নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কলিয়াবৰত আমি নিশ্চিতভাৱে জিকিম”- ধুবুৰীত পৱিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: “ধুবুৰী, বৰপেটা ইত্যাদিকে ধৰি আমি ১২ খনত জিকিম। ধুবুৰীও এতিয়া যুদ্ধক্ষেত্ৰ হিচাবে পৰিণত হৈছে। কলিয়াবৰতো আমি নিশ্চিত ভাৱে জিকিম।” এইদৰে আগন্তুক লোকসভা নিৰ্বাচনত ১২খনকৈ লোকসভা সমষ্টিত বিজয়ী হ’ব বুলি আজি ধুবুৰীত সাংবাদিকৰ সন্মুখত দাৱী কৰে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই। আনহাতে বিজেপিক ভ্ৰষ্ট, জুমলা পাৰ্টি বুলি অভিহিত কৰি কংগ্ৰেছে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি থকাৰ বিষয়টো উত্থাপন কৰি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীৰ কয় যে, “প্ৰতিটো নিৰ্বাচনত ৰাইজে আমাক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দি আহিছে। তেওঁলোকে প্ৰচাৰ পত্ৰিকা বিলাই থাকক; তেওঁলোকে নাটক কৰি থাকক। তেওঁলোকে নিজেই খণ্ডন কৰা ভাৰতখনক কেনেদৰে জুৰিবলৈ বা ল’গ ল’গাব গৈছে নাজানোঁ; এইবোৰ তেওঁলোক কৰি থাকক। কিন্তু আমি থাকিম ৰাইজৰ ল’গত। আমি থাকিম জনমুখী বিভিন্ন কাৰ্য্যপন্থাৰে, সমাজ সেৱাৰে বা ৰাজধৰ্ম পালন কৰি প্ৰতিটো আঁচনি লোকৰ ওচৰলৈ লৈ যোৱাৰ বাবে। আৰু তেওঁলোকে এই বিলাক কৰি থাকক; কাৰণ তেওঁলোক এটা কাল্পনিক পৃথিৱীত থাকে আৰু আমি থাকোঁ ব্যৱহাৰিক পৃথিৱীত।”

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰূদ্ধেও কংগ্ৰেছে অনা অভিযোগবোৰৰ বিষয়ে সাংবাদিকে মন্তব্য বিচাৰি কৰা এক প্ৰশ্নৰ উত্তৰত সাংসদ মাৰ্ঘেৰিটাই কয় যে, “অসম বা ভাৰততো বাদেই, সমগ্ৰ বিশ্বই যাক স্বীকৃতি দিছে; ভাৰতৰেই নহয়-সমগ্ৰ বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ ৰাজনৈতিক নেতা বা প্ৰধানমন্ত্ৰী বুলি সমগ্ৰ বিশ্বই স্বীকৃতি দিছে। গতিকে তেনে ক্ষেত্ৰত দুৰ্নীতিৰ পাহাৰ গঢ়া এটা পৰিয়াল বা এটা দলৰ কেইগৰাকীমান নেতাই কৰা আস্ফালন দেশবাসীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে।” সাংবাদিকৰ সন্মুখত সম্প্ৰতি শতাধিক আৱেদনৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে চৰাইদেউ মৈদামক মনোনিত কৰাৰ বিষয়টো উল্লেখ কৰি সাংসদগৰাকীয়ে আৰু কয় যে, “এইবিলাক কামৰ ল’গত ৰাজনীতিৰ কোনো সম্পৰ্ক নাথাকে। এইবিলাক কামৰ ল’গত থাকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ভালপোৱা, ভাষা-সংস্কৃতি- ইতিহাসৰ প্ৰতি শ্ৰদ্ধা, মৰম আৰু কিবা এটা কৰিবলৈ থকা আগ্ৰহ।” ঠিক সেইদৰে ১ বহাগৰ দিনা বহু সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে এইবাৰ বিহু নৃত্য-গীত পৰিৱেশন কৰিব বুলি উনুকিয়াই তেখেত কয় যে, “সিদিনা উপস্থিত থকাৰ কথা আছে দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ। ইয়াৰ জৰিয়তে ৰাজনীতি নহয়; ইয়াৰ জৰিয়তে অসমৰ সংস্কৃতিৰ প্ৰাণ স্পন্দন স্বৰূপ বিহুক সমগ্ৰ দেশৰ ল’গতে, সমগ্ৰ বিশ্ববাসীৰ সন্মুখত পুনৰ এবাৰ শক্তিশালী ৰূপত চিনাকী কৰি দিয়া। নিশ্চিত ভাৱে যেতিয়া গ্ৰিনীজ বুক অৱ ৱৰ্ল্ড বুকচত আহিব, যেতিয়া ২০/২৫ সহস্ৰাধীক বিহুৱা:বিহুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব; সমগ্ৰ দেশৰ ল’গতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে অতি আগ্ৰহেৰে চাব।” উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে’ চৰ্চা’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আজি ধুবুৰীলৈ আহি উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা। ১৮৭৯ চনতে স্থাপিত তথা সুধাকণ্ঠ, পদ্মশ্ৰী প্ৰয়াত ডঃ ভূপেন হাজৰিকাৰ স্মৃতি বিজৰিত স্থানীয় ধুবুৰী চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ পঢ়ৱৈ আৰু শিক্ষাগুৰুৰ সৈতে একলগে ভাৰ্চুৱেল মাধ্যমযোগে প্ৰধানমন্ত্ৰী মোদীৰ সেই বিশেষ অনুষ্ঠান উপভোগ কৰে তেওঁ। পিছত বিদ্যালয়খনৰ ৰেকৰ্ড বুকত থকা সুধাকণ্ঠৰ ছাত্ৰ-জীৱনৰ তথ্যপাতি চাই আপ্লুত হৈ পৰি বিষয়টো লৈ সামাজিক মাধ্যমত এক পোষ্ট দিয়াও পোৱা যায় সাংসদগৰাকীয়ে।

উল্লেখ্য যে, বিদ্যালয়খনত আয়োজিত দেশৰ প্ৰধানমন্ত্ৰীৰ “পৰীক্ষা পে’ চৰ্চা” শীৰ্ষক কাৰ্য্যসূচীত ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিশিষ্ট সমাজসেবক বিমল ওছ’ৱাল, ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস প্ৰমুখ্যে কেইবা গৰাকী মান্যগণ্য ব্যক্তি উপস্থিত আছিল।

You might also like