নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ তপন বৰাৰ মহানুভৱতাঃ সাতখন বিদ্যালয়লৈ গ্ৰন্থৰ টোপোলা দান

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : নিজৰ সাঁচতীয়া ধনেৰে স্থানীয় প্ৰায় সাতখন বিদ্যালয়লৈ গ্ৰন্থৰ টোপোলা দান কৰি মহানুভৱতাৰ এক নিদৰ্শন দেখুৱাইছে বৰহোলাৰ এজন ব্যক্তিয়ে। বৰহোলা ইকৰাণি গাঁৱৰ সচেতন ব্যক্তি তপন বৰাই (দিগন্ত) নিজা প্ৰচেষ্টাত অঞ্চলটোৰ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰহোলা মহাবিদ্যালয়, গড়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি নগাবাট, ৰজাবাহৰ, ইকৰাণি, ৰাইডাংজুৰি, বেকাজান আদিৰ প্ৰায় সাতখন বিদ্যালয়লৈ গ্ৰন্থৰ টোপোলা আগবঢ়াই। বৰহোলাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত অলপতে অনুষ্ঠিত হোৱা দ্বাদশ বৰহোলা গ্ৰন্থমেলাত সমাজকৰ্মী তৰুণ সোণোৱালৰ সভাপতিত্বত আৰু শিক্ষক অনন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানত তপন বৰা আৰু তেওঁ পৰিয়ালবৰ্গই বিদ্যালয়সমূহৰ প্ৰধানক গ্ৰন্থৰ টুপোলা সমূহ অৰ্পণ কৰে। উল্লেখ্য যে ক’ৰোনা সৃষ্টি পৰিস্থিতিৰ বাবে বৰ্তমান অসমীয়া গ্ৰন্থৰ চাহিদা বহু পৰিমাণে হ্ৰাস পাইছে বুলি সততে শুনিবলৈ পোৱা যায় যদিও তপন বৰাই লোৱা এই পদক্ষেপক বৰহোলাৰ বহুকেইজনে আজি শলাগ লোৱা পৰিলক্ষিত হৈছে।

You might also like