নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা সুশান্তৰ ভগ্নী মিতু সিঙক চমন চিবিআইৰ

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ বলীউডৰ প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্তৰ ১০ দিন অতিক্রম কৰিলে৷ ৰহস্যজনক মৃত্যু সন্দর্ভত ইতিমধ্যে চিবিআইৰ দলে অভিনেতাজনৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীক যোৱা শুকুৰবাৰে ১০ ঘণ্টাতকৈ অধিক আৰু শনিবাৰে ৭ ঘণ্টাতকৈ অধিক জেৰা কৰাৰ পিছত আজি পুনৰ ৰিয়া চক্রৱর্তীক জেৰা কৰে৷ মুম্বাইৰ ডিআৰডি’ গেষ্ট হাউছত চিবিআইৰ দলে ৰিয়া চক্রৱর্তীক বিগত দুদিন ধৰি সুশান্তৰ সৈতে সম্পর্ক, সুশান্তৰ পুঁজি, ড্রাগছকে ধৰি বিভিন্ন বিষয়ক লৈ জেৰা কৰাৰ পিছত পুনৰ ৰিয়া চক্রৱর্তীক জেৰা কৰে৷ কি কি বিষয়ক লৈ ৰিয়াক জেৰা কৰা হৈছে সেই সন্দর্ভত তথ্য পোহৰলৈ অহা নাছিল যদিও সুশান্তৰ লগত সম্পর্ক কিয় বিচ্ছেদ হ’ল, সুশান্তৰ লগত ড্রাগছ সেৱনৰ প্রসংগ আদিক লৈ প্রশ্ণ চিবিআয়ে সোধাৰ ইংগিত পোৱা গৈছে৷

গার্লফ্রেণ্ড ৰিয়াৰ উপৰি চিবিআয়ে ৰিয়াৰ ভাতৃ সৌৱিক চক্রৱর্তীকো জেৰা কৰিছে৷ তদুপৰি এই ৰহস্যজনক ঘটনাৰ লগত সাঙোৰ খাই থকা অভিনেতা সুশান্তৰ ফ্লেটত থকা বন্ধু সিদ্ধার্থ পিথানি, ৰান্ধনি নীৰজ, ঘৰুৱা সহায়ক দীপেশ ছাৱন্তকে ধৰি বিভিন্নজনক চিবিআয়ে ধাৰাবাহিকভাৱে জেৰা কৰি আহিছে৷ মৃত্যুৰ গোচৰৰ লগত ড্রাগছ সম্পর্কীয় গোচৰ এটা এনচিবিয়ে ৰিয়া চক্রৱর্তী আৰু আনকেইজনৰ বিৰুদ্ধে ৰুজু কৰিছে৷

ইপিনে, চিবিআয়ে প্রথমবাৰৰ বাবে অভিনেতা সুশান্তৰ পৰিয়ালৰ লোকক এই গোচৰ সন্দর্ভত সোধা–পোছাৰ বাবে চমন জাৰি কৰিছে৷ চিবিআইৰ সূত্রত প্রকাশ পোৱা মতে অভিনেতাজনৰ জ্যেষ্ঠ ভগ্ণী মিতু সিঙক চিবিআয়ে চমন জাৰি কৰিছে৷ উল্লেখ্য যে সুশান্তৰ জ্যেষ্ঠ ভগ্ণী মুম্বাইৰ বান্দ্রাস্থিত অভিনেতাজনৰ বাসগৃহত যোৱা ৮ জুনত উপস্থিত আছিল আৰু উক্ত দিনাই ৰিয়া চক্রৱর্তীয়ে অভিনেতাজনৰ সৈতে সম্পর্ক ছেদ কৰি বাসগৃহ এৰিছিল৷ ইয়াৰ কেইদিনমান পিছতে ১৪ জুনত অভিনেতা সুশান্তৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ এনে কাৰণতেই মিতু সিঙক চিবিআয়ে চমন জাৰি কৰিছে৷ তাৎপর্যপূর্ণ যে মিতু সিঙৰ ভাষ্য ইতিমধ্যে ইডিয়ে গ্রহণ কৰিছে৷

You might also like