নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত তৃতীয়জন ক’ৰোনাত আক্ৰান্তৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৮ মেঃ  অসমত ক’ৰোনাত আক্ৰান্ত হৈ তৃতীয়জন লোকৰ মৃত্যু হৈছে। আজি পুৱা ১১.০৫ত ৭১ বছৰীয়া গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰ নামৰ লোকজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়।  যোৱা সপ্তাহত বাছযোগে মুম্বাইৰ পৰা উভতি আহিছিল ৭১ বছৰীয়া মালাকাৰ। আৰু মুম্বাইৰ পৰা উভতি আহি গুৱাহাটীত কোভিড ১৯ ত আক্ৰান্ত হৈছিল মালাকাৰ।  কোৱাৰেণ্টাইনত থাকোতেই মালাকাৰৰ দেহক ধৰা পৰিছিল ক’ৰোনা। লগতে  কৰ্কট ৰোগতো আক্ৰান্ত আছিল মৃত মালাকাৰ ।  অসমত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে। মালাকৰৰ মৃত্যুত টুইট যোগে দুখ প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like