অসমত নতুনকৈ ৪ জনৰ দেহত COVID-19 পজিটিভ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে । শুকুৰবাৰে পুনৰ ৰাজ্যত নতুনকৈ ৪ জনৰ দেহত COVID-19 পজিটিভ পোৱা যায় ।
ইপিনে নতুনকৈ আক্ৰান্ত লোককেইজনো দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি জানিব পৰা গৈছে । আজি নতুনকৈ আক্ৰান্ত ৪ জনৰ ভিতৰত ৩ জন হৈছে নলবাৰীৰ আৰু ১ জন দক্ষিণ শালমৰাৰ । এই তথ্য প্ৰকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
Alert ~ Four more patients have been found #Covid_19 positive. Three of these are from Nalbari, and one is from South Salmara, taking total no in Assam to 20.
All these 4 people are also associated with #NizamuddinMarkaz event.
Update at 5 pm / April 3
— Himanta Biswa Sarma (@himantabiswa) April 3, 2020