‘অশান্ত’ অসম মাত্র তিনি মাহতে হ’ল ‘শান্ত’
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মাত্র তিনি মাহৰ ভিতৰতে ‘অশান্ত’ অসম হৈ পৰিল ‘শান্ত’৷ বিগত ৯০ দিনৰ ব্যৱধানত কেন্দ্রীয় চৰকাৰৰ দুটা গুৰুত্বপূর্ণ মন্ত্রালয়ে জাৰি কৰা দুখন পৃথক ৰাজপত্রিত অধিসূচনাত স্পষ্ট হৈছে অসমৰ এই আশ্চর্যজনক () পৰিস্থিতি৷ উল্লেখ্য যে নিষিদ্ধঘোষিত সংগঠন আলফাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা কিয় প্রত্যাহাৰ কৰিব নালাগে, তাৰ বাবে যুক্তি প্রদর্শনেৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে যোৱা বছৰৰ ২৭ নৱেম্বৰত এখন ৰাজপত্রিত অধিসূচনা জাৰি কৰিছিল৷ য’ত কোৱা হৈছিল যে অসম এতিয়াও অশান্ত হৈ আছে৷ আলফাৰ বাবেই অসমৰ আইন–শৃংখলা পৰিস্থিতি এতিয়াও উদ্বেগজনক৷ ইয়াৰ দোহাই দিয়ে আলফাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰা হ’ল৷
কিন্তু ২৮ ফেব্রুৱাৰীত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে সমষ্টিৰ সীমা পুনৰ নির্ধাৰণ সন্দর্ভত জাৰি কৰা ৰাজপত্রিত অধিসূচনাখনত কোৱা হ’ল যে অসমৰ আইন–শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে৷ সেয়েহে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে অসমত সমষ্টিৰ সীমা পুনৰ নির্ধাৰণ প্রক্রিয়া আৰম্ভ কৰিবলৈ সন্মতি ব্যক্ত কৰিছে৷ ‘অসমত উগ্রপন্থী কার্যকলাপ যথেষ্ট হ্রাস পোৱাৰ লগতে আইন–শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হোৱা হেতু ৰাজ্যখনত সমষ্টিৰ সীমা পুনৰ নির্ধাৰণ প্রক্রিয়া আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি আহিছে৷’ –এয়াই আছিল কালি প্রকাশ পোৱা ৰাজপত্রিত অধিসূচনাখনৰ মূল বক্তব্য৷ অথচ মাত্র তিনি মাহ পূর্বে সামগ্রিকভাৱে দেশৰ আইন–শৃংখলা পৰিস্থিতি নিৰীক্ষণকাৰী তথা নিয়ন্ত্রণকাৰী মন্ত্রালয় হিচাপে কেন্দ্রীয় গৃহ মন্ত্রালয়ে যিখন ৰাজপত্রিত অধিসূচনা জাৰি কৰিছিল, তাত তথ্যসমৃদ্ধভাৱে অসমৰ আইন–শৃংখলা পৰিস্থিতি যে এতিয়াও উদ্বেগজনক হৈ আছে, সেই কথা প্রকাশ কৰা হৈছিল৷ ২৭ নৱেম্বৰৰ ৰাজপত্রিত অধিসূচনাখনত উল্লেখ কৰা হৈছিল যে ২০১৫ চনৰ জানুৱাৰী মাহৰ পৰা ২০১৯ চনৰ ৩১ জুলাইলৈকে অসমত বিভিন্ন উগ্রপন্থী গোটে ৭০টা কূটাঘাতমূলক কার্যত লিপ্ত হৈছিল৷ কূটাঘাতত মৃত্যু হৈছিল ২৫জন নিৰীহ লোক আৰু ৭জন নিৰাপত্তাৰক্ষীকে ধৰি মুঠ ৩২জন লোকৰ৷ এই প্রেক্ষাপটত আলফাক নিষিদ্ধ সংগঠন হিচাপেই বর্তাই ৰখা হ’ল বুলি অধিসূচনাখনত উল্লেখ কৰা হৈছিল৷ কিন্তু বাস্তৱত মাত্র তিনি মাহৰ ভিতৰত ‘অশান্ত’ অসম কেনেকৈ ‘শান্ত’ হৈ উঠিল, তাৰ কোনো ব্যাখ্যা কেন্দ্র কিম্বা ৰাজ্য চৰকাৰে দিয়া নাই৷ এতিয়া প্রশ্ণ উত্থাপন হৈছে– যদিহে অসমলৈ এতিয়া শান্তি উভতি আহিছে, তেনেহ’লে অসমৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন, চমুকৈ ‘আফছপা’ চৰকাৰে প্রত্যাহাৰ কৰিব নে নাই? এইক্ষেত্রত অলপতে অসমত অনুষ্ঠিত হৈ যোৱা ইউনিফাইড কমাণ্ডৰ এখন বৈঠকত সেনাবাহিনীৰ তৰফৰ পৰা স্পষ্টকৈ কৈ দিয়া হৈছে যে ‘আফছপা’ অসমৰ পৰা যাতে প্রত্যাহাৰ কৰা নহয়৷ কাৰণ অসমৰ নিৰাপত্তা পৰিস্থিতি এতিয়াও সন্তোষজনক নহয়৷ বিশেষকৈ শেহতীয়াকৈ আলফাই যে নতুনকৈ সদস্যভর্তি অভিযান আৰম্ভ কৰিছে, তাৰো দোহাই দিছে সেনাবাহিনীয়ে৷ একেদৰে অসম আৰক্ষীৰ শীর্ষ বিষয়াসকলেও অসমত এতিয়াই আফছপা প্রত্যাহাৰ কৰা হওক সেয়া কামনা কৰা নাই৷ তদুপৰি যোৱা ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছিল৷ ‘কা’বিৰোধী আন্দোলন এতিয়াও অব্যাহত আছে তথা মৌলবাদী শক্তিয়ে ‘কা’বিৰোধী আন্দোলনক গইনা হিচাপে লৈ হিংসা বিয়পাবলৈ চেষ্টা চলাই আছে৷ ইয়াৰ বাবে জামাত–উল–মুজাহিদীন্, বাংলাদেশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা শেহতীয়াকৈ বিভিন্ন এজেন্সীক নির্দেশ দিয়া হৈছে৷ মন কৰিবলগীয়া যে আইন–শৃংখলা পৰিস্থিতিৰ দোহাই দিয়েই ২০০৮ চনৰ ২৬ ফেব্রুৱাৰীত এক ৰাজপত্রিত অধিসূচনাযোগে অসমত সমষ্টিৰ সীমা পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰিছিল৷