নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ অসম প্ৰকাশন পৰিষদৰ উদ্যাগত ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা-২০১৯ অনিবাৰ্য কাৰণবশতঃ অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে ।
অসমৰ লগতে বহিঃৰাজ্যৰ শতাধিক প্ৰকাশন গোষ্ঠী আৰু বিক্ৰেতাই এই ঐতিহ্যমণ্ডিত গ্রন্থমেলাত অংশগ্রহণৰ বাবে আবেদন কৰিছিল আৰু গ্রন্থমেলাৰ যাৱতীয় প্রস্তুতিও সমাপ্ত হৈছিল ৷ অসম প্রকাশন পৰিষদৰ তৰফৰ পৰা প্রকাশ পাব লগা নতুন আৰু পুনর্মুদ্রিত শতাধিক গ্রন্থও ইতিমধ্যে সাজু কৰি তোলা হৈছে ৷
সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বিবৃতিত প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিয়া মতে, গ্রন্থমেলাৰ পৰৱর্তী দিন যথা সময়ত ঘোষণা কৰা হ’ব ৷