নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিব্যাংগ যুৱকে ভৰিৰে প্ৰস্তুত কৰা পেইটিং ৫০ হাজাৰত কিনিলে অমিতাভ বচ্চনে

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিগ বি অমিতাভ বচ্চন নিজৰ কামৰ উপৰিও তেওঁৰ মহানুভৱতাৰ বাবে সকলোৰে মাজত পৰিচিত । অভিনেতাগৰাকীক কৃষকশ্ৰেণী, বান পীড়িতৰ লগতে নিঠৰুৱা লোকসকলক বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা যায় । ঠিক একেদৰে এইবাৰো তেওঁ এনে এক মহান কাম কৰি সকলোৰে অন্তৰ জিনিবলৈ সক্ষম হৈছে ।

এজন দিব্যাংগ যুৱকে নিজ ভৰিৰে অমিতাভ বচ্চনৰ ছবি প্ৰস্তুত কৰি তেওঁক দিবলৈ উপস্থিত হৈছিল । এই সুন্দৰ পেইটিংখন অভিনেতাগৰাকীয়ে ৫০ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰে ।

আয়ুষ নামৰ যুৱকজনৰ আঁকি উলিওৱা নিজৰ ছবিখন চাই অভিনেতাগৰাকীয়ে তেওঁক মুম্বাইলৈ মাতে আৰু ২০ মিনিট সময় বাৰ্তালাপ কৰি ক্ৰয় কৰে ।

উল্লেখ্য যে এই পেইটিংখন আয়ুষে অমিতাভ বচ্চনৰ ‘কৌন বনেগা কৰ’ৰ পতি’ অনুষ্ঠানৰ অনুৰূপভাৱে প্ৰস্তুত কৰিছে ।

You might also like