নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত দুটা পর্যায়ত হ’ব লোকপিয়ল

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অসমত ২০২১ চনৰ লোকপিয়ল দুটা পর্যায়ত সম্পন্ন হ’ব৷ প্রথম পর্যায়ত গৃহ তালিকা আৰু গৃহ পিয়লৰ কাম হ’ব অহা ২০ এপ্রিলৰ পৰা ২০ মে’লৈ৷ সেইদৰে দ্বিতীয় পর্যায়ত অহা ২০২১ বর্ষৰ ৯ ফেব্রুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীৰ ভিতৰত জনসংখ্যা গণনা সম্পন্ন হ’ব৷ উল্লেখ্য যে ‘ভাৰতৰ লোকপিয়ল–২০২১’ সন্দর্ভত সোমবাৰে অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন ৰাজ্যিক পর্যায়ৰ সন্মিলন অনুষ্ঠিত হয়৷ সন্মিলনখনত অধ্যক্ষতা কৰে ৰাজ্য চৰকাৰৰ মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ নিজ ভাষণত মুখ্য সচিব কুমাৰ কৃষ্ণই কয় যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ বিভিন্ন ধৰণৰ বিষয় উত্থাপন হৈ থকাৰ সময়তে ২০২১ চনৰ লোকপিয়ল অসমৰ বাবে অতি গুৰুত্বপূর্ণ বিষয়৷ নব্বৈৰ দশকত শোণিতপুৰৰ উপায়ুক্ত হৈ থকাৰ সময়ত লোকপিয়ল সফলতাৰে সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনে লাভ কৰা স্বীকৃতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে সকলো উপায়ুক্তৰ বাবে লোকপিয়লৰ সৈতে জড়িত হোৱাৰ সুযোগ নাহে আৰু সেয়েহে ইয়াৰ সদ্ব্যৱহাৰ কৰাটো নিতান্তই আৱশ্যক৷ লোকপিয়লৰ তথ্য সংগ্রহৰ বাবে যোৱা ব্যক্তিসকলে ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে কোনো ব্যক্তি বা পৰিয়ালকে যাতে হাৰাশাস্তি নকৰে আৰু সংবাদ মাধ্যমতো ভুল তথ্য যাতে প্রচাৰ নহয় তাৰ বাবে জিলা উপায়ুক্তসকল বিশেষভাৱে সতর্ক হোৱা আৱশ্যক বুলি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই উল্লেখ কৰে৷ ৰাজ্যিক পর্যায়ৰ সন্মিলনখনত উপস্থিত থাকি কেন্দ্রীয় চৰকাৰৰ লোকপিয়লৰ উপ–মহাপঞ্জীয়ক এ কে ছামালে লোকপিয়লৰ প্রয়োজনীয়তা সম্পর্কত বক্তব্য দাঙি ধৰে৷ লোকপিয়লৰ তাৎপর্য পৰিৱর্তিত নতুন ৰূপ আৰু সংযোজিত আহিলা আৰু প্রক্রিয়া সম্পর্কে তেওঁ বিস্তৃতভাৱে আলোকপাত কৰে৷ সন্মিলনত সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু, ৰাজ্যিক লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক নাৰায়ণ কোঁৱৰ, মাণ্ডলিক আয়ুক্তসকল, বিভিন্ন জিলাৰ উপায়ুক্তসকল, সাধাৰণ প্রশাসন বিভাগ, গুৱাহাটী পৌৰ নিগম, পৌৰ প্রশাসন বিভাগ আৰু লোকপিয়ল অভিযানৰ বিষয়াসকল উপস্থিত থাকে৷

You might also like