নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত কংগ্রেছৰ ভৱিষ্যৎ

                         ১৫ বছৰ একেলেথাৰিয়ে শাসন ক্ষমতাত থকাৰ পিছত প্রায় ৪ বছৰৰ আগতে কংগ্রেছে অসমত ক্ষমতা হেৰুৱাইছিল৷ আৰু প্রায় এবছৰৰ পিছত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব আৰু কংগ্রেছে স্বাভাৱিকতেই হেৰুওৱা ক্ষমতা ঘূৰাই পাবলৈ ইচ্ছা কৰিব৷ মই লিখা উচিত আছিল– ‘চেষ্টা কৰিব৷’ কিন্তু মই খুব ভাবি–চিন্তিয়েই চেষ্টাৰ পৰিৱর্তে ইচ্ছা শব্দটো লিখিছোঁ, কাৰণ আগন্তুক নির্বাচনী যুদ্ধৰ কাৰণে নিজকে সষ্টম কৰিবলৈ কংগ্রেছে চেষ্টা কৰাৰ কোনো লক্ষণ আমাৰ চকুত পৰা নাই৷ অনুশাসনৰ অবিহনে কোনেও যুদ্ধত জয়লাভ কৰিবলৈ আশা কৰিব নোৱাৰে– তেহেলৈ লাগে সি ভোট যুদ্ধই হওক বা বন্দুক–বাৰুদৰ যুদ্ধই হওক৷ অসমত কংগ্রেছৰ অনুশাসন শূন্যত পর্যবসিত হোৱা যেন ধাৰণা হয়৷ তাৰ এটা প্রমাণ দিওঁ৷ অসমত এটা নতুন আঞ্চলিক দল গঠনৰ যো–জা চলি আছে৷ সঁচা কথা ক’বলৈ গ’লে এতিয়াও সি ভ্রূণ অৱস্থাতেই আছে৷ কিন্তু আঞ্চলিক দল গঠনৰ উৰাবাতৰি শুনিয়েই মাত্র সৌ সিদিনা প্রাক্তন কংগ্রেছী মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৰাজহুৱাভাৱে ঘোষণা কৰি দিলে যে অসমত কংগ্রেছ দলে নতুন আঞ্চলিক দলটোৰ লগত নির্বাচনী মিত্রতা কৰিবলৈ সাজু হৈ আছে৷ প্রায় একে সময়তে বিৰোধী কংগ্রেছৰ দলপতি দেৱব্রত শইকীয়াই দ্ব্যর্থহীন ভাষাৰে ঘোষণা কৰিলে যে গঠনৰ পথত আগবঢ়া নতুন আঞ্চলিক দলটোৰ লগত কোনোধৰণৰ মিত্রতা তেওঁ নিবিচাৰে৷
কংগ্রেছৰ এই দুয়োজন নেতাৰ এই পৰস্পৰবিৰোধী উক্তি চৰম অনুশাসনহীনতাৰ পৰিচায়ক নহয়নে? প্রথমে তৰুণ গগৈৰ কথাই ধৰা যাওক৷ তেওঁ অসম প্রদেশ কংগ্রেছৰ কোনো এটা পদৰেই অধিকাৰী নহয়৷ কিন্তু যোৱা প্রায় ৪ বছৰ ধৰি তেওঁ এনেকুৱা আচৰণ কৰিছে আৰু এনেকুৱা কথা কৈ আহিছে, যেন তেওঁ অসম কংগ্রেছৰ অপ্রতিদ্বন্দ্বী সর্বেসর্বা অথবা ডিক্টেটৰ৷ তেওঁ অসম প্রদেশ কংগ্রেছৰ সভাপতি নহয়, প্রধান সম্পাদক নহয়, বিৰোধী দলৰ দলপতি নহয়, আনকি মুখপাত্রও নহয় তথাপি তেওঁ দলৰ আটাইকেইজন পদাধিকাৰীক সম্পূর্ণভাৱে অৱজ্ঞা আৰু অপমান কৰি ইখনৰ পিছত সিখন সাংবাদিক মেল পাতি দলটোৰ সম্পর্কে বিভিন্ন মতামত ব্যক্ত কৰি থাকে৷ তেওঁৰ কথা শুনি মানুহৰ মনত এনে এটা ধাৰণা হ’ব পাৰে বা হয় যে তেৱেঁই যেন অসম প্রদেশ কংগ্রেছৰ একমাত্র নেতা বা মুখপাত্র৷ ফ্রান্সৰ সম্রাট চতুর্দশ লুইয়ে সদম্ভে ঘোষণা কৰিছিল–I am the State, ময়েই ৰাষ্ট্র৷ তৰুণ গগৈয়ে হুবহু এইকেইটা শব্দৰে নক’লেও