নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“হিংসাৰে কেতিয়াও সমাধান নহয়”-‘কা’ক লৈ মন্তব্য অভিনেতা অজয় দেৱগণৰ

নিউজ ডেস্ক, ১৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰোধিতাৰে অব্যাহত ৰখা প্রতিবাদী কার্যসূচীত সংঘটিত হিংসাত্মক কার্যকলাপত উদ্বিগ্ণতা প্রকাশ কৰিছে বলীউডৰ অভিনেতা অজয় দেৱগণে ৷

নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ প্রতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ভূমিকাক লৈ বলীউডৰ অভিনেতা–ভিনেত্রীসক সমালোচনা কৰাৰ সময়তে আজতকৰ এক কার্যসূচীত তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে অভিনেতা অজয় দেৱগণে ৷

আজ-টকৰ শীর্ষ ‘ইউ মি অউৰ হম’ত পত্নী কাজলৰ সৈতে অংশগ্রহণ কৰি ‘কা’ক লৈ চলা প্রতিবাদত হিংসাত্মক কার্যকলাপ সন্দর্ভত অভিনেতা অজয় দেৱগণে কয়– ‘এইখন গণতন্ত্র ৷ চৰকাৰৰৰ এটা মত থাকে ৷ চৰকাৰৰ এই মতক লৈ যিয়ে সন্মত নহয়, তেওঁলোকৰ মত প্রকাশৰ স্বাধীনতা আছে ৷ হিংসাৰে ইয়াৰ সমাধান নহয়, সংঘর্ষৰ বিপৰীতে বিষয়টো মিলা–মিছাৰে সমাধান কৰা উচিত, যাতে সাধাৰণ জনতাৰ ক্ষতি নহয় ৷

তদুপৰি অভিনেতাগৰাকীয়ে তেওঁৰ পৰৱর্তী ছবি ‘তানাজীঃ দ্য আনছাং ৱাৰিয়ৰ’ৰ ওপৰত চলি থকা বিতর্ক সন্দর্ভতো মন্তব্য কৰে ৷ সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত অভিনেতা অজয় দেৱগণে তেওঁৰ পৰৱর্তী বুৰঞ্জীমূলক ছবিখনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত তৰা গোচৰ সন্দর্ভত মন্তব্য কৰি কয় যে দেশত ইমান সম্প্রদায় আছে যে কোনো নহয়, কোনো সম্প্রদায়ৰ ওপৰত আঘাত পৰিবই ৷ যিসকলে এনে ছবি নির্মাণ কৰিছে তেওঁলোকে প্রকৃতৰ ওপৰত গুৰুত্ব দিয়ে ৷

You might also like