নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া মহাবিদ্যালয়ত “The Role Of G-20 Nations in Achieving SDGs.” শীর্ষক বিষয়ৰ ওপৰত কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: বসুধৈৱ কুটুম্বকম এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হবলগীয়া জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত এলানি কাৰ্য্যসূচী হাতত লোৱা হৈছে। জি-২০ সন্মিলন উপলক্ষ্যে আয়োজিত কাৰ্য্যসূচীৰ ৰূপায়নৰ বাবে তিনিচুকীয়া মহাবিদ্যালয়ক নডেল কলেজ হিচাপে নিৰ্বাচিত কৰা হৈছে। এই কাৰ্য্যসূচীৰ অংশস্বৰূপে তিনিচুকীয়া মহাবিদ্যালয়ৰ এন.এচ.এচ গোটৰ উদ্যোগত আৰু এন.চি.চি গোটৰ সহযোগত দিনযোৰা কাৰ্য্যসূচীৰে “The Role Of G-20 Nations in Achieving SDGs.” বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সূৰ্য্য চেতীয়াই আদৰণি ভাষণ আগবঢ়োৱা এই কৰ্মশালাৰ শুভ-উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলেশ্বৰ কলিতা। কৰ্মশালাখনিৰ সমল ব্যক্তি ড০ কমলেশ্বৰ কলিতাই জি-২০ সন্দৰ্ভত বিস্তৃতভাবে ব্যাখ্যা আগবঢ়োৱাৰ লগতে “The Role Of G-20 Nations in Achieving SDGs.” বিষয়বস্তুৰ ওপৰত বিতংকৈ আলোকপাত কৰে। আজিৰ কৰ্মশালাত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত প্ৰমুখ্যে তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, পদ্মনাভ গোহাঁইবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডুুমডুমা মহাবিদ্যালয়, মাৰ্ঘেৰিটা মহাবিদ্যালয় আৰু লিডু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক:-বিবেক বড়া

You might also like