিক্স এণ্ড কমিউনিকেচন/ছেটেলাইট কমিউনিকেচন (২১), ইলেক্ট্রনিক্স (২), অপ্ঢ’ইলেক্ট্রনিক্স (২), ফাইবাৰ অপ্ঢিক্স (২), মাইক্র’ ইলেক্ট্রনিক্স এণ্ড মাইক্র’ৱেভ (২), আর্কিটেক্সাৰ (৩), প্রডাকচন ইঞ্জিনীয়াৰিং (২), বিল্ডিং কনষ্ট্রাকচন টেকন’লজী (২), এৰ’নটিকেল (২), বেলিষ্টিকছ (২), এভিয়নিক্স (২) আৰু এৰ’স্পেচ (২)৷ আনহাতে মহিলা প্রার্থীৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ– চিভিল (৩), আর্কিটেক্সাৰ (১), মেকানিকেল (২), ইলেক্ট্রিকেল (২), ছেটেলাইট কমিউনিকেচন (৩) আৰু কম্পিউটাৰ টেকন’লজী (৩)৷ ইয়াৰ উপৰি শ্বহীদৰ পত্নীৰ বাবে সংৰক্ষিত পদ ২টাৰ ১টা টেকনিকেল আৰু আনটো নন–টেকনিকেল প্রার্থীৰ বাবে৷ প্রশিক্ষণৰ সময়ছোৱাত মাহে ১১,৯৫২ টকা লাভ কৰিব৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পাছত নিযুক্তিপ্রাপ্তই মাহে ৫৬,১০০–২,৫০,০০০ টকা লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.joinindianarmy.nic.in লগ–ইন কৰিব পাৰে৷ আবেদন

দাখিলৰ অন্তিম তাৰিখ ২০ ফেব্রুৱাৰী, ২০২০৷

You might also like