নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত আবকাৰীৰ অভিযানত ৩০০ লিটাৰ চুলাই নষ্ট

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ ৰাজ্যত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ প্ৰথম দিনাই ঢকুৱাখনা মহকুমা আবকাৰী আৰু সোণাৰি চাপৰি আৰক্ষীৰ যুতীয়া অভিযানত প্ৰায় ৩১০ লিটাৰ গিলাই থোৱা গুৰ (পাচ) আৰু ২০ লিটাৰো অধিক চুলাই মদৰ লগতে বুজন পৰিমাণৰ ৰঙাপানীৰ বটল নষ্ট কৰিবলৈ সক্ষম হোৱাত সচেতন মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে সোণাৰি চাপৰিত চলি থকা অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ে সামাজিক আৰু শৈশিক পৰিবেশ বিনষ্ট কৰি অহা কথাকেই পুণৰ প্ৰতিয়মান কৰিলে৷ ঢকুৱাখনাৰ আৱকাৰী বিভাগৰ অৱহেলাৰ বাবেই সোণাৰি চাপৰি অঞ্চলত পুৱাৰে পৰাই নিশালৈকে অবৈধ চুলাই মদৰ লগতে ৰঙা পানীয়ও সুলভ হৈ পৰাত সামাজিক আৰু শৈশিক পৰিবেশ বিনষ্ট হোৱাৰ বাতৰিয়ে নিয়মীয়া বাৰ্তা কাকতৰ লগতে অন্যান্য সংবাদ পত্ৰতো শিৰোনামা দখল কৰি অহাৰ পিছতো নিৰৱ ভুমিকা পালন কৰি অহা আৱকাৰী বিভাগে ১২ ফেব্ৰুৱাৰীত পুৱা ১০ বজাৰ পৰাই অবৈধ মদৰ ঘাটিত অভিযান চলাই উক্ত বুজন পৰিমাণৰ চুলাই, পাচ আৰু ৰঙা পানীৰ বটল সমুহ নষ্ট কৰাত সন্তোষ প্ৰকাশ কৰাৰ লগতে সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পুৰ্বে অঞ্চলটোত সঘন অভিযান চলাই সামাজিক আৰু শৈশিক পৰিবেশ সুৰক্ষা কৰাৰো দাবী জনাই এই ক্ষেত্ৰত ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত গৰাকীৰ হস্তক্ষেপৰো দাবী জনাইছে অঞ্চলৰ সচেতন মহলৰ লগতে শিক্ষানুৰাগী ৰাইজ আৰু পৰীক্ষাৰ্থীৰ অভিভাৱক সকলে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like