নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইগাৰ শ্ৰফৰ নতুন ছবি হিৰোপণ্টি-২ ৰ প’ষ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ বলীউডৰ সুদৰ্শন অভিনেতা টাইগাৰ শ্ৰফৰ মাৰ্চত মুক্তি লাভ কৰিবলগীয়া ছবি বাগী-৩ ৰ চৰ্চা চলি থকাৰ সময়তে আজি পুনৰ তেওঁৰ আহিবলগীয়া ছবি হিৰোপণ্টি-২ ৰ প’ষ্টাৰ মুকলি কৰে ।

ছবিখনৰ প’ষ্টাৰত টাইগাৰ শ্ৰফক এক্সনভৰা লুকত দেখিবলৈ পোৱা গৈছে । যাৰ বাবে ধাৰণা কৰিব পৰা গৈছে যে তেওঁৰ অনুৰাগীসকলে পুনৰবাৰ এখন এক্সনধৰ্মী ছবি উপভোগ কৰিবলৈ পাৰিব ।

উল্লেখ্য যে হিৰোপণ্টি ছবিখনৰ যোগেদিয়ে বলীউড জগতত পদাৰ্পণ কৰিছিল টাইগাৰে ।

You might also like