অসমত প্রয়োজন শক্তিশালী অর্থনৈতিক বিপ্লৱৰঃ বিধায়ক পদ্ম
তেজপুৰত ‘প্রয়াস’ৰ ষষ্ঠ বার্ষিক প্রতিষ্ঠা দিৱসত কাবুল শর্মাসহ ছয় আদর্শ কৃষকক সম্বর্ধনা
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ অসমত বর্তমানে এক শক্তিশালী অর্থনৈতিক বিপ্লৱৰ প্রয়োজন হৈছে৷ এই অর্থনৈতিক বিপ্লৱৰ কাৰণে এতিয়া আমি একত্রিত হৈ অসমৰ ভূমি সুৰক্ষাৰ বাবে সংকল্প ল’ব লাগিব৷ দেওবাৰে তেজপুৰত মন্তব্য কৰে ইতিমধ্যে কর্ম সংসৃকতিৰে এক দৃষ্টান্ত দেখুৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ ডল্লেখ্য যে কর্ম সংসৃকতিকে মূল লক্ষ্য হিচাপে লৈ গঠন হোৱা তেজপুৰৰ সামাজিক–সাংসৃকতিক অনুষ্ঠান ‘প্রয়াস’ৰ ষষ্ঠ বার্ষিক প্রতিষ্ঠা দিৱস ডপলক্ষে নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে আয়োজন কৰা ‘এক প্রয়াস–জাগৃতি’ শীর্ষক অনুষ্ঠানত তেজপুৰৰ আদর্শ কৃষক কাবুল শর্মাকে ধৰি স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰা ছয়গৰাকী লোকক সম্বর্ধনা জনাই বিধায়ক হাজৰিকাই ভাষণত কয়– কর্ম সংসৃকতিৰ জৰিয়তেহে অসমীয়া জাতিক সুৰক্ষিত কৰিব পৰা যাব৷ জাতিটোৰ কাৰণে বা অসমীয়া ল’ৰাখিনিৰ কাৰণে কিবা এটা কৰাৰ প্রবল হাবিয়াস ছাত্র আন্দোলনত জডিত হোৱাৰ পৰাই থকাত ৰাজনৈতিক ক্ষেত্রত জড়িত হোৱাৰ পিছতো সেই হেঁপাহ দূৰ কৰিবলৈ কিঞ্চিৎ প্রয়াস কৰিছেছা৷ সেয়েহে তেজপুৰৰ সামাজিক–সাংসৃকতিক অনুষ্ঠান ‘প্রয়াস’ৰ এনে প্রয়াসৰ বাবে মই যথেষ্ট সুখী৷ চতিয়া সমষ্টিৰ ভূমি সুৰক্ষাৰ বাবে মই যেনেদৰে সংগ্রাম অব্যাহত ৰাখিছেছা একেদৰে জিলাখনৰ ভূমি সুৰক্ষাৰ বাবেও এতিয়া পদক্ষেপ গ্রহণ কৰাৰ সময় আহি পৰিছে৷ এতিয়া আন কোনো অপশক্তিৰ বাবে তেজপুৰখনো চৰণীয়া পথাৰ হ’ব নোৱাৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে৷ প্রসংগক্রমে বিধায়ক হাজৰিকাই চৰ–চাপৰিবোৰত অসমীয়া খিলঞ্জীয়া লোকৰ বাবে প্রচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি এই সম্ভাৱনাক হাতে–কামে সাকাৰ ৰূপ দিবলৈ এতিয়া সকলো দল–মত নির্বিশেষে আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে৷ অসমীয়া যুৱকে আজিও বহিঃৰাজ্যত ছিকিডৰিটী গার্ড হিচাপে কাম কৰিবলৈ লাজ নাপায় কিন্তু নিজৰ ভূমিত খেতি কৰিবলৈ লাজ পোৱাৰ যি মানসিকতা সেয়া দূৰ কৰিবই লাগিব বুলি উল্লেখ কৰি কাম কৰিবলৈ সকলোকে