নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহৰ হৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব ৬ নং দফা সমিতিৰ প্ৰতিবেদন

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক দাখিল কৰিবলগীয়া প্ৰতিবেদন দুই-এদিনতে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবেদন গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰীগৰাকীক । অৰুণাচল প্ৰদেশৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লোৱাৰ পাচতেই মুখ্যমন্ত্ৰীলৈ এই দায়িত্ব অৰ্পণ কৰে অমিত শ্বাহে ।

উল্লেখ্য যে, অসম চুক্তিৰ ৬নং দফা সমিতিয়ে যোৱা ১০ ফেব্ৰুৱাৰীতে প্ৰতিবেদন প্ৰস্তুতৰ পাচতো কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে প্ৰতিবেদন গ্ৰহণ নকৰা বিষয়টোৱে যোৱা দুটা দিন ধৰি বিশেষ চৰ্চা লাভ কৰিছিল অসমত । অৱশেষত বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবত উপস্থিত হোৱাৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা বিষয়টোৱে আনন্দিত কৰিছে সকলোকে ।

বৰ্তমান সময়ত ৰাজধানীত নথকা মুখ্যমন্ত্ৰী গৰাকী দুই-এদিনতে গুৱাহাটীলৈ উভতি আহি বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

You might also like