নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ শেহতীয়াকৈ ৰাজ্যৰ কেইবাখনো জিলাত অচিন ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱা ঘটনাই গাহৰি পালনেৰে স্বনিয়োজনৰ পথ মুকলি কৰাৰ সপোন দেখা গ্রামাঞ্চলৰ গাহৰি পালকসকলৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে ৷ ৰাজ্যখনৰ বিশেষকৈ ছখন জিলা ক্রমে ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, ধেমাজি, বিশ্বনাথ আৰু লখিমপুৰ জিলাত প্রাদুর্ভাৱ হোৱা অচিন ৰোগত ইতিমধ্যে দুহেজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছে ৷ ৰাজ্যৰ পশুপালন আৰু চিকিৎসা বিভাগৰ পৰা লাভ কৰা তথ্য মতে এই ছখন জিলাত ইতিমধ্যে ২,২৮২টা গাহৰিৰ অচিন ৰোগত মৃত্যু হৈছে ৷ ইয়াৰ ভিতৰত কেৱল শিৱসাগৰ জিলাত ১,১৫২টা গাহৰি অচিন ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে ৷ গাহৰিৰ অস্বভাৱিক মৃত্যুৰ ফলত উজনি অসমৰ ছখন জিলাৰ গাহৰি পালকসকলৰ এইপর্যন্ত প্রায় ৩৪.২ কোটি টকা লোকচান হৈছে ৷ মহামাৰী ক’ৰোনা ভাইৰাছে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে অসমৰ ছখনকৈ জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই গাহৰি পালকসকলৰ মাজত হাহাকাৰ লগাইছে ৷
একপ্রকাৰ ক’ৰোনা সদৃশ অচিন ভাইৰাছত আক্রান্ত হৈ দুই সহস্রাধিক গাহৰি মৃত্যুমুখত পৰাত গাহৰি পালনেৰে আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ পণ লোৱা উজনিৰ গাহৰি পালকসকলে এতিয়া মূৰে–কপালে হাত দিব লগা হৈছে৷ কিয়নো উজনিৰ এই ছখন জিলাত ইতিমধ্যে গাহৰি মাংস বেচা–কিনা নিষিদ্ধ কৰা হৈছে৷ কিন্তু অচিন ৰোগ ৰাজ্যৰ বাকীকেইখন জিলাতো সংক্রমিত হ’ব পাৰে বুলি গাহৰি পালন কৰা উদ্যোগী যুৱক–যুৱতীসকল আতংকিত হৈ পৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ ছখন জিলাত অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ পাছতে এই ৰোগ চিনাক্ত কৰাৰ বাবে পশুপালন বিভাগে ভূপাললৈ নমুনা প্রেৰণ কৰিছে৷ অহা দুই–এদিনৰ ভিতৰত ভূপালৰ পৰা নমুনা আহি পাব বুলি পশুপালন বিভাগে আশা কৰিছে৷ উল্লেখ্য যে চীন–তিব্বতত আফ্রিকান ছোৱেইন ফিভাৰত আক্রান্ত হৈ মৃত্যু হোৱা গাহৰিসমূহ নদীত পেলাই দিয়াত ব্রহ্মপুত্রৰ পানীত এই বীজাণু অসমলৈ বিয়পা বুলি আশংকা কৰিছে পশু চিকিৎসসকলে ৷
ইপিনে, এই সন্দর্ভত পৰৱর্তী কার্যব্যৱস্থা গ্রহণৰ বাবে বুধবাৰে গুৱাহাটীৰ চেনিকুঠীস্থিত পশুপালন সঞ্চালকালয় চৌহদত বিভাগীয় মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত মন্ত্রী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়– আফ্রিকান ছোৱেইন ফিভাৰত আক্রান্ত হৈ উজনি অসমৰ ছখন জিলাত গাহৰিৰ মৃত্যু হোৱা বুলি চিকিৎসকসকলে আশংকা কৰিছে৷ কিন্তু ভূপালৰ লেবৰেটৰীৰ পৰা ৰিপ’ট অহাৰ পাছতহে প্রকৃত ঘটনা পোহৰলৈ আহিব৷ বর্তমান উজনি অসমত প্রতিষেধক হিচাপে ক্লাচিকেল ছোৱেইন ফিভাৰৰ ভেকচিন দি থকা হৈছে৷ কিন্তু সেই ভেকচিনৰ পৰা গাহৰিবোৰ আৰোগ্য হোৱা নাই৷ গতিকে পোহনীয়া গাহৰিৰ পৰা বনৰীয়া গাহৰিলৈ এই ভাইৰাছ সংক্রমণ হ’ব পাৰে৷ তদুপৰি আফ্রিকান ছোৱেইন ফিভাৰ বুলি যদি ভূপালৰ পৰা ৰিপ’ট আহে তেন্তে কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি ব্যৱস্থা গ্রহণ কৰিব লাগিব, যাতে অসমৰ পৰা অন্য ৰাজ্যলৈ এই ৰোগ সংক্রমিত হ’ব নোৱাৰে ৷
উল্লেখ্য যে বুধবাৰৰ বৈঠকত অসম পশুধন আৰু হাঁহ–কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, অসম চৰকাৰৰ পশুপালন বিভাগৰ যুটীয়া সচিবদ্বয় ক্রমে দীপালী দেৱী, অঞ্চনাভ চলিহা, পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালকদ্বয় ক্রমে ডাঃ পুলিন চন্দ্র দাস, উৎপল শর্মা আৰু বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ উপস্থিতিত পশুপালন মন্ত্রীগৰাকীয়ে গাহৰি ৰোগ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ ৰাজ্যখনৰ প্রতিখন জিলাৰ গাহৰি পালকসকলকৰ মাজত সজাগতা সৃষ্টিৰ লগতে উক্ত ৰোগৰ বাবে জনসাধাৰণক আতংকিত নহ’বৰ বাবে প্রয়োজনীয় উদ্যোগ গ্রহণ কৰিবলৈ বিষয়াসকলক আহ্বান জনায়৷ লগতে প্রয়োজন সাপেক্ষে জিলাই জিলাই অভিজ্ঞ চিকিৎসকৰ দল প্রেৰণ কৰিবৰ বাবে সঞ্চালকগৰাকীক নির্দেশ দিয়ে৷ লকডাউন তথা অচিন ৰোগত অনাকাংক্ষিতভাৱে আর্থিক লোকচানৰ সন্মুখীন হোৱা গাহৰি পালকসকলক চৰকাৰৰ নীতি অনুসৰি ক্ষতিপূৰণ দিয়াৰ বাবে যাৱতীয় পদক্ষেপ লোৱাৰ কথাও উক্ত বৈঠকত মন্ত্রীগৰাকীয়ে দোহাৰে৷ বিভাগৰ কোনো বিষয়া–কর্মচাৰীয়ে যাতে সাম্প্রতিক সংকটৰ সময়ত নিজৰ নিজৰ কর্তব্য তথা দায়িত্বৰ প্রতি অৱহেলা নকৰে, তাৰ বাবে সকলো বিষয়া–কর্মচাৰীকে কঠোৰভাৱে মন্ত্রীগৰাকীয়ে সকীয়াই দিয়ে ৷