লাজ নোপোৱা কৰিবই লাগিব বুলি তেওঁ মন্তব্য কৰে৷ ইয়াৰ বাবে আমি কৃষকক ডপযুক্ত মর্যাদা দিবৰ কাৰণে সাজু থাকিব লাগিব আৰু কৃষকৰ সর্বতো প্রকাৰৰ কল্যাণৰ বাবে সকলো আগবাঢ়ি অহা ডচিত বুলি তেওঁ মন্তব্য কৰে৷ এই প্রসংগতে নিজে সমবায় ভিত্তিত প্রায় ১৯শ বিঘা মাটিক কেন্দ্র কৰি গঢ়ি তোলা ‘কন্যকা’ নামৰ কৃষিপামৰ ডদাহৰণ দাঙি ধৰি বিধায়ক হাজৰিকাই শেহতীয়াকৈ নিজৰ সমষ্টিত ২০টাকৈ আত্মসহায়ক গোট গঠন কৰি প্রায় চাৰিশ নিবনুৱা যুৱকক স্বাৱলম্বী কৰিবলৈ বিভিন্ন আঁচনিৰে পদক্ষেপ গ্রহণ কৰাৰ কথা সদৰী কৰে৷ মাটি সুৰক্ষিত কৰি ৰাখিবৰ বাবে আমি সংগঠিত হ’বই লাগিব বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে জনসাধাৰণ এইক্ষেত্রত সজাগ সচেতন হৈ সংগঠিত ৰূপত আগবাঢ়িলেহে শোণিতপুৰ জিলাখনো আগ্রাসনৰ পৰা সুৰক্ষিত হ’ব আৰু তেতিয়াহে ভূপেন ডেকাৰ লগতে অন্যান্য জাতীয় শ্বহীদসকলৰ আত্মাই শান্তি পাব৷ মাদ্রাজী গামোচা ডিঙিত লৈ জাতীয় প্রেম প্রদর্শন কৰাৰ ব্যৱস্থা নাইকিয়া কৰিবৰ কাৰণে গ্রামাঞ্চলৰ যুৱতীসকলক একত্রিত কৰি পাৰদর্শী শিপিনী ৰূপে গঢ়ি তুলিব লাগিব৷ এই প্রসংগত নিজৰ সমষ্টিত বর্তমানে ২ হাজাৰ শিপিনীক জডিত কৰি থলুৱা গামোচা প্রস্তুত কৰাৰ নিদর্শন দাঙি ধৰা হৈছে বুলি মন্তব্য কৰে৷ অকল কৃষি ক্ষেত্রতে নহয় সর্বসাধাৰণৰ বাবে প্রয়োজন হোৱা সকলো খাদ্য সামগ্রীৰ ক্ষেত্রতো বহিঃৰাজ্যৰ যি আগ্রাসন তাক ৰোধ কৰাৰ অর্থে মৎস্য পালন, হাহ–কুকুৰা পালন, পশুধন ডৎপাদনত গুৰুত্ব দিয়াই নহয় আনে যাতে মাছৰ পোনাৰ বেপাৰো কৰিব নোৱাৰে তাৰ বাবে সম্প্রতি অত্যাধুনিক ৰূপত মাছৰ পোনা ডৎপাদন কৰা কেন্দ্রও প্রতিষ্ঠা কৰা হৈছে বুলিও জনায় বিধায়ক হাজৰিকাই৷ জিলাখনত ক্ষুদ্র চাহ বাগিচাৰে এতিয়া দহ হাজাৰ যুৱকে আত্ম সংস্থাপনৰ পথ প্রশস্ত কৰাৰ তথ্য সদৰী কৰি এই ক্ষুদ্র চাহ বাগিচাৰ পৰা ডৎপন্ন হোৱা চাহপাতেৰে কেনেকৈ নিজাকৈ চাহ তৈয়াৰ কৰিব পৰা যাব সেই কথা লক্ষ্য কৰিয়েই নিজে ডদ্যোগ প্রতিষ্ঠা কৰাৰ পিছত সেই ‘নামেৰী টী’ এতিয়া অসমৰ ভিতৰতে সর্বাধিক বিক্রী হোৱা চাহবুলি তেওঁ গৌৰৱেৰে জানিবলৈ দিয়ে৷ অসমীয়া ল’ৰা অর্থনৈতিকভাৱে সচ্ছল কৰাৰ সপোন কার্যকৰী কৰিবলৈ সংকল্প সকলোৱে গ্রহণ কৰিব লাগিব বুলিও কয় বিধায়ক হাজৰিকাই৷ ‘প্রয়াস’ৰ সভাপতি অচ্যুত শর্মাৰ সভাপতিত্বত শোণিতপুৰ প্রেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা আৰু প্রয়াসৰ সম্পাদক প্রীতম বৰাই আদৰণী ভাষণ দিয়া অনুষ্ঠানত ‘প্রয়াস’ৰ লক্ষ্য আৰু ডদ্দেশ্য সন্দর্ভত বিস্তৃতভাৱে আলোকপাত কৰে ডপদেষ্টা ডাঃ বীৰেন্দ্র কুমাৰ নাথে৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন আলোকচিত্র শিল্পী নলিনী বৰুৱা, বিশিষ্ট সমাজকর্মী অঞ্জলি কলিতা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মা, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্র কলিতা, ডপেন্দ্র নাথ শর্মা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত ডপাধ্যক্ষ ড০ গহন চন্দ্র মহন্তকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে বহু নিবনুৱা যুৱকে অংশগ্রহণ কৰা অনুষ্ঠানটিত মাজগাঁও পঞ্চায়তৰ সভানেত্রী সীমাৰেখা বৰুৱায়ো ভাষণ দিয়ে৷ আনহাতে এই অনুষ্ঠানতে ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম যোদ্ধা তথা বর্তমানৰ আদর্শ কৃষক আৰু পশুপালক কর্মশ্রী কাবুল শর্মাৰ লগতে তেজপুৰৰ নিকটৱর্তী দ–বেছেৰীয়া অঞ্চলত কৃষি কর্মেৰে সেডজ বিপ্লৱৰ সূচনা কৰা যুৱ কৃষক সঞ্জীৱ বৰা, হেমন্ত কুমাৰ নাথ, ভৱকান্ত দাস, ঘনশ্যাম নাথৰ লগতে এক সত্রীয়া সংসৃকতিৰ পৰিৱেশৰ মাজতো ডাঙৰ দীঘল হৈ মৎস্য পালন, পশুপালনৰ লগতে মাংস বিক্রীৰে আর্থিক স্বাৱলম্বিতাৰ পথ প্রশস্ত কৰা কেতেকীবাৰীৰ চিপহা সত্রৰ জিতুমণি মহন্তকো ‘প্রয়াস’ৰ হৈ মুখ্য অতিথি পদ্ম হাজৰিকাই গামোচা আৰু প্রশস্তি–পত্রেৰে বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰে৷ এই সম্বর্ধনা গ্রহণ কৰি আদর্শ কৃষক কাবুল শর্মাই ভাষণত প্রয়াসৰ এনে প্রচেষ্টাক শলাগ লৈ কয় অসমীয়া যুৱকসকল এতিয়া কর্ম–সংসৃকতিৰে ডদ্বুদ্ধ হ’ব লাগিব৷ ‘পৰৰ মূৰত খোৱা আৰু ভটিয়া নাৱত যোৱা’ মনোবৃত্তি আমাৰ যুৱকসকলে পৰিহাৰ কৰিলেহে কর্ম সংসৃকতি ৰক্ষা হ’ব আৰু অসমীয়া জাতিও সুৰক্ষিত হৈ ৰ’ব বুলি তেওঁ মন্তব্য কৰে৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা এক শিল্প প্রদর্শনী পুৱা আনুষ্ঠানিকভাৱে ডদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শর্মাই৷ অনুষ্ঠানটিতে এই শিল্প প্রদর্শনীত ভাগ লোৱা শিল্পী ক্রমে কুলেন বৰা, মাধুর্য বৰা, অজিত কোঁৱৰ, আত্মন গীতম প্রীয়হ আৰু হিয়া বৰুৱাকো অভিনন্দন–পত্র প্রদান কৰে মুখ্য অতিথি বিধায়ক হাজৰিকাই৷