নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’ল বিভাগত ৫,৬৯৬ পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৯ ফেব্রুৱাৰী

ভাৰতীয় ৰে’ল বিভাগত সহকাৰী লোকো পাইলট পদৰ বাবে প্রার্থী নিযুক্তি দিয়া হ’ব৷ ৰে’ল বিভাগৰ তৰফৰ পৰা এই সম্পর্কে নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ এই বিজ্ঞাপন অনুসৰি ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ব্যক্তিসকলক এই পদত নিযুক্তি দিয়া হ’ব৷ আবেদনকাৰীসকলে ৫০০ টকা আবেদন মূল্য হিচাপে জমা দিব লাগিব৷ অৱশ্যে মহিলা আৰু সংৰক্ষিত আসনৰ প্রার্থীসকলৰ ক্ষেত্রত এই আবেদন মূল্য ২৫০ টকা নির্ধাৰণ কৰা হৈছে৷ সংশ্লিষ্ট পদত মুঠ খালী পদৰ সংখ্যা ৫,৬৯৬টা৷ এই পদত দশম শ্রেণী উত্তীর্ণ প্রার্থীক নিয়োগ কৰা হ’ব৷ প্রার্থীসকলৰ নেচনেল কাউন্সিল ফৰ ভ’কেচনেল ট্রেইনিং (এনচিভিটি) অনুমোদিত কেন্দ্রৰ পৰা ফিটাৰ, ইলেক্ট্রিচিয়ান, অটোমোবাইল, ইনষ্ট্রুমেণ্টেচন অথবা সমপর্যায়ৰ ট্রেডত ইণ্ডাষ্ট্রিয়েল ট্রেইনিং ইনষ্টিটিউট (আইটিআই)ৰ প্রমাণ–পত্র থাকিব লাগিব৷ ইয়াৰ উপৰি ইঞ্জিনীয়াৰিঙত ডিগ্রী অথবা ডিপ্লমা থকা ব্যক্তিসকলেও আবেদন জনাব পাৰিব৷ নিযুক্তিপ্রাপ্ত প্রার্থীসকলে কলকাতা, মালদাহ, শিলিগুৰি, গুৱাহাটীসহ দেশৰ বিভিন্ন চহৰত কাম কৰাৰ সুযোগ লাভ কৰিব৷ অৱশ্যে নিয়োগৰ পূর্বে প্রার্থীসকলে বিভিন্ন ধৰণৰ পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ কম্পিউটাৰ নির্ভৰ পৰীক্ষা, কম্পিউটাৰ নির্ভৰ এপটিটিউট টেষ্ট, ডকুমেণ্ট ভেৰিফিকেচন আৰু মেডিকেল পৰীক্ষাৰ জৰিয়তে প্রার্থীসকলৰ যোগ্যতা নির্ণয় কৰা হ’ব৷ আগ্রহীসকলে অনলাইনত ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ ৱেবছাইটলৈ গৈ আবেদন–পত্র জমা দিব লাগিব৷ আবেদনৰ বাবে ইতিমধ্যে প’র্টেল আৰম্ভ হৈছে৷ প্রার্থীসকলে ১৯ ফেব্রুৱাৰীৰ ভিতৰত আবেদন জমা দিব লাগিব৷ অৱশ্যে আবেদনৰ কোনো তথ্য অসম্পূর্ণ থাকিলে অথবা ভুল সংশোধনৰ বাবে ২০ ফেব্রুৱাৰীৰ পৰা ২৯ ফেব্রুৱাৰী পর্যন্ত প’র্টেল মুকলি ৰখা হ’ব৷

You might also like