স্মৃতি কাতৰ অংকিতা, হুকহুকাই কান্দি উঠিল সুশান্তৰ কোঠাত
নিয়মীয়া বাৰ্তা, ২১জুনঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকবিহ্বল দেশবাসী। সকলোৱে নিজৰ প্ৰিয় অভিনেতাগৰাকীৰ আকস্মিক মৃত্যত শোকত ম্ৰিয়মান সকলো। পবিত্ৰ ৰিস্তাৰ অৰ্চনা-মানৱৰ বৰ্তমানো সকলোৰে জনমানসত। সেই মানব যে নাই সেয়া যেন বিশ্বাস কৰিবই পৰা নাই!
মাত্ৰ ৩৪বছৰ বয়সতেই এটা বাস্তৱ সত্যৰ সন্মুখীন হ’ল সুশান্ত সিং ৰাজপুট। ১৪ বছৰ বয়সতেই মাকক হেৰুৱাই প্ৰায়েই অকলশৰীয়া অনুভৱ কৰিছিল সুশান্তই। খুব অমায়িক স্বভাৱৰ সুশান্ত অন্তমুখী স্বভাৱৰ বাবেই কম কথা-বতৰা খুব কমকৈ কৈছিল বা পাতিছিল। এটা সাক্ষাতকাৰত এই মন্তব্য কৰিছিল সুশান্তই নিজে।
বলীউদত নিজ কেৰিয়াৰ আৰম্ভ কৰোতেই যেন ম্লান পৰিল এটা সপ্ৰতিভ প্ৰতিভ। হতাশাত ভুগি আত্মহত্যাৰ দৰে কঠোৰ পথ বাছি লোৱা সুশান্তৰ হাতৰ পৰা কেইবাখনো চিনেমা ওলাই যোৱাৰ কথা পোহৰলৈ আহিছে। চৰম হতাশাতই সুশান্তৰ মৃত্যুৰ কাৰণ হ’ব বুলি বহুতেই মানি ল’ব খোজা নাই। ৰহস্যৰ গোন্ধ পোৱা একাংশই ঘটনাৰ তদন্তৰ দাবী কৰিছে।
পবিত্ৰ ৰিস্তা জনপ্ৰিয়তাৰ পাছতে প্ৰেমৰ সম্পৰ্কৰে সকলোৰে প্ৰিয় হৈছিল সুশান্ত-অংকিতা অথবা মানৱ-অৰ্চনা। প্ৰায় ৬বছৰৰ প্ৰেমৰ সম্পৰ্কৰ পাছত ফাট মেলিছিল দুয়োৰে সম্পৰ্কত। তথাপিও যেন আজিও সজীৱ অংকিতা-সুশান্তৰ প্ৰেম। সুশান্তৰ ষ্টাইলিছ লিপাক্ষীৰ মতে সুশান্তই প্ৰায়েই কৈছিল প্ৰাক্তন প্ৰেমিকা অংকিতাৰ কথা। যিসময়ত মোৰ একো নাছিল সেইসময়ত অংকিতা মোৰ লগত আছিল, মোক সকলো প্ৰকাৰে সহায় কৰিছিল, মোৰ প্ৰতিটো কামত সমৰ্থন জনাইছিল অংকিতাই। সুশান্তৰ এই কথাখিনি ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে ষ্টাইলিষ্ট লিপাক্ষীয়ে।
সুশান্তৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ফোন কৰা হৈছিল অংকিতাক। ‘কি’–বুলি কয়েই ফোন কাটি দিছিল অংকিতাই। সম্পূৰ্ণৰূপে ভাঙি পৰা অংকিতা পিচত উপস্থিত হয় সুশান্তৰ বান্দ্ৰাস্থিত বাসগৃহত। মনোমালিন্য হৈ বুজাবুজিৰে আঁতৰি অহা সুশান্ত-অংকিতাৰ বিয়াও ঠিক হৈছিল। কিন্তু পিছত ৰিয়া চক্ৰবৰ্তীৰ সৈতেহে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল সুশান্তই।
অংকিতা যেন সদায় আছিল সুশান্তৰ মন-মগজুত। সুশান্তৰ মৃত্যুৰ পিছত এইসময়খিনি অংকিতাৰ নিজৰ। সুশান্ত-অংকিতাই পাৰ কৰা কোঠাত সোমাই চিঞৰি চিঞৰি কান্দিছে অংকিতাই। চকুপানী মচিবলৈ সুশান্ত নাই কাষত। কিয় এনেকুৱা কৰিলা, কি হৈছিল তোমাৰ বুলি চিঞৰিছে অংকিতাই। কন্দাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। সুশান্তৰ মৃত্যুৱে যেন কঁপাই গৈছে অংকিতাক। মানি ল’ব পৰা নাই কঠোৰ সত্য। আমনি কৰিছে বহু পুৰণা স্মৃতিয়ে। কান্দি কান্দি নিজক পাহৰি গৈছে অংকিতাই। কিন্তু এতিয়া যেন কৰিব লগা একো নাই…।