নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছবিআইত ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট পদৰ বাবে আবেদন আহ্বান

✅আবেদনৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ

ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ৰ তৰফৰ পৰা বেংকৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে মুঠ ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট (কাষ্টমাৰ ছাপ’ট এণ্ড ছেল্ছ) পদৰ বাবে ইচ্ছুক আৰু অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ প্রার্থীসকলে কেৱল এখন ৰাজ্য/ইউটিৰ বাবেহে আবেদন জনাব পাৰিব৷ মুঠ ৮,২৮৩টা খালী পদৰ অসমত ৪৩০টা, অৰুণাচল প্রদেশত ৬৯টা, মণিপুৰত ২৬টা, মেঘালয়ত ৭৭টা, মিজোৰামত ১৭টা, নাগালেণ্ডত ৪০টা আৰু ত্রিপুৰাত ২৬টা পদ খালী আছে৷ পদসমূহত দৰমহাৰ নিৰিখ মাহিলি ১৭,৯০০–২০,৯০০, ২৪,৫৯০–৩০,৫৫০, ৪২,৬০০–৪৫,৯৩০ টকা দিয়া হ’ব৷ প্রার্থীসকলৰ বয়স ২০২৩ চনৰ ১ এপ্রিলত ২০ বছৰৰ কম আৰু ২৮ বছৰৰ অধিক হ’ব নালাগিব৷ প্রার্থীসকলৰ জন্ম ১৯৯৫ চনৰ ২ এপ্রিলৰ আগত আৰু ২০০৩ চনৰ ১ এপ্রিলৰ পিছত হ’ব নোৱাৰিব৷ এছচি আৰু এছটি প্রার্থীৰ বয়সৰ উচ্চ সীমা ৫ বছৰ, অ’বিচিৰ উচ্চ সীমা ৩ বছৰ, পিডব্লিউডি (অসংৰক্ষিত) শ্রেণীৰ বয়সৰ উচ্চসীমা ১০ বছৰ, পিডব্লিউডি (অ’বিচি)ৰ উচ্চসীমা ১৩ বছৰ আৰু পিডব্লিউডি (এছচি/এছটি) শ্রেণীভুক্ত প্রার্থীৰ বয়সৰ উচ্চসীমা ১৫ বছৰ ৰেহাই দিয়া হ’ব৷ এই পদসমূহত আবেদনৰ বাবে প্রার্থীয়ে কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সমপর্যায়ৰ চৰকাৰী প্রতিষ্ঠানৰ পৰা স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ যিসকল প্রার্থীয়ে চূড়ান্ত বর্ষত অথবা চূড়ান্ত ছেমিষ্টাৰত অধ্যয়ন কৰি আছে তেওঁলোকেও আবেদন জনাব পাৰিব৷ এইসকল প্রার্থীয়ে স্নাতক ডিগ্রী লাভ কৰাৰ প্রমাণ–পত্র ৩০ ডিচেম্বৰৰ পূর্বে জমা দিব লাগিব৷ প্রার্থীসকলৰ নির্দিষ্ট ৰাজ্যৰ ভাষাৰ ওপৰত জ্ঞান থাকিব লাগিব৷ আবেদনৰ সৈতে অসংৰক্ষিত শ্রেণীৰ প্রার্থীসকলে ৭৫০ টকা আৰু অ’বিচি–ইডব্লিউএছ প্রার্থীয়ে ৭৫০ টকা জমা দিব লাগিব৷ এছচি, এছটি আৰু পিডব্লিউডি প্রার্থীয়ে কোনো আবেদন মাচুল জমা দিব নালাগে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে এছবিআই কেৰিয়াৰ ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব৷ মূল বিজ্ঞাপনত এই সম্পর্কে সকলো ধৰণৰ বিষয় প্রার্থীসকলে চাব পাৰিব৷ আবেদন প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে যদিও আবেদনৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ৷

You might also like