নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই জে’ললৈ যাব বিপিএফৰ বহু নেতা !

বিটিএডিৰ নির্বাচনৰ পিছতে নিশ্চিহ্ন হ’ব বিপিএফঃ বিজেপি নেতা গজেন বড়ো

নিয়মীয়া বার্তা, ৭ মে’ : বিটিচিত চলি থকা ৰাজ্যপালৰ শাসনৰ সময়ছোৱাতে ফাদিল হ’ব বি পি এফৰ বহু দুর্নীতি ৷ এই অভিযোগ বিটিচিৰ ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী তথা বৰঘুলি মণ্ডল সমিতিৰ সভাপতি গজেন বড়োৰ ৷ বুধবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে বি পি এফে সোতৰ বছৰে শাসনৰ নামত কেৱল সংঘটিত কৰি আহিছে নানা কেলেংকাৰি ৷ তেওঁলোকৰ কেলেংকাৰিৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ সকলো বিভাগতে কেলেংকাৰি সংঘটিত কৰি নেতাসকলে অবাধ ধনৰ পাহাৰ গঢ়িলে ৷ অকল দুর্নীতিয়ে নহয়, বিটিচি সচিবালয়ত কোনোধৰণৰ নিয়ম–নীতি বহির্ভূতভাৱে কাম কৰি আহিছিল ৷ পৰিপাটিহীনভাৱে কাম কৰি একপ্রকাৰ বজাৰত পৰিণত কৰা সচিবালয়ত এতিয়া নতুন গতি ল’ব বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে ৷

বি পি এফে সোতৰবছৰীয়া শাসনৰ নামত সর্বসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই লুণ্ঠন কৰি আহিছিল যদিও এইবাৰ ৰাজ্যপালৰ শাসনৰ ফলত তেওঁলোকে যথেষ্ট ভয় খাইছে ৷ ৰাজ্যপালৰ শাসনৰ সময়তে বি পি এফৰ বহু দুর্নীতি ধৰা পৰিব, যাৰ ফলত কার্যবাহী সদস্য তথা এম চি এল একে ধৰি বহু নেতা জে’ললৈ যাব বুলিও কয় ৷ আনহাতে লকডাউনৰ পিছতে বি পি এফৰ কেইবাজনো আগশাৰীৰ নেতা তথা মন্ত্রী–বিধায়কে বিজেপিত যোগদান কৰিব ৷ ইতিমধ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিজেপিৰ ঊর্ধ্বতম কর্তৃপক্ষৰ লগত যোগাযোগ কৰিছে ৷ সম্ভৱতঃ লকডাউনৰ পিছতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰি দলৰ নেতাগৰাকীয়ে কয় যে পৰৱর্তী সময়ত আৰু বহু বি পি এফৰ নেতাই বিজেপিত যোগদান কৰিব ৷

বি পি এফৰ কেইবাগৰাকী নেতাই বিজেপিত যোগদান কৰাৰ উপৰি বহু নেতা জে’ললৈ যোৱাৰ বাবে বিটিচিৰ নির্বাচনৰ পিছতে বি পি এফ সম্পূর্ণভাৱে নিশ্চিহ্ন হৈ যাব বুলি বিজেপি প্রার্থী গজেন বড়োৱে কয় ৷ সমাগত বিটিচিৰ নির্বাচনত কোনো দলৰ সৈতে মিত্রতা নকৰি দলে অকলে প্রতিদ্বন্দ্বিতা কৰিব যদিও পৰৱর্তী সময়ত মিত্রতা সম্পর্কে আগবাঢ়িব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ নিজে প্রতিদ্বন্দ্বিতা কৰা ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বর্তমানৰ কার্যবাহী সদস্য তথা বি পি এফৰ নেতা মহেশ্বৰ বসুমতাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰি কয় যে নির্বাচনৰ পিছৰে পৰা সমষ্টিৰ ৰাইজৰ সৈতে সম্পর্ক ৰখা নাই ৷ নির্বাচনৰ সময়তহে কুলি চৰাইৰ দৰে ৰাইজৰ ওচৰ চপা মহেশ্বৰ বসুমতাৰীক ৰাইজে প্রত্যাখ্যান কৰিব এইবাৰৰ নির্বাচনত ৷ সমষ্টিটোত ইউ পি পি এলৰ প্রার্থী পৱিত্র বড়োকো সমষ্টিটোৰ ভোটাৰে আঁকোৱালি নলয়, কিয়নো এইগৰাকী প্রার্থীয়ে বিগত সময়ছোৱাত বি পি এফ দলত আছিল ৷ গতিকে এতিয়া সুবিধা বুজি দল সলালেই ৰাইজে ভোট নিদিয়ে ৷ সেয়েহে পৰিৱর্তন বিচাৰি ভোটাৰ ৰাইজে বিজেপিৰ প্রার্থী হিচাপে তেওঁকে ভোট দিব বুলি কয় ৷ বিটিচিৰ নির্বাচনত বিজেপি দলে বাগ্সা জিলাৰ গোৰেশ্বৰ, শুক্লাই চেৰফাং, দৰংগাজুলি আৰু নাগ্রীজুলি সমষ্টিকেইটাত জয়লাভ কৰাৰ লগতে বিটিচিত মুঠতে পোন্ধৰখন আসন লাভ কৰিব বুলি কয় ৷

You might also like