নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনন্দন থিয়েটাৰৰ বিৰুদ্ধে থানাত অভিযোগ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ অসমৰ ভ্ৰাম্যমাণ নাট্যদল অভিনন্দন থিয়েটাৰ দলে বিহালী জাতীয় বিদ্যালয়ৰ সাহাৰ্যাৰ্থে ১২ ফেব্ৰুৱাৰীৰ পৰা নাট প্ৰদৰ্শন কৰাৰ চুক্তি কৰি বিহালী জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা অগ্ৰিম ধন নগদ ৭০ হাজাৰ টকা লৈছিল। কিন্তু আজি ১১ৰ ফেব্ৰুৱাৰীলৈকে বিহালীত উক্ত দলটো ৰ পেণ্ডেল (ৰভা) উক্ত বিদ্যালয়ত নপৰাৰ বাবে পৰিচালনা সমিতি বিপদত পৰিছে। এই সম্পৰ্কত আজি পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰি আজি বিয়লি ৪ মান বজাত বিহালী থানাত অভিনন্দন থিয়েটাৰৰ নামত এক অভিযোগ দাখিল কৰিছে।

প্ৰেৰক ভুবন লুইটেল

You might also like