পাকে–প্রকাৰে সকলোকে জনাই থাকে যে তেৱেঁই প্রদেশ কংগ্রেছ৷ আৰম্ভণিতে দিয়া উদাহৰণটোকে বিচাৰ কৰি চাওক৷ আগন্তুক নির্বাচনত কংগ্রেছে কাৰ লগত নির্বাচনী মিত্রতা কৰিব সেইটো এটা অতি গুৰুত্বপূর্ণ বিষয়৷ সেই প্রশ্ণটো দলৰ মজিয়াত খৰচি মাৰি আলোচনা কৰিব লাগিব৷ সি হ’ব লাগিব আনুষ্ঠানিকভাৱে ঘোষিত দলীয় সিদ্ধান্ত৷ কিন্তু দলৰ লগত আলোচনা নকৰাকৈয়ে তৰুণ গগৈয়ে ঘোষণা কৰি দিলে যে এতিয়াও যিটো নতুন দলৰ জন্ম হোৱাই নাই সেই দলটোৰ লগত কংগ্রেছে নির্বাচনী মিত্রতা কৰিব নতুন দলটোৰ আদর্শ কি হ’ব, কার্যসূচী কি হ’ব, দলটোৰ বিষয়ববীয়া কোন কোন হ’ব– এইবোৰ গুৰুত্বপূর্ণ কথালৈ বাট চোৱাৰ কোনো প্রয়োজনেই অনুভৱ নকৰিলে তৰুণ গগৈয়ে৷ তেওঁৰ ঘোষণাৰ পৰা মানুহৰ মনত এনে এটা ধাৰণা হ’ল যে ক্ষমতা দখলৰ প্রয়োজনত তৰুণ গগৈৰ কংগ্রেছে চয়তানৰ লগত হাত মিলাবলৈকো কুণ্ঠিত নহ’ব৷
একে আষাৰে ক’বলৈ গ’লে অসমৰ কংগ্রেছ দল চৰম অনুশাসনহীনতাৰ দ্বাৰা আক্রান্ত হৈছে নেতাকেইজনৰ ভিতৰত কোনেও কাকো নমনা হৈছে৷ দলটোক পৰিণত কৰা হৈছেTower of babelত৷ তৰুণ গগৈৰ বাহিৰে দলটোত এনেকুৱা আন কোনো এজন নেতাৰ উত্থান ঘটা নাই, যিজনৰ নেতৃত্বত দলটোৱে মাত্র এবছৰৰ পিছতে অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনৰ কাৰণে নিজকে প্রস্তুত কৰিব পাৰে৷ বর্ষীয়ান আৰু প্রবীণ কংগ্রেছ নেতা তৰুণ গগৈ অসমৰ সকলো কংগ্রেছীৰ সন্মানৰ পাত্র, তদুপৰি তেওঁক সৰু–বৰ সকলো কংগ্রেছীয়েই বিশেষভাৱে সমীহ কৰে৷ আগন্তুক নির্বাচন যুদ্ধৰ কাৰণে দলটোক সাজু কৰি তুলিবলৈ যিখিনি যোগ্যতা, অভিজ্ঞতা আৰু ব্যক্তিত্বৰ প্রয়োজন, সেই সকলোখিনি আছে কেৱল তৰুণ গগৈৰ৷ কিন্তু কংগ্রেছত নিজৰ প্রাসংগিকতা প্রমাণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আৰু নিজৰ ৰাজনৈতিক লোভ দমন কৰিবলৈ একো চেষ্টা নকৰি তেওঁ দলটোৰ অপূৰণীয় ক্ষতি কৰিছে৷ নির্বাচনলৈ মাত্র এবছৰ সময় থকা অৱস্থাতো যদি অসম কংগ্রেছে যুদ্ধৰ কাৰণে নিজকে সাজু কৰিবলৈ অতি সোনকালে একো চেষ্টা আৰম্ভ নকৰে আৰু তৰুণ গগৈয়েও যদি দলৰ স্বার্থতকৈ নিজৰ স্বার্থক অগ্রাধিকাৰ দি থাকে, তেন্তে চৰম সর্বনাশৰ কাৰণে দলটো এতিয়াৰ পৰাই সাজু হৈ থাকিব লাগিব৷ অসমত কংগ্রেছৰ প্রতি গভীৰ আদর্শগত আনুগত্য পোষণ কৰি থকা মানুহৰ সংখ্যা এতিয়াও খুব কম নহয়৷ কিন্তু তৰুণ গগৈয়ে আৰু অন্যান্য কংগ্রেছী নেতাসকলে এতিয়ালৈকে যিবোৰ কথা কৈছে সেইবোৰৰ প্রত্যেকটো শব্দই এই মানুহবোৰক হতাশ কৰাৰ বাহিৰে আন একো কৰিব পৰা নাই৷

You might also like