নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত মেইতেই ভাষা প্রৱর্তনৰ দাবী মণিপুৰৰ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিয়োগ প্রক্রিয়া আৰু পৰীক্ষাত মণিপুৰী ভাষা অনুমোদনৰ আহ্বান জনালে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিংহই ৷ বুধবাৰে কাছাৰ জিলাৰ সোণাইৰ  লামাৰগ্রামত পেন মেইতেই কনভেনচন আৰু অসম মণিপুৰী প্রগ্রেছিভ ফ্রণ্টৰ ব্যৱস্থাপনাত ‘বিশ্ব মেইতেই সন্মিলন–২০২০’ শীর্ষক অনুষ্ঠানৰ মুখ্যমন্ত্রী বীৰেন সিংহই কয়– ‘অসমত সুদীর্ঘ বছৰ ধৰি মেইতেই মণিপুৰী লোকে বসবাস কৰি আহিছে ৷ এইসকল মেইতেই মণিপুৰী অসমৰ খিলঞ্জীয়া তথা আদি বাসিন্দা ৷ সেয়েহে পৰীক্ষাসমূহত বড়ো আৰু আন ভাষা ব্যৱহাৰ কৰাৰ দৰে মেইতেই মণিপুৰী ভাষাতো পৰীক্ষা গ্রহণৰ বাবে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক তেওঁ অনুৰোধ জনায় ৷ তেওঁ কয় যে মণিপুৰত বর্তমান শান্তি বিৰাজ কৰিছে ৷ কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷ সাংবাদিকৰ এটা প্রশ্নৰ উত্তৰত তেওঁ কয়– এন আৰ চি আৰু এনপিআৰ মেইতেই ক্ষেত্রত কেন্দ্রীয় চৰকাৰে যি সিদ্ধান্ত গ্রহণ কৰিব, উক্ত সিদ্ধান্তত তেওঁৰ কোনোধৰণৰ আপত্তি নাই বুলি কয় ৷ অসমত অসম চুক্তিৰ ছয় নং দফা কার্যকৰী হ’লে ইনাৰ লাইন পার্মিট ব্যৱস্থা কৰাৰ কোনো প্রয়োজন নাই বুলিও মত প্রকাশ কৰে তেওঁ ৷ উল্লেখ্য যে সোণাইৰ মণিপুৰী মেইতেই সম্প্রদায় অধ্যুষিত লামাৰগাঁৱত দুদিনীয়া কার্যসূচীৰে এই সন্মিলন আৰম্ভ হৈছে ৷ উক্ত সন্মিলনীত দেশ–বিদেশত থকা মণিপুৰী মেইতেই সম্প্রদায়ৰ লোকৰ সমাৱেশ হৈছে ৷

You might also like