নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্ৰী শ্ৰীদেৱী আৰু ৰেখালৈ অক্কিনেনী নাগেশ্বৰ ৰাও বঁটা

চলিত মাহৰ ১৭ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ অনুষ্ঠানত অভিনেতা চিৰঞ্জীৱী উপস্থিত থাকিব ।

নিউজডেস্ক, ১৫ নৱেম্বৰঃ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰৱীন অভিনেত্ৰী ৰেখালৈ ২০১৮ আৰু ২০১৯ বৰ্ষৰ এ এন আৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব । এই কথা ঘোষণা কৰিছে অভিনেতা অক্কিনেনী নাগাৰ্জুনে । ইপিনে এই পুৰস্কাৰ অক্কিনেনী পৰিয়ালৰ মালিকানাধীন অন্নপূর্ণা ইন্টাৰনেছনেল স্কুল অৱ ফিল্ম এণ্ড মিডিয়াৰ সমাবর্তন অনুষ্ঠানত প্ৰদান কৰা হ’ব । চলিত মাহৰ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানত অভিনেতা চিৰঞ্জীৱী উপস্থিত থাকিব । এই এ এন আৰ ৰাষ্ট্ৰীয় পুৰস্কাৰটি ২০০৫ চনতে অভিনেতা নাগাৰ্জুনৰ পিতৃ অক্কিনেনী নাগেশ্বৰ ৰাওৱে প্ৰতিষ্ঠা কৰিছিল । উল্লেখ্য যে এই বঁটা ইয়াৰ পূৰ্বে ডেভ আনন্দ (২০০৫), শ্বাবানা আজমি (২০০৬), অনঞ্জলি দেবী (২০০৭), বিজয়ন্তীমালা ৱেলী (২০০৮), লতা মংগেশকাৰ (২০০৯), কে বালাচান্দাৰ (২০১০), হেমা মালিনি (২০১১), শ্ব্যাম বেংগল (২০১২) আৰু অমিতাভ বচ্চন (২০১৩) লৈ আগবঢ়োৱা হৈছিল ।