নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটাৰ পাছত আনটো গোচৰঃ প্ৰেমিকা ৰিয়াৰ বিৰুদ্ধে এইবাৰ বিহাৰত গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ২১ জুনঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এইবাৰ বিহাৰত গোচৰ ৰুজু হৈছে ।

ৰিয়াৰ বিৰুদ্ধে এইবাৰ সুশান্তক আত্মহত্যাৰ বাবে বাধ্য কৰোৱাৰ অভিযোগ তুলি এক গোচৰ ৰুজু হৈছে ।

মুজাফ্ফাৰপুৰৰ বাসিন্দা কুন্দন কুমাৰে শনিবাৰে মুখ্য সত্ৰ ন্যায়াধীশ আদালতত ৰিয়াৰ বিৰুদ্ধে গোচৰ তৰে । ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ আৰু ৪২০ ধাৰাত এই গোচৰটো ৰুজু কৰা হৈছে ।

উল্লেখ্য যে উক্ত গোচৰটো ২৪ জুনত শুনানি হ’ব ।

কুন্দনৰ অভিযোগ- “অভিনেত্ৰী ৰিয়াই সুশান্তক তেওঁৰ প্ৰেমৰ জালত পেলাইছিল । সুশান্তৰ সহায়ত ৰিয়াই তাইৰ কেৰিয়াৰত বহুত লাভ উঠাইছিল । যেতিয়া তাইৰ স্বাৰ্থ সিদ্ধি হ’ল তাৰ পাছৰ পৰায়ে সুশান্তক আৰ্থিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ল’লে । যাৰ পাছতে সুশান্তই মুম্বাইস্থিত বাসগৃহত আত্মহত্যা কৰে ।”

You might also like