যান-বাহন আৰক্ষীৰ ৰোষত অভিনেতা বিবেক অবেৰয়, কিন্তু কিয়?
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ ট্ৰাফিক নিয়মৰ উলংঘনৰ বাবে জৰিমনাৰ সন্মুখীন হ’ল অভিনেতা বিবেক অবেৰয়। হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ বাবেই তেওঁক জৰিমনা বিহা হৈছে বুলি জানিব পৰা গৈছে।
বিবেক অবেৰয়ে নিজেই ১৪ ফেব্ৰুৱাৰীত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ হেলমেট অবিহনে বাইক চলাই আছিল ৷
ইয়াৰ পিছতে আইপিচিৰ ১৮৮ ধাৰাত অভিনেতা বিবেক ওবেৰয়ৰ ওপৰত মুম্বাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে ২৬৯, মটৰ বাহন আইনৰ ধাৰা ১২৯, ১৭৭ আৰু শৈক্ষিক আইনৰ ধাৰাৰ অধীনত এই গোচৰটো জুহু আৰক্ষীয়ে পঞ্জীয়ন কৰিছে ৷
উল্লেখ্য যে আইপিচি ধাৰা ১৮৮ আৰু ২৬৯ দুয়োটা ধাৰাৰ অধীনত, এজন অপৰাধীক ছয় মাহলৈকে কাৰাগাৰ বা জৰিমনা বা দুয়োটা লৈকে শাস্তি দিব পাৰি।
চাওক সেই ভিডিঅ’-
https://t.co/lUzdbP55co
What a start of this lovely valentine’s day with Main, Meri patni aur woh! A refreshing joyride indeed!
.
.
.@harleydavidson#WohAaGayi #HarleyDavidson #valentinespecial #loveforbikes #bikesofinstagram #loveandwheels#vroomValentine pic.twitter.com/THXrBllOVi— Vivek Anand Oberoi (@vivekoberoi) February 14, 2021