নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি; কৰ্তন নহয় দৰমহা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যিক কৰ্মচাৰীসকলে কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । অৱশ্যে কৰ্মবিৰতিত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নকৰে চৰকাৰে ।

আজিৰ দিনটোত কর্তব্যত উপস্থিত নথকা কর্মচাৰীসকলৰ অনুপস্থিতিক চৰকাৰে নৈমিত্তিক ছুটীৰ সৈতে সংলগ্ণ কৰিব ৷ এই ঘোষণা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷

মন্ত্রী ড০ শর্মাই এই কথা স্পষ্ট কৰি দি কয় যে কর্মচাৰী পৰিষদকে ধৰি কর্মচাৰী সমাজখনে আন্দোলনত অংশগ্রহণ কৰাত চৰকাৰে কোনো বাধা নিদিয়ে ৷ কিন্তু কোনো ৰাজনৈতিক দল বা চৰকাৰ বিদ্রোহী হিচাপে জনাজাত সংগঠন–শক্তিৰ আন্দোলনত চৰকাৰী কর্মচাৰীয়ে অংশগ্রহণ কৰিলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব ৷

You might also like