অভিনেতা মনোজ বাজপায়ী ক’ৰোনা পজিটিভ, স্থগিত ছবিৰ শ্বুটিং
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ বলীউডত ৰণবীৰ কাপুৰ আৰু সঞ্জয় লীলা ভন্সালীৰ পিছত, মনোজ বাজপায়ীৰ ক’ৰোনা টেষ্টৰ ফলাফল পজিটিভ আহিছে। বৰ্তমান বাজপায়ীয়ে নিজকে ঘৰতে কোৱাৰেণ্টাইন কৰি আছে।
জানিব পৰা মতে মনোজ বাজপায়ী তেওঁৰ এখন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল। ইয়াৰ মাজতে অভিনেতাগৰাকীৰ ক’ৰোনা সংক্ৰমণ ঘটে। যাৰপাছতে পিছত ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হৈছে।
অভিনেতাজনৰ ফালৰ পৰা জাৰী কৰা এক বিবৃতিত কোৱা হৈছে, পৰিচালকৰ ক’ভিদ-১৯ পজিটিভ হোৱাৰ পিছত তেওঁ নিজৰ পৰীক্ষা কৰিছিল।
Actor Manoj Bajpayee has tested positive for #COVID19 & is in self-quarantine at his home, his team releases a statement.
(File photo) pic.twitter.com/epldw2hJKu
— ANI (@ANI) March 12, 2021