নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৩ জনলৈ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৩ গৰাকীলৈ । বুধবাৰে দুপৰীয়া ৪ গৰাকীৰ শৰীৰত ধৰা পৰাৰ পাচতেই সন্ধিয়ালৈ আন ৮ গৰাকীৰ শৰীৰতো ধৰা পৰে ক’ভিড – ১৯ । বৰ্তমানলৈকে মুঠ ১৩ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে অসমত ।

উল্লেখ্য যে, বুধবাৰে এক সংবাদমেলৰ জৰিয়তে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ সমাৱেশলৈ যোৱা চাৰিগৰাকী লোকৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱাৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইফালে, মঙলবাৰে পোহৰলৈ অহা অসমৰ প্ৰথমজন ক’ৰোনা আক্ৰান্ত লোকো দিল্লীৰ সমাৱেশৰ পৰা অহা বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

শেহতীয়াভাৱে যি ৮ জনৰ শৰীৰত ক’ভিড -১৯ পোৱা গৈছে আটাইকেইজনে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ সমাৱেশৰ পৰা অহা বুলি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

বৰ্তমানেও দিল্লীতে থকা আন চাৰিজন অসমৰ লোকৰ শৰীৰতো ক’ৰোনা পজিটিভ পোৱা বুলি উল্লেখ স্বাস্থ্যমন্ত্ৰীৰ ।

You might also like