নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী-গৌৰীপুৰ সংযোগী ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; চাৰিচকীয়া বাহনে খুন্দিয়ালে ৰৈ থকা মটৰ চাইকেল আৰু ট্ৰাকক – এতিয়ালৈ নিহত ৩, আহত ৪

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: যোৱাকালি বাগদেৱীৰ বন্দনাৰ দিনটোতে সংঘটিত হোৱা এক শোকাবহ পথ দূৰ্ঘটনাই জোকাৰি গৈছে ধুবুৰীকে ধৰি পাৰ্শ্বৱৰ্তী গৌৰীপুৰ। ঘটনাৰ বিৱৰণী অনুসৰি যোৱাকালি গৌৰীপুৰৰ পৰা ধুবুৰীলৈ এখন বগা ৰঙৰ আৰ্টিগা বাহনেৰে ধুবুৰীলৈ আহিছিল নিৰ্মালী ৰায়, শিৱাংগী ৰায়, বিয়া সাহা, জেনিফাৰ ইয়াচমিন, ৰিয়াত হুছেইন, জাহিদূল ইছলাম আৰু মইদূল হ’ক নামৰ ৭জনীয়া এটি ছাত্ৰ-ছাত্ৰীপ দল। দলটোৱে যোৱাকালি ধুবুৰীৰ পৰা গৌৰীপুৰলৈ উভতাৰ সময়ত সংঘটিত হয় সেই ভয়ংকৰ দূৰ্ঘটনাটো। তেওঁলোকৰ এএছ ১৭জে/৫২২৪ নম্বৰৰ চাৰিচকীয়া বাহনখন অকষ্মাতে নিয়ন্ত্ৰণ হেৰুৱাই ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মদৰেগোলা নামৰ অঞ্চল এটাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পাৰ্কিং কৰা অৱস্থাত থকা দুখনকৈ মটৰ চাইকেলক প্ৰথমে খুন্দা মাৰি আগত ৰৈ থকা এখন ট্ৰাকৰ পিছপিনে গৈ খুন্দা মাৰে। অঞ্চলটোৰ ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীৰ সহযোগত বাহনখনত থকা ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হয় যদিও নিৰ্মালী চৌধুৰী আৰু শিৱাংগী ৰায় নামৰ ছাত্ৰী দুৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। আনহাতে অইন ৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৩ গৰাকীৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেই কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে। সেই মৰ্মে পৰিচালক লোকে তেওঁলোকৰ দুগৰাকীক গুৱাহাটীলৈ নিয়াৰ বিপৰীতে মইদূল হ’কক চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰৰ মিছন হস্পিতাললৈ নিয়া হয়। কিন্তু দূৰ্ভাগ্যজনক ভাৱে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় হ’কৰ। যোৱাকালিৰ সেই শোকাৱহ দূৰ্ঘটনাটোত মৃত্যু হোৱা দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নিৰ্মালী চৌধুৰীৰ ঘৰ ধুবুৰী জিলাৰ পাগলাহাটত। আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰী শিৱাংগী ৰায়ৰ ঘৰ হ’ল গৌৰীপুৰৰ ২ নং ৱাৰ্ডত। আনহাতে দূৰ্ঘটনাটোত মৃত্যু হোৱা মইদূল হ’কৰ ঘৰ হ’ল গৌৰীপুৰৰ মাটিয়াবোগ অঞ্চলত।
যোৱাকালিৰ এই ঘটনাটোৱে তেওঁলোকৰ পৰিয়াল বৰ্গৰ উপৰিও ধুবুৰী আৰু গৌৰীপুৰত পেলাইছে শোকৰ ছাঁ।

You might also like