জনপ্রিয় অভিনেতা জগদীপৰ জীৱনাৱসান
নিয়মীয়া বাৰ্তা, ৯ জুলাই সুদীর্ঘ ৬ দশকতকৈ অধিককাল বলীউডত অসামান্য হাস্য–ব্যংগ দক্ষতাৰে এক ঈর্ষণীয় আসন দখল কৰিবলৈ সক্ষম হোৱা বিশিষ্ট কৌতুক অভিনেতা জগদীপৰ জীৱনাৱসান ঘটিছে৷ ৪ শতাধিক ছবিত অভিনয় কৰা জগদীপে দেশবাসীৰ হূদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল ১৯৭৫ চনৰ বিপুল সমাদৃত ছবি ‘শ্ব’লে’ ছুৰমা ভূপালীৰ চৰিত্রত কৰা অভিনয়ৰ জৰিয়তে৷
৮১ বছৰীয়া জগদীপৰ আজি নিজ বাসভৱনতে দেহাৱসান ঘটিছে৷ জগদীপৰ প্রকৃত নাম আছিল ছৈয়দ ইস্তিয়াক আহমেদ জাফ্রি৷ বান্দ্রাস্থিত বাসভৱনত কালি সন্ধিয়া ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্রিয় অভিনেতাগৰাকীয়ে৷ জগদীপৰ পৰিয়ালৰ বন্ধু তথা ছবি প্রযোজক মেহমুদ আলীয়ে পিটিআইক জনোৱা অনুসৰি দীর্ঘদিন ধৰি অসুস্থ আছিল অভিনেতাগৰাকী৷