অসমত কঠোৰভাৱে পালন কৰা হ’ব বিমানযাত্রীৰ কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ২৫ মেঃকেন্দ্রীয় চৰকাৰে ইতিমধ্যে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি দেশত কাইলৈৰ পৰা ঘৰুৱা বিমানসেৱা আৰম্ভ হ’ব৷ কাইলৈ গুৱাহাটীত অৱতৰণ কৰিব ৩২খনকৈ বিমান৷ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে আহিব লগা ৩২খন বিমানৰ যাত্রীক লৈ স্বাস্থ্য বিভাগত আৰম্ভ হৈছে বিশেষ তৎপৰতা৷ ইতিমধ্যে বাছ আৰু ৰে’লযোগে ৰাজ্যলৈ উভতি অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা তথা কোৱাৰেণ্টাইনৰ ব্যৱস্থা ক্ষিপ্র কৰি তোলাৰ সময়তে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া যাত্রীসকলৰ ক্ষেত্রত কি পদক্ষেপ গ্রহণ কৰিব, তাক লৈ আৰম্ভ হৈছে যুদ্ধকালীন প্রস্তুতি৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমলৈ অহা এই বিমানযাত্রীসকলৰ কোৱাৰেণ্টাইন ব্যৱস্থা কঠোৰ হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে কয়– বিমানেৰে অহা সকলো লোক কোৱাৰেণ্টাইন হ’ব লাগিব৷ ইয়াৰ বাবে এহাজাৰখন হোটেল আৰু স্কুল, কলেজ, চৰকাৰী ভৱন সাজু কৰি ৰখা হৈছে৷ অৱশ্যে ৩২খন বিমান আহিব নে ২০খন বিমান আহিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে প্রতিখন বিমান যাত্রীৰে ভর্তি কৰি প্রেৰণ কৰিলে একোখন বিমানে কঢ়িয়াই আনিব ১৮০জন যাত্রী৷ এনে অৱস্থাত কালি যদি ৩২খন বিমান আহে, তেনেহ’লে উত্তৰ–পূবলৈ প্রায় ৫ হাজাৰ যাত্রী আহিব৷ ইয়াৰে ২,০০০ যাত্রী অসমত ৰৈ যোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে এই যাত্রীসকলক কোৱাৰেণ্টাইন আৰু স্বাস্থ্য পৰীক্ষাৰ বিষয়টো যথেষ্ট জটিল হ’ব৷
কার্যতঃ কাইলৈৰ দিনটো স্বাস্থ্য বিভাগৰ বাবে হ’ব যথেষ্ট প্রত্যাহ্বানমূলক৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয়– প্রতিজন যাত্রীৰ স্ক্রীনিং টেষ্ট তথা অন্যান্য বিষয়বোৰ সামৰিবলৈ অতি কমেও ২০ মিনিটৰ প্রয়োজন হ’ব৷ ২৪ ঘণ্টাত ১০টা কাউণ্টাৰ কৰিলেও এই কাউণ্টাৰৰ জৰিয়তে ১,৫০০ বিমানযাত্রীকহে পৰীক্ষা কৰিব পৰা হ’ব৷ সেয়েহে মই বিনম্রতাৰে আহিব লগা বিমানযাত্রীসকলক জনাওঁ যে পৰীক্ষাৰ বাবে যথেষ্ট সময় থিয় দিব লাগিব, বৰষুণো পৰিব৷ তাৰ বাবে সাজু হৈ আহক৷ তেওঁ পুনৰ কয়– বিমানসেৱা আৰম্ভ হোৱা হেতু অহাকেইদিনত পুনৰ বিমান চলিব৷ গতিকে লাহে–ধীৰে অসমলৈ আহিলে পৰীক্ষা তথা কোৱাৰেণ্টাইনৰ ব্যৱস্থা কিছু সুচল হ’ব৷ গুৱাহাটীত থাকিব লগা লোকসকলৰ বাবে এতিয়া মাত্র হোটেলৰ ৮০০খন বিছনাহে খালী আছে৷ এই হোটেলসমূহত মহিলাকহে প্রাধান্য দিয়া হ’ব৷
গতিকে আনসকলে স্কুল, কলেজ অথবা চৰকাৰী ভৱনত কোৱাৰেণ্টাইন হ’ব লাগিব৷ মন্ত্রীগৰাকীয়ে আহিব লগা বিমানযাত্রীসকলক কোৱাৰেণ্টাইন হ’ব লাগিব বুলি স্পষ্ট কৰি দিয়াৰ বিপৰীতে কিন্তু এয়াৰপ’টৰ লগত জড়িত কর্মচাৰী আৰু পাইলটসকল কোৱাৰেণ্টাইন হ’ব নালাগে বুলি জানিবলৈ দিয়ে৷ এই সন্দর্ভত তেওঁ কয়– পাইলটৰ লগতে বিমান উৰণৰ লগত জড়িত থকা কর্মৰত লোকসকলে এই সময়ছোৱাত কোৱাৰেণ্টাইন হ’ব নালাগে৷ একেদৰে পুৱাৰ ভাগত গুৱাহাটীলৈ আহি পুনৰ দিল্লীলৈ ঘূৰি যোৱা লোকসকলকো ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ প্রয়োজন নাই৷ অৱশ্যে তেওঁলোকে যে ঘূৰি যাব, সেয়া আগতীয়াকৈ অসম চৰকাৰক অৱগত কৰিব৷
কোনো লোকে ঘূৰি নগ’লে স্বাস্থ্য বিভাগে তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিব৷ আনহাতে, চৰকাৰী কার্যসূচীত অহা লোকসকলকো কোৱাৰেণ্টাইনৰ প্রয়োজন নাই যদিও এই লোকসকল যি বিভাগৰ কামৰ বাবে আহিছে, সেই বিভাগে লোকসকলক আইছ’লেচনত ৰাখিব লাগিব৷ ইয়াৰ উপৰি কোনো ব্যক্তিয়ে তেওঁৰ পিতৃ–মাতৃ চিকিৎসাধীন হৈ আছে, মৃত্যু হৈছে অথবা অতি ওচৰৰ সম্পর্কীয় লোক চিকিৎসাধীন–মৃত্যু হৈছে, তাৰ খবৰ কৰিবলৈ আহিলে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ প্রয়োজন নহ’ব যদিও হোম কোৱাৰেণ্টাইন হ’ব লাগিব৷ ৭৫ বছৰৰ ঊর্ধ্বৰ, গর্ভৱতী মহিলা, দিব্যাংগ আৰু ১০ বছৰৰ তলৰ শিশু, পিতৃ–মাতৃৰ বাবে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ প্রয়োজন নাই যদিও তেওঁলোক হোম কোৱাৰেণ্টাইন হ’ব লাগিব৷
আনহাতে, বিদেশৰ পৰা আহি যদি নতুন দিল্লীত ১৪ দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰিছে, সেই লোকসকল হোম কোৱাৰেণ্টাইনত থাকিলেই হ’ব৷ ৭২ ঘণ্টাৰ ভিতৰত যদি কোনো লোকে আৰ টি পি চি আৰ টেষ্ট কৰি ফলাফল নিগেটিভ পাইছে, সেই ফলাফলৰ তথ্য দাখিল কৰিলে হোম কোৱাৰেণ্টাইনত থাকিব পাৰিব৷ গুৱাহাটীত ৰেডিছন ব্লু, নভ’টেল আৰু তাজ ভিভাণ্টা হোটেলত থাকিলে নিজা ব্যয়ত থাকিব পাৰিব৷ আনহাতে, আন হোটেলত চৰকাৰে ব্যয় বহন কৰিব৷