নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ অপৰাধ নিয়ন্ত্ৰণৰ বাবে কঠোৰ মহানগৰ প্ৰশাসন । ক্ৰমাৎ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে হাতত লৈছে এক বিশেষ আঁচনি । অপৰাধমূলক কাৰ্য সংঘটিত কৰি যাতে কোনো সাৰি যাব নোৱাৰে, তাৰ বাবে চিচি টিভি কেমেৰা স্থাপন কৰা হ’ব মহানগৰৰ বিভিন্ন স্থানত ।
২০২১ বৰ্ষৰ ভিতৰত গুৱাহাটী মহানগৰীৰ ১৩৯৭ টা স্থানত সংস্থাপন কৰা হ’ব চি চি কেমেৰা । নতুনকৈ স্থাপন কৰিবলগীয়া চি চি কেমেৰাত আবদ্ধ হ’ব মহানগৰীৰ সকলো দৃশ্য । চি চি কেমেৰা নিয়ন্ত্ৰণ কক্ষৰ পৰা চোৱা হ’ব প্ৰতিটো স্থানৰ দৃশ্য । জানিব পৰা মতে, স্মাৰ্ট চিটীৰ এই আঁচনিৰ অধীনত গুৱাহাটীৰ ১২০৯ টা স্থানত স্থাপন কৰা হ’ব ৪৭২০টা কেমেৰা । তাৰে কেৱল যান বাহন পৰিচালনাৰ বাবে গুৱাহাটীৰ ৮৯ টা স্থানত স্থাপন কৰা হ’ব ১৩০৮টা কেমেৰা ।
উল্লেখযোগ্য যে , ২০০৮ৰ পিছত মহানগৰীত ১০ কোটি টকাৰ বিনিময়ত ৯১ টা স্থানত ২৮০টা চি চি কেমেৰা লগাইছিল যদিও অধিকাংশই এতিয়া বিকল অৱস্থাত ।