অকালতে হেৰাই গ’ল এক দুৰন্ত প্রতিবাদী সত্তা; ওপজা গাঁও ন–পামত শেষকৃত্য সম্পন্ন
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ হকে গঢ়ি উঠা ঐক্যবদ্ধ সংগ্রামখনৰ অন্যতম অংশীদাৰ সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) সুদীর্ঘ সময় ধৰি নেতৃত্ব বহন কৰা অশ্বিনী চেতিয়া আৰু নাই৷ নিয়তিৰ ওচৰত হাৰ মানি অকালতে হেৰাই গ’ল এক দুৰন্ত প্রতিবাদী সত্তা৷ শিৱসাগৰ জিলাৰ লগতে অসমৰ ভিন্ন প্রান্তত সিঁচৰতি হৈ থকা আটাছুৰ প্রাক্তন নেতা–বিজেপিৰ কার্যনির্বাহক ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বর্ণীল ইতিহাসক সংৰক্ষণ, সংবর্ধনৰ ক্ষেত্রত ওৰেটো জীৱন নিজৰ প্রতিবাদী ধাৰাৰ মাজেৰে এক সুকীয়া পৰিচয় দিয়া চেতিয়াই বৃহস্পতিবাৰে নিশা ১১.৪৫ বজাত গুৱাহাটীৰ হেল্থচিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷
শিৱসাগৰ জিলাৰ হাঁহচৰা ন–পাম চেতিয়া গাঁৱৰ পৰাই আহোম জনগোষ্ঠীৰ একবলিষ্ঠ কণ্ঠ হিচাপে অসমৰ দুর্যোগপূর্ণ মুহর্তত জাতি–বর্ণ–ধর্ম নির্বিশেষে সকলোৰে হৈ থিয় দিয়া জনপ্রিয় নেতাজনৰ নশ্বৰ দেহ কালি ধল পুৱাতেই অনা হয় ৰংঘৰ বাকৰিলৈ৷ চেতিয়াৰ নশ্বৰ দেহ ৰংঘৰৰ পদূলি পোৱাৰ পাছতেই জনপ্রিয় নেতাজনক অন্তিম দর্শনৰ বাবে অগণিত শোকাকুল জনতাৰ সোঁত বয়৷ ডল্লেখ্য যে শিৱসাগৰ জিলাৰ ২৫টা জাতীয় আৰু জনগোষ্ঠীয় ডমৈহতীয়া মঞ্চ যৌথ সংগ্রামী মঞ্চক সমুখৰ পৰা নেতৃত্ব দিয়া চেতিয়াৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰাৰ বাবে মুষলধাৰ বৰষুণৰ মাজতো শিৱসাগৰৰ ঠায়ে ঠায়ে অগণন লোকে দীর্ঘসময় ধৰি অপেক্ষা কৰে৷ বহু গুণমুগ্ধই জাঁজী দলঙৰ সমীপত তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰাৰ পাছত ঐতিহাসিক ৰংঘৰলৈ এখন এম্বুলেঞ্চযোগে চেতিয়াৰ নশ্বৰ দেহ অনা হয়৷ ইয়াৰ পাছতেই কেইবাশ আটাছুৰ নেতা–কর্মীয়ে জাতীয়তাবাদী ধাৰাৰ অন্যতম নেতা চেতিয়াৰ নশ্বৰ দেহ বৃহৎসংখ্যক গাডীৰে সমদল কৰি নিয়ে ঐতিহাসিক শিৱদ’লৰ সন্মুখলৈ৷
দ’ল উন্নয়ন সমিতিৰ লগতে অগণন গুণমুগ্ধই শ্রদ্ধাঞ্জলি জনোৱাৰ পাছতেই পোনে পোনে লৈ যোৱা হয় নগৰৰ ষ্টেচন চাৰিআলিত থকা আটাছুৰ মুখ্য কার্যালয়লৈ৷ স্বতঃস্ফূর্তভাৱে ষ্টেচন চাৰিআলিৰ লগতে নগৰৰ অধিকাংশ দোকান–পোহাৰ প্রিয় নেতাজনৰ প্রতি সন্মান জনাই বন্ধ ৰাখে৷
