নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত তিনি প্রকাৰৰ মুছলমান আছেঃ ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৩ মে’: অসমত মুছলমান তিনি প্রকাৰৰ৷ এটা হৈছে খিলঞ্জীয়া মুছলমান৷ এওঁলোক আমাৰ নিজৰ মানুহ৷ দ্বিতীয় প্রকাৰৰ হৈছে ধর্মান্তৰিত মুছলমান৷ সেইসকল দেশী মুছলমান৷ তেওঁলোকৰ ঘৰৰ সন্মুখত আজিও তুলসী পুলি আছে৷ তৃতীয় প্রকাৰ হৈছে অনুপ্রৱেশকাৰী৷ তেওঁলোকে নিজকে মিঞা বুলি ভাবে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

দেওবাৰে নতুন দিল্লীত মিডিয়া মহামন্থন কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসমৰ ১২খন জিলা মিঞা মুছলমানৰ দখলত আছে৷ যিসকল মুছলমানে মাদ্রাছাৰ বিৰুদ্ধে কয়, ইউনিফর্ম চিভিল ক’ডৰ বিৰুদ্ধে কয়, তেওঁলোকহে প্রকৃত ভাৰতীয়৷ মোগলক অসমে ১৭বাৰ বাধা দিলে, পাছত কংগ্রেছেহে মোগলক আনিলে৷ কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ কংগ্রেছত ২২ বছৰ আছিল৷ তাত গান্ধী পৰিয়ালৰ বাহিৰে আন একো নাই৷ কংগ্রেছত দেশ মানেই গান্ধী৷ কিন্তু বিজেপিত সম্পূর্ণ ওলোটা৷ বিজেপিত দলতকৈও দেশ ওপৰত৷ কংগ্রেছ নেতা ৰাহুল গান্ধীকো তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধীয়ে এতিয়া যি কৈ আছে, তেওঁৰ কথাৰ সৈতে আলফাৰ কথাৰ কোনো ব্যতিক্রম নাই৷ পৰেশ বৰুৱায়ো ভাৰতক দেশ বুলি নাভাবে আৰু ৰাহুল গান্ধীয়েও নাভাবে৷ কেৱল ৰাহুল গান্ধীয়ে ইংৰাজীত কয় আৰু আলফাই অসমীয়াত কয়৷ বাঁওপন্থীৰো দোকান লাহে লাহে বন্ধ হৈ আহিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে অসমক আগন্তুক ৫ বছৰত ভাৰতৰ শ্রেষ্ঠ ৫ ৰাজ্যৰ ভিতৰত এখন কৰাৰ বাবে কাম কৰি থকাৰ কথা উল্লেখ কৰে৷ অবৈধ দখলৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ স্থিতিৰ বিৰুদ্ধে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়ালৈ কিমান বুলডজাৰ চলিল, কিমান হাতী চলিল তাৰ হিচাপ নাই৷ আমাৰ লক্ষ্য হৈছে অবৈধ দখল উচ্ছেদ হ’ব লাগে৷

You might also like