নিয়মীয়া বাৰ্তা, ৪ মার্চঃ প্রায় এসপ্তাহৰ কার্যসূচীলৈ অসম ভ্রমণলৈ আহিছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছন৷ গঁড় সংৰক্ষণক লৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে তেওঁ অসমৰ কাঙিৰঙা অভয়াৰণ্য ভ্রমণ কৰিব ৷ সোমবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ পিছত একালৰ আক্রমণাত্মক বেটছমেনগৰাকীয়ে মঙলবাৰে শিলপুখুৰীস্থিত মহর্ষি বিদ্যা মন্দিৰত শিক্ষার্থীৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লয় ৷ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে বিদ্যালয়খনৰ একাংশ ছাত্রৰ সৈতে ক্রিকেট খেলাও দেখিবলৈ পোৱা যায় ৷ অসমৰ বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্যকো তেওঁ সাক্ষাৎ কৰে ৷ মন কৰিবলগীয়া যে গঁড় সংৰক্ষণ সন্দর্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে পিটাৰছনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক লৈ এখন তথ্যচিত্র নির্মাণ কৰিব৷ তথ্যচিত্রখনৰ শ্বুটিঙৰ বাবে তেওঁ প্রায় এসপ্তাহ বিশ্ববিখ্যাত কাজিৰঙা উদ্যানত কটাব৷ এই সময়ছোৱাত তেওঁ উদ্যানখনৰ গৌৰৱ এশিঙীয়া গঁড়কে ধৰি বিভিন্ন বন্যপ্রাণী সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব৷ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কাজিৰঙাৰ নিকটৱর্তী তামুলীপথাৰ এম ই স্কুল আৰু ডিৰিং টী ইষ্টেট এল পি স্কুলৰ ছাত্র–ছাত্রীসকলৰ সৈতে মত বিনিময় কৰিব৷ কাজিৰঙাত গঁড় সংৰক্ষণৰ বাবে গ্রহণ কৰা ব্যৱস্থাক লৈও পিটাৰছনে অধ্যয়ন কৰিব বুলি জানিব পৰা গৈছে৷ অহা ১২ মার্চলৈ তেওঁ কাজিৰঙাত থাকিব ৷