অসমত প্রহসনত পৰিণত ‘সকলোৰে বাবে ঘৰ’ শ্লোগান; এইপর্যন্ত পূর্ণ হৈছে নির্ধাৰিত লক্ষ্যৰ ২৮.৫ শতাংশ
- ২০২৪ চনৰ ভিতৰত লক্ষ্য ২০,৮৪,০৭০টা গৃহ নির্মাণৰ লক্ষ্য
- মোদী চৰকাৰৰ কার্যকালত এইপর্যন্ত নির্মাণ মাথোঁ ৫,৯৫,৮৬৯টা গৃহহে
- এইপর্যন্ত পূর্ণ হৈছে নির্ধাৰিত লক্ষ্যৰ ২৮.৫ শতাংশ
- অহা ডেৰ বছৰত লক্ষ্য পূৰণৰ বাবে নির্মাণ কৰিব লাগিব ১৪,৮৮,২০১টা (৭১.৫ শতাংশ) গৃহ
- কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রীৰ তথ্য
নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: ৭৫ বছৰীয়া স্বাধীন ভাৰতত অতি ধুমধামেৰে পালন কৰি থকা হৈছে ‘আজাদী কা অমৃত মহোৎসৱ’৷ স্বাধীনতাৰ ৭৫ বছৰ পাছত প্রতি পৰিয়ালৰ এটাকৈ নিজা ঘৰ থকাৰ নিশ্চিতিৰে সাক্ষী হৈ ৰ’ব স্বাধীনতাৰ গৌৰৱোজ্জ্বল মুহূর্তৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰেও বিচাৰিছিল ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি গৃহহীন প্রতিজন দেশবাসীয়ে লাভ কৰক একোটাকৈ নিজা ঘৰ৷ স্বয়ং প্রধানমন্ত্রীয়ে ২০১৬ চনত ঘোষণা কৰিছিল ‘সকলোৰ বাবে ঘৰ’ৰ শ্লোগান৷ কিন্তু অসমত সম্পূর্ণ প্রহসনত পৰিণত হৈছে ‘সকলোৰ বাবে ঘৰ’ৰ শ্লোগান৷ সংসদৰ সদ্যসমাপ্ত বর্ষাকালীন অধিৱেশনৰ কালছোৱাত কেন্দ্রীয় গ্রামান্নোয়ন মন্ত্রী গিৰিৰাজ সিঙে প্রদান কৰা এক বিবৃতিয়ে এহ বিষয়টো স্পষ্ট কৰি দিছে৷ মন কৰিবলগীয়া যে ২০১৬–১৭ চনৰ পৰা দেশৰ গ্রামাঞ্চলত প্রযোজ্য এহ শ্লোগানৰ আঁত ধৰি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রালয়ে আৰম্ভ কৰা ‘প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)’ৰ অধীনত নৰেন্দ্র মোদী চৰকাৰে অসমত ২০,৮৪,০৭০টা গৃহ নির্মাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছিল৷ ২০২৪ চনৰ মার্চ মাহৰ ভিতৰত উক্ত সংখ্যক গৃহ অসমত নির্মাণ কৰা হ’ব বুলি নিশ্চিত কৰা হৈছিল৷ কিন্তু যোৱা প্রায় চাৰে ৫ বছৰত কেন্দ্রৰ এহ অভিলাষী আঁচনিৰ অধীনত অসমত মাত্র ৫,৯৫,৮৬৯টা গৃহহে নির্মাণ কৰা সম্ভৱ হ’ল৷ অর্থাৎ ৭ বছৰৰ ভিতৰত ‘প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)’ৰ অধীনত নির্মাণ কৰিবলগীয়া গৃহৰ মাত্র ২৮.৫ শতাংশহে গৃহ নির্মাণ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে৷ এতিয়া কেন্দ্রহ বান্ধি দিয়া লক্ষ্যত ডপনীত হ’বলৈ অসমত অহা এবছৰ সাত মাহত বাকী থকা ১৪,৮৮,২০১টা (৭১.৫ শতাংশ) গৃহ নির্মাণ কৰিব লাগিব৷
চলিত মাহত লোকসভাৰ প্রশ্ণোত্তৰকালত গুৱাহাটীৰ সাংসদ কুইন ওজাই উত্থাপন কৰা এক প্রশ্ণই ৰাজ্যৰ ‘প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)’ৰ অধীনত হোৱা পুতৌজনক কাম–কাজৰ কথা উদঙাই দিয়ে৷ সাংসদ ওজাৰ প্রশ্ণৰ উত্তৰত বিভাগীয় মন্ত্রী গিৰিৰাজ সিঙে লগতে এয়াও জনাহছে যে কেন্দ্রীয় চৰকাৰে অসমৰ বাবে উক্ত আঁচনিত ২০,৮৪,০৭০টা গৃহ নির্মাণৰ লক্ষ্য বান্ধি দিছিল যদিও এতিয়ালৈকে অসম চৰকাৰে ৰাজ্যৰ গ্রামাঞ্চলত ১২,৯১,২১৭টা গৃহ নির্মাণৰ বাবে অনুমোদন জনাহছে৷ উক্ত সংখ্যক গৃহ নির্মাণৰ অনুমোদন জনোৱাৰ পাছতো লক্ষ্যত উপনীত হোৱাত ব্যর্থ হৈছে অসম৷ বাস্তৱত মাত্র ডেৰবছৰ সময় বাকী থকা অৱস্থাত নিজ লক্ষ্যৰ ৫০ শতাংশতো ডপনীত হ’ব পৰা নাহ অসম৷ কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙৰ বিবৃতি অনুসৰি যোৱা ২৭ জুলাহলৈকে অসমে নিজা লক্ষ্যৰ মাত্র ৪৬.১৫ শতাংশ গৃহ নির্মাণ কৰিবলৈহে সক্ষম হৈছে৷ আনহাতে, গুৱাহাটীৰ সাংসদ হিচাপে কুহন ওজাহ সোধা প্রশ্ণৰ ডত্তৰত মন্ত্রী সিঙে জনাইছে যে ‘প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)’ৰ অধীনত গুৱাহাটীকে ধৰি কামৰূপ (মেড্র’) জিলাৰ বাবে অসম চৰকাৰে অনুমোদন জনোৱা ৪,৮৮৪টা গৃহৰ ভিতৰত এতিয়ালৈকে মাত্র ২,৬২৪টা গৃহহে নির্মাণ কৰা হৈছে৷ অর্থাৎ ৰাজধানী মহানগৰত লক্ষ্যত ডপনীত হ’বলৈ এতিয়াও ৪৬ শতাংশ গৃহ নির্মাণ কৰিবলৈ বাকী আছে৷
মন কৰিবলগীয়া যে বিভাগীয় মন্ত্রীজনে প্রকাশ কৰা মতে ‘সকলোৰ বাবে গৃহ’ শ্লোগানৰ আঁত ধৰি কেন্দ্রীয় গ্রামান্নোয়ন মন্ত্রালয়ে ‘প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)’ৰ অধীনত সমগ্র দেশত ২.৯৫ কোটি পকী ঘৰ নির্মাণৰ লক্ষ্য নির্ধাৰণ কৰিছিল৷ পিছে ২০১১ চনত হোৱা আর্থ–সামাজিক জাতি গণনাৰ ভিত্তিত এহ আঁচনিৰ জৰিয়তে সমগ্র দেশৰ হিতাধিকাৰীৰ সংখ্যা ২.১৫ কোটিলৈ হ্রাস হোৱা বুলি মন্ত্রী গিৰিৰাজ সিঙে সদনক অৱগত কৰে৷