নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় সেৱাৰ নামত তেজপুৰত নিচা জাতীয় সামগ্ৰী সৰবৰহাকাৰী আটক

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ ক’ৰোনা সংক্ৰণৰ ৰোধৰ বাবে সমগ্ৰ দেশত চলি আছে লকডাউন। কিন্তু তাৰ মাজতে তেজপুৰত অত্যাৱশ্যকীয় সেৱাৰ নামত একাংশই চলাই আহিছে চোৰাং ব্যৱসায় ৷ গৰুৰ দানা কঢি়ওৱাৰ অনুমতি লৈ সৰবৰাহ কৰে সম্প্ৰতি নিষিদ্ধ ঘোষনা কৰা ধপাত আৰু গুটখা জাতীয় সামগ্ৰী ৷ আজি তেজপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় As-12E 9030 নম্বৰৰ এখন বলেৰ পিক্আপ ভান ৷ অবৈধ নিচাযুক্ত দ্ৰব্য লৈ উক্ত বাহনখনে কন্যকাৰ পশু খাদ্যৰ কঢ়িওৱাৰ বাবে অনুমতি লাভ কৰিছিল ৷ সেই অনুমতি পত্ৰ লৈ গাড়ীৰ চালক ফৰুক আব্দুলা আৰু নিচাযুক্ত দ্ৰব্যৰ চোৰাং ব্যৱসায়ী ছাদ্দাম শেখে তেজপুৰৰ দোলাবাৰীৰ পৰা প্ৰায় ১ লাখ টকাৰ মূল্যৰ ধপাত সৰবৰাহ কৰোতেই আৰক্ষীৰ হাতত ধৰা পৰে ৷সম্প্ৰতি ছাদ্দাম আৰু ফাৰুক আৰক্ষীৰ জিম্মাত আৰু জব্দকৰা গাড়ীসহ ধপাত খিনিও আৰক্ষী জব্দ কৰে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

You might also like