ইফালে কালি দুপৰীয়া অগণন গুণমুগ্ধৰ ডপস্থিতিত তেওঁৰ নশ্বৰ দেহ ওপজা গাঁও ন–পাম চেতিয়া গাঁৱলৈ নিয়া হয়৷ তাতেই ৰাজ্য চৰকাৰৰ হৈ অসমৰ ৰাজহমন্ত্রী যোগেন মহনে চেতিয়াৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পাছত যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, থাওৰাৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, বিজেপি নেত্রী সুৰভি ৰাজকুমাৰী, ভবেন মহন, ময়ূৰ বৰগোহহাই, বিজেপি জিলা সংখ্যালঘু মর্চাৰ সম্পাদক চাহিদ আলী, ৰাজ্যিক কার্যনির্বাহক চৈয়দ মুৰচিদুল আৰফিন, অগপ নেত্রী ভাৰতী শইকীয়া দাস, জিলা কংগ্রেছৰ ডপ–সভাপতি প্রবীণ বৰুৱা, আছুৰ কেন্দ্রীয় সমিতিৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা সম্পাদক সমীৰণ ফুকন, প্রাক্তন পৌৰপতি ৰাণা খান, বিশিষ্ট ক্রীডা সংগঠক বাবুল খান, অসম সংখ্যালঘু উন্নয়ন ব’ডৰ সদস্য এম আই বডা, আটাছুৰ কেন্দ্রীয় সভাপতি লিটুল বুঢ়াগোহাই, ডপ–সভাপতি বসন্ত গগৈ, ঐক্য সেনা, অসমৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রচাৰক কেশৱ ভূঞা, মিলন বৰগোহাঁই, টাইপাৰ দিগন্ত তামুলী, মটক যুৱ–ছাত্র সন্মিলনৰ প্রাণদীপ মহন, বৃহত্তৰ অসমীয়া যুৱ–মঞ্চৰ যাদৱ গগৈ, বিষু শইকীয়া, আহোম সেনাৰ অংকুৰণ ফুকন, বীৰ লাচিত সেনাৰ শৃংখল চলিহাকে ধৰি কেইবাটাও জাতীয়–জনগোষ্ঠীয় নেতাই শোক প্রকাশ কৰি শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ডজনি অসম মুছলীম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা বার্তাজীৱী সংঘ, শিৱসাগৰ প্রেছ ক্লাব, তাই আহোম যুৱ পৰিষদ, আহোম সেনা, আটাছুৰ জিলা সমিতি, তাই আহোম সাংসৃকতিক বিকাশ কেন্দ্র, আটাছুৰ মহিলা গোট, শিৱসাগৰ নাট্য বিদ্যালয়, ষ্টেচন চাৰিআলি ব্যৱসায়ী সন্থা, আমগুৰি যুৱ জামাত, ৰংপুৰ জ্যোতি ক্লাব, তাই আহোম সংসৃকতি সুৰক্ষা মহিলা সমিতি, জাগৃতি মহিলা সমিতি, মটক যুৱ–ছাত্র সন্মিলন, শিৱসাগৰ ই মিডিয়া সাংবাদিক সংন্থা, ৰাজ্যিক অধিবিদ্য পৰিষদৰ সাধাৰণ সম্পাদক পৱিত্রপ্রাণ ভটাচার্য, জিলা সাহিত্য সভা, সুৰ জাগৃতি মঞ্চ, নাট্যপীঠ, সমাজসেৱিকা মণিকা শইকীয়া, বেতন বঞ্চিত শিৱসাগৰ জিলা শিক্ষক সমিতি আদিকে ধৰি শতাধিক অনুষ্ঠান–প্রতিষ্ঠান, ব্যক্তিয়ে চেতিয়াৰ মৃত্যুত শোক প্রকাশ কৰিছে৷ দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মৃত্যুক সাবটি লোৱা চেতিয়াই মাতৃ, পত্নী, একমাত্র পুত্র, ভাতৃ ভগ্ণীসহ বহু আত্মীয়–স্বজন ইহসংসাৰত এৰি থৈ গৈছে৷ আজি দুপৰীয়া জন্মস্থান ন–পাম গাঁৱত এক শোকাকুল পৰিৱেশত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