“মোৰ গৰ্ভত জন্ম ল’ব সুশান্তে”- এই বিস্ফোৰক দাবী কাৰ ?
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ “নিশা সপোনত মোক আহি দেখা দিছিল সুশান্ত সিং ৰাজপুতে । কৈছিল তেওঁৰ মৃত্যু হ’ল যদিও তেওঁৰ আত্মা এতিয়াও জীয়াই আছে, তেওঁ আকৌ জনম ল’ব । তেতিয়া মই সুধিছিলো তুমি জনম ল’বা কেনেকে ? তেতিয়া সুশান্তে কৈছিল মই তোমাৰ গৰ্ভত জন্ম লম ।”– এই বিস্ফোৰক দাবী বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ ।
১৪ জুনত মুম্বাইৰ বান্দ্ৰাৰ ফ্লেটত অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা ঘটনাক লৈ সমগ্ৰ বলীউডত তোলপাৰ লাগি থকাৰ সময়তে ইনষ্ট্ৰাগ্ৰামত এটা ভিডিঅ’যোগে বিস্ফোৰক দাবী কৰিছে ৰাখী সাৱন্তে । ৰাখী সাৱন্তে কৈছে- নিশা সপোনত সুশান্ত আহি ৰাখীক কৈছিল তেওঁৰ গৰ্ভত জন্মলাভ কৰিব সুশান্ত সিং ৰাজপুতে ।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, ৰাখীয়ে লগতে দাবী কৰিছে যে, সুশান্তই ৰাখীৰ মাধ্যমেৰে বলীউডৰ প্রযোজকসকলক এক বার্তা দিছে। তেওঁৰ ৰৈ যোৱা যিসমূহ ছবি আছে, তাক শীঘ্ৰে সম্পূর্ণ কৰক আৰু সেই ছবিসমূহত ৰাখী আৰু চানি লিঅ’নিৰ বাবে একোটাকৈ আইটেম চং ৰাখক । তেতিয়া সুশান্তৰ ছবি হিট হ’ব। ইয়াৰোপৰি ৰাখীয়ে দাবী কৰা অনুসৰি, সুশান্তই সপোনত ৰাখীক কৈছিল, সুশান্তৰ ছবি ‘ছিঁছোড়ে’ক ফিল্মফেয়াৰ কর্তৃপক্ষই পুৰষ্কৃত কৰক ।
- চাওক কি কৈছিল ৰাখীয়ে-
View this post on Instagram